অসম

assam

kMSS protest at Bongaigaon:বঙাইগাঁৱত ভূমিহীনক পট্টা প্ৰদানৰ দাবীত ধৰ্ণা

By

Published : Dec 12, 2022, 5:28 PM IST

বঙাইগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৫০০০ ভূমিহীন লোকক পট্টা প্ৰদানৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী (Protest at Bongaigaon)। মাটিৰ পট্টা নিদিলে জংগী আন্দোলন কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

kMSS protest at Bongaigaon
বঙাইগাঁৱত ভূমিহীনক পট্টা প্ৰদানৰ দাবীত ধৰ্ণা

বঙাইগাঁৱত ভূমিহীনক পট্টা প্ৰদানৰ দাবীত ধৰ্ণা

বঙাইগাঁও, ১২ ডিচেম্বৰ:বঙাইগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে ভূমিহীন সকলোকে মাটিৰ পাট্টা প্ৰদানৰ দাবীত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে (KMSS protest at Bongaigaon)। বৰপাৰাৰ পাহাৰতলীৰ পৰা চহৰৰ মাজেৰে সমদল কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীসকলে (Protest rally of KMSS at Bongaigaon) ৷

উল্লেখ্য় যে জিলাখনৰ ৫০০০ ভূমিহীন লোকক পট্টা প্ৰদানৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Protest for land patta at Bongaigaon) ৷ প্ৰতিবাদকাৰীসকলে কয় যে অসম চৰকাৰে যি আঁচনিৰ কথা ঢাক ঢোল বজাই আছে সেই বসুন্ধৰা ১ বা বসুন্ধৰা ২ আমি নাজানো (Mission Bashundhara)। তেওঁলোকক মাটিৰ পট্টা লাগিবই বুলি দাবী জনায় । প্ৰতিবাদকাৰীসকলে পুনৰ কয় যে বাবা ৰামদেৱক যদি পাঁচ হাজাৰ বিঘা মাটি দিব পাৰে যদিও আমাক কিয় মাটি দিব নোৱাৰে (Baba Ramdev)। আমাক মাটি লাগিবই । বঙাইগাঁও জিলাত পাঁচ হাজাৰ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰ আছে । এই সকলোক কিয় মাটিৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিছে বুলি তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে ।

বিদেশী বনিয়াক যদি মাটি দিব পাৰে এইসকল ভূমিহীনক কিয় দিব নোৱাৰে বুলি ক্ষোভ প্ৰকাশ কৰে । অতি সোনকালে মাটিৰ পট্টা নিদিলে জংগী আন্দোলন কৰিব বুলি চৰকাৰক সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে । পিছত প্ৰতিবাদী জনতাই জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক:Bhupendra Patel oath ceremony : আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত

ABOUT THE AUTHOR

...view details