ETV Bharat / bharat

Bhupendra Patel oath ceremony : আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত

author img

By

Published : Dec 12, 2022, 11:12 AM IST

Bhupendra Patel oath ceremony
আজি গুজৰাটত শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্ৰীয়ে ল’ব শপত

সোমবাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel)। পেটেলৰ লগতে একাংশ নতুন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোডীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, ৰাজনাথ সিং, নীতিন গাডকাৰী, মনসুখ মাণ্ডভিয়া, পুৰুষোত্তম ৰূপালাৰ দৰে প্ৰবীণ নেতাইও অংশগ্ৰহণ কৰিব ৷ উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো ৷

নিউজ ডেস্ক, 12 ডিচেম্বৰ : ২০২২ৰ গুজৰাট বিধানসভা নিৰ্বাচনত(Gujarat Election 2022) ভাৰতীয় জনতা পাৰ্টিয়ে ৰচনা কৰিলে ইতিহাস । সৰ্বোত্তম প্ৰদৰ্শন কৰি 182 খনৰ ভিতৰত 156 খন আসনতে জয়লাভ কৰিলে দলটোৱে । এই বিজয়ৰ পাছত সোমবাৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে (Gujarat CM Bhupendra Patel)। পেটেলৰ লগতে একাংশ নতুন মন্ত্ৰীয়েও শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে । কেবিনেটত অভিজ্ঞ মুখৰ লগতে নতুন মুখক সুযোগ দিয়াৰো সম্ভাৱনা আছে । ভূপেন্দ্ৰ পেটেলৰ শপত গ্ৰহণৰ অনুষ্ঠানক মেগা শ্ব’ হিচাপে গঢ়ি তুলিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে বিজেপিয়ে ।

ভূপেন্দ্ৰ পেটেলৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দেওবাৰে সন্ধিয়া আহমেদাবাদত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী (PM Narendra Modi at Gujarat oath ceremony)। ইয়াৰ উপৰিও এই কাৰ্যসূচীত গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব ৷

গান্ধীনগৰৰ নতুন সচিবালয়ৰ সমীপৰ হেলিপেড খেলপথাৰত দুপৰীয়া ২ বজাত ১৮ নং মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব ভূপেন্দ্ৰ পেটেলে । ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে তেওঁক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব ৷ ইয়াৰ পূৰ্বে ৮ ডিচেম্বৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে ভূপেন্দ্ৰ পেটেলে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাদ কৰাৰ লগতে আন কেবিনেট মন্ত্ৰীসকলেও পদত্যাগ কৰি নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আগবঢ়াইছিল ।

জানিব পৰা মতে ভূপেন্দ্ৰ পেটেলৰ লগতে একাংশ বিধায়কে মন্ত্ৰী হিচাবে শপত ল’ব সোমবাৰৰ শপতগ্ৰহণ অনুষ্ঠানত ৷ তাৰ ভিতৰত ঋষিকেশ পেটেল, কানুভাই দেশাই, ৰাঘৱজী পেটেল, কুঁৱৰজী বাৱলীয়া, মোলুভাই বেৰা, বলৱন্ত সিং ৰাজপুত, পুৰুষোত্তম সোলাংকি, মুকেশ পেটেল, ভানুবেন বাবাৰিয়া, বচু খবৰ, কুবেৰ দিদৰ, জগদীশ বিশ্বকৰ্মা, ভিখু পৰমাৰ, দেৱভাই পাঞ্জাভাই মালাম, প্ৰফুল্ল পাণছেৰিয়া, হৰ্ষ সংঘবীক অন্তৰ্ভুক্ত কৰা হৈছে ৷ অৱশ্যে হাৰ্দিক পেটেল আৰু আলপেশ ঠাকুৰে মন্ত্ৰী হিচাবে শপত গ্ৰহণ কৰিব নে নকৰে সেই কথা স্পষ্ট হোৱা নাই ৷

উল্লেখ্য যে, সোমবাৰে গুজৰাটত অনুষ্ঠিত হ’বলগীয়া শপতগ্ৰহণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোডীৰ উপৰিও গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, ৰাজনাথ সিং, নীতিন গাডকাৰী, মানসুখ মাণ্ডৱিয়া, পুৰুষোত্তম ৰূপালাৰ দৰে প্ৰবীণ নেতাইও অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি বিজেপি শাসিত ৰাজ্যসমূহৰ ১২ জনতকৈ অধিক মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

ইয়াৰ উপৰিও ৫ খন ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৭ গৰাকীতকৈও অধিক কেন্দ্ৰীয় মন্ত্ৰীয়েও পেটেলৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ উক্ত শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (Sarbananda Sonowal at Gujarat oath ceremony) উপৰিও ত্ৰিবেন্দ্ৰ সিং ৰাৱট, বাবুলাল মাৰাণ্ডী, কেশৱ প্ৰসাদ মৌৰ্য, জেনচুদেৱ মেৰ, প্ৰমোদ সাৱন্ত, প্ৰেম সিং তোমৰ উপস্থিত থাকিব । বিজেপিৰ তাৰকা প্ৰচাৰক তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকো আমন্ত্ৰণ জনোৱা হৈছে শপতগ্ৰহণ অনুষ্ঠানলৈ ৷

লগতে পঢ়ক : Assam govt to borrow Rs 800 crore again: উদং ৰাজ্য চৰকাৰৰ ৰাজকোষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.