অসম

assam

মাণিকপুৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

By

Published : Sep 27, 2021, 6:09 PM IST

কৃষি আইন বাতিলকে ধৰি কেইবাটাও দাবীৰে সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত । বঙাইগাঁও জিলাৰ মাণিকপুৰতো ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে । সোমবাৰে পুৱাৰে পৰা বন্ধ হৈ আছে মাণিকপুৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান ।

Impact of Bharat Band in Manikpur
মাণিকপুৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

বঙাইগাঁও, ২৭ ছেপ্টেম্বৰ: সোমবাৰে বঙাইগাঁও জিলাৰ মাণিকপুৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয় । সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি চি আই টি ইউ, নিখিল ভাৰত কৃষক সভাই সমৰ্থন আগবঢ়ায় । ১২ ঘন্টীয়া ভাৰত বন্ধৰ ফলত মাণিকপুৰত পুৱাৰে পৰা দোকান-পোহাৰ বন্ধ কৰি ৰাখে ব্যৱসায়ীসকলে । দিল্লীত অব্যাহত থকা কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বঙাইগাঁও জিলাৰ বিভিন্ন ঠাইৰ লগতে মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ, স্কুল, কলেজ, চৰকাৰী কাৰ্যালয় আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ ৰখাৰ দাবী জনাই বন্ধ সমৰ্থকসকলে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ।

বন্ধৰ ফলত বঙাইগাঁও মাণিকপুৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়-মহাবিদ্যালয় সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে । অৱশ্যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুই-এখন যানবাহন চলাচল কৰে । কৃষক বিৰোধী কৃষি আইন বাতিল কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা বাতিল কৰা, শ্ৰমিকৰ নূন্যতম মজুৰি মাহিলি ২১ হাজাৰ টকা ধাৰ্য কৰা, কৃষি উৎপাদিত সামগ্ৰীৰ নূন্যতম সহায়ক মূল্য নিশ্চিত কৰাৰ দাবী জনায় কৃষক ইউনিয়নে । বিদুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰো দাবী জনায় ।

নিখিল ভাৰত কৃষক সভাৰ বঙাইগাঁও জিলা আৰু চিৰাং জিলা সমিতিয়েও ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনায় আৰু ৰাইজকো বন্ধ সফল কৰি তুলিবলৈ আহ্বান জনায় । নিখিল ভাৰত কৃষক সভাই সোমবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে ।

লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাচত ব্যৱসায় ভাল হৈছে আজমলৰ : ভূপেন বৰা

ABOUT THE AUTHOR

...view details