অসম

assam

আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক আমছুৰ সাহাৰ্য বিতৰণ

By

Published : Jun 23, 2022, 12:27 PM IST

flood-relief-distribution-by-aamsu-at-manikpur-in-bongaigaon
আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক আমছুৰ বান সাহাৰ্য বিতৰণ

মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা ১৬০টা পৰিয়ালৰ মাজত আমছুৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ(Flood relief distribution by AAMSU at Manikpur) ।

মানিকপুৰ, 23 জুন :ক্ৰমাৎ অৱনতি ঘটিছে অসমৰ বান পৰিস্থিতি (Flood situation is remain same in Assam)। বানত ডুব গৈছে ইখনৰ পিছত সিখনকৈ গাঁৱৰ কৃষিভূমি (Cultivation destroy in Flood)। ইতিমধ্যে বানৰ কৱলত পৰি কেইবাজনো লোকে প্ৰাণ হেৰুওৱাবলগীয়া হৈছে (Many people died flood in Assam)৷

ইফালে, বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বাশবাৰীত আই নৈৰ ভয়াৱহ খহনীয়া অব্যাহত আছে(Aai river erosion at Bongaigaon) । খহনীয়াৰ ফলত প্ৰায় ৩ শতাধিক পৰিয়ালে গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে । খহনীয়াৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ কাষত বুধবাৰে থিয় দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটা সজাতি দল(Flood relief distribution by AAMSU at Manikpur) ৷ উক্ত স্থানত উপস্থিত হৈ বাশবাৰীত আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা ১৬০ টা পৰিয়ালৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে আমছুৱে ।

আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক আমছুৰ বান সাহাৰ্য বিতৰণ

ইতিমধ্যে খহনীয়াৰ ফলত প্ৰায় ৩ শতাধিক পৰিয়ালে গৃহহাৰা হৈ বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় বাস কৰিছে । সেয়ে খহনীয়াৰ ফলত গৃহহাৰা হোৱা এই লোকসকলৰ কাষত থিয় দিয়ে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ(AAMSU president Rejaul Karim Sarkar) । আমছুৰ সভাপতিৰ এনে মহানুভৱতাক লৈ সচেতন মহলে ভূয়সী প্ৰশংসা জনায় । ইফালে, বানত ক্ষতিগ্ৰস্ত লোকসকলক সাধ্যানুসাৰে সহায় কৰিবলৈ সকলোকে আহ্বান জনায় আমছুৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক :আই নৈৰ খহনীয়াত সৰ্বহাৰা হোৱা লোকক বান সাহাৰ্য বিতৰণ

ABOUT THE AUTHOR

...view details