ETV Bharat / state

ক’লৈ গ’ল 10 কোটি টকা ? ঠিকাদাৰে দিব পৰা নাই হিচাপ... - Chandika Devalaya corruption

author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 12:59 PM IST

Chandika Devalaya corruption: দুৰ্নীতিৰ পৰা ৰক্ষা নপৰিল ঐতিহাসিক মঠ মন্দিৰো ৷ দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত বেউলা লখিন্দৰৰ স্মৃতি বিজড়িত মেৰঘৰ আৰু চণ্ডিকা দেৱালয়ৰ নামত আৱণ্টিত ১০ কোটি টকা প্ৰকল্পৰ আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

Massive corruption of Rs 10 crore project scheme allocated in the name of Chandika Devalaya
ক’লৈ গ’ল 10 কোটি টকা ? ঠিকাদাৰে দিব পৰা নাই হিচাপ... (ETV BHARAT ASSAM)

ক’লৈ গ’ল 10 কোটি টকা ? ঠিকাদাৰে দিব পৰা নাই হিচাপ... (ETV BHARAT ASSAM)

মিৰ্জা, 15 মে’: ঐতিহ্যমণ্ডিত ছয়গাঁও চম্পকনগৰত অৱস্থিত তথা বেউলা লখিন্দৰৰ স্মৃতি বিজড়িত মেৰঘৰ আৰু চণ্ডিকা দেৱালয়ৰ নামত আৱণ্টিত ১০ কোটি টকাৰ প্ৰকল্পৰ কাম ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

আজি দুবছৰে মেৰঘৰ পৰিচালনা সমিতি আৰু চণ্ডিকা দেৱালয় পৰিচালনা সমিতিক প্ৰকল্পটোৰ বিষয়ে একো নজনাকৈ তথা দুয়োখন সমিতিক সম্পূৰ্ণ অন্ধকাৰত ৰাখি সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কাৰ্য চলাই আছে ৷

উল্লেখ্য যে, স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰচেষ্টাত ছয়গাঁৱৰ ইতিহাস প্ৰসিদ্ধ চান্দ সদাগৰৰ মেৰঘৰ আৰু চণ্ডিকা দেৱালয়ৰ উন্নয়নৰ নামত ১০ কোটি টকীয়া এক প্ৰকল্পৰ কাম দুবছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল ৷

অসম পৰ্যটন উন্নয়ন নিগমৰ তৰফৰ পৰা আৱণ্টিত এই প্ৰকল্পটোৰ কামৰ ঠিকা লাভ কৰিছিল নীলোৎপল শৰ্মা নামৰ লোকজনৰ এন ই ইনফ্ৰা নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ৷ পৰিকল্পনা অনুসৰি এই ১০ কোটি টকাৰ ৭ কোটি চণ্ডিকা দেৱালয়ৰ নামত আৰু ৩ কোটি মেৰঘৰৰ উন্নয়নৰ নামত খৰচ কৰা হ’ব ৷

কিন্তু তাৎপৰ্যপূৰ্ণ কথা যে, উক্ত ১০ কোটি টকাৰ ভিতৰত ৭ কোটি টকাৰে চণ্ডিকা দেৱালয়ত কি কি কাম কৰা হ’ব আৰু ৩ কোটি টকাৰে মেৰঘৰত কি কি কাম কৰা হ’ব তাৰ বিষয়ে আজিলৈকে মেৰঘৰ পৰিচালনা সমিতি আৰু চণ্ডিকা দেৱালয় পৰিচালনা সমিতিয়ে জানিব পৰা নাই ৷

এই ক্ষেত্ৰত বিধায়কগৰাকীক সোধোতে তেৱোঁ কোনো সুদুত্তৰ দিব নোৱাৰিলে । আনহাতে অসম পৰ্যটন উন্নয়ন নিগমৰ কাৰ্যালয়লৈ দুয়োখন সমিতিয়ে কেইবাবাৰো এই সংক্ৰান্তত জানিবৰ বাবে যায় যদিও বিভাগৰ মুৰব্বীয়ে সময়ত জনোৱা হ’ব বুলি কৈ গা এৰা দিয়াৰ মনোভাৱ প্ৰকাশ কৰি আহিছে বুলি পৰিচালনা সমিতিৰ সদস্যই জানিবলৈ দিয়ে ৷

আনফালে বিভাগীয় ঠিকাদাৰগৰাকীৰ আজি দুবছৰে সমিতি দুখনৰ মুখেই দেখা নাই ৷ জানিব পৰামতে বৰ্তমান মেৰঘৰত এটি বিবাহ ভৱনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত ৷ আনহাতে চণ্ডিকা দেৱালয়তো এটি বিবাহ ভৱনৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাত পথত থকাৰ বিপৰীতে এটি গেষ্ট হাউচৰ কামো প্ৰায় ৭০ শতাংশ সম্পূৰ্ণ হোৱাতো পৰিলক্ষিত হৈছে ৷

তেনে ক্ষেত্ৰত চণ্ডিকা দেৱালয়ত এটি বিবাহ ভৱন তাকো বহুত ডাঙৰ নহয় আৰু এটি গেষ্ট হাউচ নিৰ্মাণৰ নামতেই ৭ কোটি টকা খৰচ কৰা হ’ব নেকি বুলি চণ্ডিকা দেৱালয় পৰিচালনা সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷ আনহাতে মেৰঘৰতো এটি বিবাহ ভৱনৰ নামতে ৩ কোটি টকা খৰচ কৰা হ’ব নেকি বুলিও মেৰঘৰ পৰিচালনা সমিতিয়ে প্ৰশ্ন উত্থাপন কৰিছে ৷

ইয়াৰ বিপৰীতে চণ্ডিকা দেৱালয়ত অতি নিম্ন মানদণ্ডৰ ইটা আৰু শিলেৰে নিৰ্মাণ কাৰ্য চলোৱা বুলিও অভিযোগ উত্থাপিত হৈছে ৷ তাৰ পিচতে বুধবাৰে ঘটনাস্থলীত স্থানীয় সাংবাদিকৰ দল উপস্থিত হৈ তাত নিম্নমানদণ্ডৰ ইটা প্ৰত্যক্ষ কৰাৰ লগতে একেবাৰে মৰা শিল মজুত ৰখাতো প্ৰত্যক্ষ কৰে ৷

মুঠতে মেৰঘৰ আৰু চণ্ডিকা দেৱালয় পৰিচালনা সমিতি দুখনক পৰ্যটন উন্নয়ন নিগম আৰু ঠিকাদাৰে অন্ধকাৰত ৰাখি প্ৰকল্পটোৰ বিষয়ে একো নজনাকৈয়ে কাম শেষ কৰি এক বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰিব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

এই প্ৰকল্পটোৰ বিষয়ে গুৰুত্ব প্ৰদান কৰাৰ বাবে দুয়োখন পৰিচালনা সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনোৱাৰ লগতে এই ক্ষেত্ৰত এক তদন্তৰো ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: বিভিন্ন বিষয়ত চৰকাৰক সমালোচনা কৰি ৰোষত পৰিল ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি - Novelist Juri Bora Borgohain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.