অসম

assam

শ্বহীদ দিৱসত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰ গাঁথাক শ্ৰদ্ধাৰে স্মৰণ

By

Published : Sep 20, 2022, 1:52 PM IST

Updated : Sep 20, 2022, 2:35 PM IST

Martyrs' Day celebration at Gohpur

১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অসমৰ শ্বহীদসকলৰ কথা মনলৈ আহিলেই আমি নাম ল’ব লাগিব কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ(Freedom fighter Mukunda Kakati) ৷ কনকলতা অসমৰ প্ৰথম মহিলা তথা কনিষ্ঠ শ্বহীদ(Kanaklata Baruah first woman martyr of Assam)। শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ ৰাজ্যবাসীৰ ।

গহপুৰ ২০ ছেপ্টেম্বৰ :আজি শ্বহীদ দিৱস । ২০ ছেপ্টেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি (Freedom fighter Kanaklata Baruah) । শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে । গহপুৰত বিভিন্ন দল সংগঠনৰ লগতে বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা হৈছে শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ ।

গহপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী

১৯৪২ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত চলা ভাৰত ত্যাগ আন্দোলনৰ সেনানী হিচাপে বৰঙাবাৰীৰ কনকলতা বৰুৱা আৰু শ শ মুক্তিযুঁজাৰু গহপুৰ আৰক্ষী থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ ওলাই আহিছিল । সেই সময়তে গহপুৰ থানাৰ সমুখত ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল কনকলতা বৰুৱা ।

গহপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী

কনকলতা গুলীবিদ্ধ হৈ মাটিত ঢলি পৰাৰ পিছত ত্ৰিৰংগাখন খামুচি ধৰি আগুৱাই গৈছিল মুকুন্দ কাকতি । তাৰ পিছতে মুকুন্দ কাকতিয়েও ব্ৰিটিছৰ আৰক্ষীৰ গুলীত মৃত্যুক সাৱটি লৈছিল । কিন্তু দেশমাতৃৰ বাবে আত্মবলিদান দিয়া বীৰাংগনা কনকলতা বৰুৱা আৰু বীৰ মুকুন্দ কাকতিৰ পৰিয়াল আজিও অৱহেলিত চৰকাৰী সা-সুবিধাৰ পৰা ৷

গহপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী

যি দৰে শ্বহীদ পৰিয়ালকেইটাই চৰকাৰৰ পৰা সা-সুবিধা লাভ কৰিব লাগিছিল, তেনেদৰে সা-সুবিধা আজিও কিন্তু লাভ নকৰিলে পৰিয়ালকেইটাই । গহপুৰ বিভিন্ন দল সংগঠনে শ্বহীদ কনকলতা বৰুৱা নামত এখন চৰকাৰী মহাবিদ্যালয় স্থাপন দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই বিষয়ত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।

শ্বহীদ দিৱসত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰ গাঁথাক শ্ৰদ্ধাৰে স্মৰণ

ইফালে পুৱাই গহপুৰৰ মাজমজিয়াত থকা শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ যুগল আৱক্ষ মূৰ্তি সুন্দৰকৈ সজোৱা লগতে গহপুৰ মহকুমাধিপতি দ্বীপন বৰ্মন, বিধায়ক উৎপল বৰা লগতে বিভিন্নজনে পুষ্পাঞ্জলি বন্তি প্ৰজ্বলন কৰে । আনহাতে বিশ্বনাথ জিলা প্ৰশাসনে আয়োজন কৰা শ্বহীদ দিৱসৰ মুকলি সভাত বিয়লি ভাগত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি দুয়োগৰাকীৰ শ্বহীদক প্ৰণাম জনাব ।

গহপুৰত শ্বহীদ দিৱসৰ কাৰ্যসূচী

শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১০০ খন বিচনাযুক্ত গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় আৰু ঘাঁহিগাঁও ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব ।

লগতে পঢ়ক:সুস্থ অৱস্থাতে আছে জয়মালা : জনালে অসমৰ বন বিভাগৰ প্ৰতিনিধি দলে

Last Updated :Sep 20, 2022, 2:35 PM IST

ABOUT THE AUTHOR

...view details