অসম

assam

Biswanath Naharani river:বিধায়কে কলগছ পুতি দলং হ’ব বুলি কোৱাৰ পাচতো নিৰ্মাণ নহ’ল দলং

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 6:07 PM IST

বিশ্বনাথৰ নাহৰণি নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ৷ দীৰ্ঘ সময় ধৰি এখন দলঙৰ অভাৱত ভূগিছে ৰাইজে ৷

locals demand to construct a bridge over naharani river in biswanath
নিৰ্মাণ নহ’ল দলং

নিৰ্মাণ নহ’ল দলং

বিশ্বনাথ, ২৮ আগষ্ট : সবকা সাথ সবকা বিকাশ শ্ল’গানেৰে উন্নয়ন আৰু বিকাশৰ ঢোল-ডাক বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া যেন এক উন্নয়নৰ নমুনাহে মাথো ৷ চাওঁক বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ভীমাজুলি , শ্যামবস্তি হৈ বালিচাঙলৈ যোৱা সংযোগী পথস্থিত নাহৰণি নদীত দলং অবিহনে কেনেকৈ ৰাইজে মৰণক শৰণ দি অতিক্ৰম কৰিব লগা হৈছে এটা এটা দিন ৷

কোলাত এজন ৰোগীক লৈ নদীখন পাৰ হ’বলৈ কিদৰে চেষ্টা কৰিছে এগৰাকী লোকে চাওঁক এই মৰণপণ দৃশ্য ৷ নদীখন পাৰ হ’বলৈ লওতে এজন লোক ভাহি যোৱাৰো উপক্ৰম হোৱা দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ৷ মহিলা সকলৰ বাবেতো এই নদীখন পাৰ হোৱাটো এক মৰণপণ যুঁজ বুলি কব লাগিব ৷

অসম অৰুণাচল সীমান্তৱৰ্তীৰ বালিচাং পঞ্চায়তৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে দৈনিক আহ-যাহ কৰা ভীমাজুলি, শ্যামবস্তি, নাহৰণি হৈ বালিচাঙলৈ যোৱা সদাব্যস্ত পথটিত থকা নাহৰণি নদীত দলং নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে জনপ্ৰতিনিধিসকলে ৷ এই নাহৰণি নদীত দীৰ্ঘদিনে দলং অবিহনে আহ-যাহ কৰি আহিছে ৰাইজ ৷

ইফালে পথটিৰ অৱস্থাও জৰাজীৰ্ণ ৷ সমান্তৰালকৈ ভূতৰ ওপৰত দানহ পৰা দি নাহৰণি নদীৰ কালাত্মক ৰূপে যাতায়তত বিঘ্নিত ঘটাইছে প্ৰায় সাত হেজাৰৰো অধিক লোকৰ ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে এই নদীখন পাৰ হ’ব নোৱাৰি এক প্ৰকাৰ আৱদ্ধ হৈ পৰিবলগীয়া হয় ৷ একেদৰে ৰোগাক্ৰান্ত হ’লে নদীখন পাৰ হ’ব নোৱাৰি নাহৰণি শ্যামবস্তি, ১নং ভীমাজুলিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে চিকিৎসা অবিহনে মৃত্যুৰ ক্ষণ গণিবলগা হয় ৷

আনকি এই নাহৰণি নদীত পাৰ হোৱাৰ চেষ্টা কৰা গাঁৱৰ কেইবাজনো লোকৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, আজি কিছু বছৰৰ পূৰ্বে নাহৰণি শ্যামবস্তি ভীমাজুলি সংযোগী এই নাহৰণি নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে শুভাৰম্ভ কৰে যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ আজি পৰ্যন্ত নিৰ্মাণ নহ’ল এই নাহৰণি নদীৰ ওপৰত দলং ৷ এনেদৰেই দলংবিহীন এই নাহৰণি নদী এতিয়া অভিশাপ স্বৰূপ হৈ পৰিছে ৰাইজৰ বাবে ৷

আনহাতে দলংখন নিৰ্মাণৰ বাবে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি স্থানীয় বালিচাং পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক আবেদন নিবেদন কৰাৰ পাচতো কোনো ফল নধৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে ভীমাজুলি প্ৰাথমিক গোট আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে ৷ সেয়েহে অতি শীঘ্ৰে ভীমাজুলি শ্যামবস্তি আৰু নাহৰণি সংযোগী নাহৰণি নদীৰ ওপৰত এই দলংখন নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক :Poor communication in Manikpur: মাণিকপুৰত ভগ্ন বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত

ABOUT THE AUTHOR

...view details