Poor communication in Manikpur: মাণিকপুৰত ভগ্ন বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত

By

Published : Aug 20, 2023, 2:44 PM IST

thumbnail

মাণিকপুৰ, ২০ আগষ্ট: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ৫ কোটি টকাৰ পথৰ শিলান্যাস কৰাৰ সময়তে সমষ্টিটোৰ আন এটা প্ৰান্তত দেখা গ'ল ইয়াৰ বিপৰীত ছবি । সমষ্টিটোৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১ নং ভাণ্ডাৰাত ৰাইজে দীৰ্ঘদিন ধৰি এখন দলং নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও ৰাইজে এইক্ষেত্ৰত কোনো সুফল লাভ কৰা নাই । সেয়েহে ১ নং ভাণ্ডাৰা আৰু জামদহা সংযোগী মৰা আই নৈৰ সুঁতিৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বাহঁৰ দলং।

দীৰ্ঘদিন ধৰি ১ নং ভাণ্ডাৰা আৰু জামদহাৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে দলঙৰ অভাৱত যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিব লগা হৈছে । এই ঠাইখনত প্ৰতি বছৰে বাহঁৰ দলঙ নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে ৰাইজে । 

তাৰ পিছতো আজিলৈকে জনপ্ৰতিনিধি নাইবা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই । উক্ত ঠাইত এখন দলঙ নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে ক্ষুব্ধ ৰাইজে ।

লগতে পঢ়ক: Beki River Erosion: বেকী নৈৰ বুকুত জাহ গ’ল অৰ্ধশতাধিক পৰিয়ালৰ মাটি ভেঁটি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.