অসম

assam

বিশ্বনাথত পেঞ্চনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

By

Published : Nov 3, 2020, 10:30 PM IST

বিশ্বনাথত বেংক কৰ্তৃপক্ষৰ উদ্যোগত পেঞ্চনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় ৷ বিশ্বনাথৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সঞ্জিৱনী হাস্পাতলৰ চিকিৎসক ডাঃ বিকাশ চৰকাৰৰ নেতৃত্বত প্ৰদান কৰা হয় এই সেৱা ৷

Free medical care for all pensioners in Bishwanath
বিশ্বনাথত পেঞ্চনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

বিশ্বনাথ ৩ নৱেম্বৰ : মংগলবাৰে বিশ্বনাথ চাৰিআলিত আয়োজন কৰা হয় সপ্তাহযোৰা লাইফ পেঞ্চনাৰ শিবিৰ ৷ উক্ত শিবিৰৰ লগত সংগতি ৰাখি পেঞ্চনাৰ সকলক বেংকৰ চৌহদত পুৱা ১০ বজাৰ পৰা বিয়লি ১২ বজালৈকে প্ৰদান কৰা হয় বিনামূলীয়া চিকিৎসা সেৱা । এই বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হয় বিশ্বনাথৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সঞ্জিৱনী হাস্পাতলৰ চিকিৎসক বিকাশ চৰকাৰ নেতৃত্বত ৷

বিশ্বনাথত পেঞ্চনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

এই চিকিৎসা শিবিৰত চিকিৎসা প্ৰদান কৰে সঞ্জীৱনী হাস্পাতলৰ স্বত্বাধিকাৰী তথা বিশ্বনাথৰ চিকিৎসক ডঃ বিকাশ চৰকাৰে । বেংকটোৰ অধীনত থকা প্ৰায় অৰ্ধ শতাধিক জেষ্ঠ নাগৰিক তথা পেঞ্চনাৰ সকলৰো স্বাস্থ্য পৰীক্ষা কৰা হয় ৷

বিশ্বনাথত পেঞ্চনাৰ সকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান

অন্য এক খবৰৰ বাবে:টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ABOUT THE AUTHOR

...view details