ETV Bharat / state

টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

author img

By

Published : Nov 3, 2020, 7:50 PM IST

টীয়কৰ চিন্তামণিগড়ত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হৈ যায় এখন প্ৰতিনিধি সভা ৷ সভাত পৰৱৰ্তী বছৰৰ বাবে বিতোপন বৰাক সভাপতি আৰু যদুমণি বৰুৱাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় ।

Representative meeting of Jorhat Subdivision Student Association in Teok
টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

টীয়ক,3নৱেম্বৰ: মংগলবাৰে টীয়কৰ চিন্তামণিগড়ত অনুষ্ঠিত হৈ যায় এখন প্ৰতিনিধি সভা ৷ শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত হৈ যায় এই সভাখন ৷

মহকুমাটোৰ প্ৰায় ৩০০ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত পৰৱৰ্তী বছৰৰ বাবে বিতোপন বৰাক সভাপতি আৰু যদুমণি বৰুৱাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয় । প্ৰতিনিধি সভাৰ প্ৰাকক্ষণত চিন্তামণিগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত স্থায়ীভাৱে নিৰ্মিত শ্বহীদ বেদীটো উদ্বোধন কৰা হয় ।

টীয়কত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা

ইফালে এই সভাতেই বৰ্তমানৰ বিজেপি চৰকাৰখনে শ্বহীদ বেদী পুনৰ নিৰ্মাণৰ বাবে আগবঢ়োৱা অনুদান টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ নেতৃত্বত একাংশ দালালে আত্মসাৎ কৰাৰ অভিযোগ কৰে ছাত্ৰ সন্থাই । সেয়ে এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাই ছাত্ৰ সন্থাই ।

অন্য এক খবৰৰ বাবে: আদালতত হাজিৰ JEE কেলেংকাৰীৰ অপৰাধীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.