অসম

assam

Govt Employee Attack at Barpeta Road: বিষয়া-কৰ্মচাৰীক আক্ৰমণ কৰা চাৰি ব্যৱসায়ীক ৰঙাঘৰলৈ প্ৰেৰণ

By

Published : Dec 16, 2022, 5:58 PM IST

Govt Employee Attack at Barpeta Road
বিষয়া-কৰ্মচাৰীক আক্ৰমণ কৰা চাৰি ব্যৱসায়ীক ৰঙাঘৰলৈ প্ৰেৰণ

পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱা স্বচ্ছ ভাৰত অভিযানৰ বিষয়া-কৰ্মচাৰীক ব্যৱসায়ীয়ে আক্ৰমণ কৰা ঘটনাৰ চাঞ্চল্য অব্যাহত আছে বৰপেটাৰোডত (Govt Employee Attack at Barpeta Road)৷ ঘটনাৰ লগতে জড়িত 4 অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও আন কেবাজনো অভিযুক্ত পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷

বিষয়া-কৰ্মচাৰীক আক্ৰমণ কৰা চাৰি ব্যৱসায়ীক ৰঙাঘৰলৈ প্ৰেৰণ

বৰপেটাৰোড, 16 ডিচেম্বৰ : বুধবাৰে বৰপেটাৰোডত পলিথিনৰ বিৰুদ্ধে অভিযান চলোৱা স্বচ্ছ ভাৰত অভিযানৰ বিষয়া-কৰ্মচাৰীক একাংশ উত্তেজিত ব্যৱসায়ীয়ে প্ৰহাৰ কৰাৰ অপৰাধত চাৰিজন লোকক বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা উদণ্ড চাৰিজন হ’ল- ব্যৱসায়ী মিথুন গৌৰ, বিশ্বজিৎ সাহা, হুছেইন আলী আৰু গৌৰৱ সাহা (Businessman arrested at Barpeta Road)৷

ধৃত ব্যৱসায়ীকেইজনক আৰক্ষীয়ে বৃহস্পতিবাৰেই বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে চৰকাৰৰ নিৰ্দেশমৰ্মে প্লাষ্টিকমুক্ত চহৰ হিচাবে গঢ়ি তুলিবলৈ স্বচ্ছ ভাৰত মিছনৰ(Swachh Bharat Mission) বৰপেটাৰোড নগৰ প্ৰকল্প বিষয়া ফয়েজ উদ্দিন আহমেদৰ নেতৃত্বত এটা দলে বুধবাৰে বৰপেটাৰোডৰ পাণ বজাৰ আৰু মচলা বজাৰত অভিযান চলাবলৈ গৈছিল ৷ অভিযানকালত একাংশ ব্যৱসায়ীয়ে পলিথিন ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি অভিযানকাৰী দলটোৱে জৰিমনা আদায় কৰিছিল ৷

জৰিমনা আদায় কৰাৰ বাবে একাংশ ব্যৱসায়ীয়ে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰি অভিযানকাৰী দলটোৰ নগৰ প্ৰকল্প বিষয়া ফয়েজ উদ্দিন আহমেদক প্ৰহাৰ কৰিছিল (Govt Employee Attack at Barpeta Road)৷ বিষয়াগৰাকীয়ে উত্তেজিত ব্যৱসায়ীসকলৰ পৰা প্ৰাণ ৰক্ষাৰ বাবে প্ৰায় আধা কিলোমিটাৰ বাট দৌৰি বৰপেটাৰোডৰ পৌৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল যদিও উত্তেজিত ব্যৱসায়ীসকলে বিষয়াগৰাকীক পিছে পিছে খেদি যায় ।

পাছত পৌৰ কাৰ্যালয়ৰ বাথৰূমত সোমাইহে কোনোমতে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হৈছিল বিষয়াগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত পৌৰ কাৰ্যালয়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ এই ঘটনা সম্পৰ্কত স্বচ্ছ ভাৰত মিছনৰ বিষয়া ফয়েজ উদ্দিন আহমেদে বৰপেটাৰোড আৰক্ষী থানাত(Barpeta Road police station) এটা গোচৰ তৰিছিল ৷ বৰপেটাৰোড আৰক্ষীয়ে বিষয়াগৰাকীৰ গোচৰটো 213/22 নম্বৰত পঞ্জীয়ন কৰি U/S 323/341/353/379 ধাৰাৰ অধীনত চাৰিজনকৈ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ৷

স্বচ্ছ ভাৰত মিছনৰ চৰকাৰৰ প্ৰকল্প বিষয়াসহ অভিযানকাৰী দলটোক প্ৰহাৰ কৰাৰ অপৰাধত আন কেবাজনো লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সেইসকল লোক সম্প্ৰতি আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Animesh Bhuyan Murder Case: অনিমেশ ভূঞাৰ পৰিয়াললৈ এটি চৰকাৰী চাকৰি

ABOUT THE AUTHOR

...view details