অসম

assam

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

By

Published : Nov 6, 2019, 5:25 AM IST

Updated : Nov 6, 2019, 12:16 PM IST

বৰপেটা গ্ৰাম্য উপ-সংমণ্ডলত পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতিৰ ৷ যাৰ বাবেই ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰি নিৰ্মাণৰ কামৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে বৰপেটা আমছুৰ লগতে স্থানীয় ৰাইজে ৷

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

জনীয়া, 5 নৱেম্বৰঃ বৰপেটা গ্ৰাম্য উপ-পথ সংমণ্ডলত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিয়োগ উত্থাপন হৈছে ৷ সংমণ্ডলৰ অধীনস্থ জনীয়াত চেনিমাৰিৰ পৰা বৰভিটালৈ গড়কাপ্তানি পথ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি ৷

উক্ত অঞ্চলত তিনিদিন পূৰ্বে নিৰ্মাণ কৰা পথৰ ওপৰৰ অংশ চপৰা চপৰে উঠি যায় ৷ ৰঞ্জু নামৰ ঠিকাদাৰেঅতি নিম্ন মানদণ্ডৰ কামেৰে পথটোৰ নামত আবন্টিত একাংশ ধন লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় সচেতন ৰাইজে ৷ যাৰ বাবে বিতৰ্কিত ঠিকাদাৰগৰাকীয়ে বনঘুগি গাঁও পঞ্চায়তৰ সভাপতি দেৱান আব্দুল কৰিমৰ জৰিয়তে ৰাইজক ভয়-ভাবুকি প্ৰদান কৰে ৷

বৰপেটা গ্ৰাম্য পথ উপ-সংমণ্ডলত পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

এনে অৱস্থাত উক্ত ঠিকাদাৰৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা আমছুৱে ৷ আমছুৱে উক্ত ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰি পথ নিৰ্মাণত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত কৰিবলৈ গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে ৷

লগতে পঢ়কঃ আৰম্ভ হ'ল 'ব্ৰহ্মপুত্ৰ পুস্কৰ-সাংস্কৃতিক মহোৎসৱ

Last Updated : Nov 6, 2019, 12:16 PM IST

ABOUT THE AUTHOR

...view details