অসম

assam

বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধ কৰক : AJYCP মুছলপুৰ

By

Published : Sep 7, 2021, 1:19 PM IST

baksa ajycp protest

উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ নদীবান্ধৰ(Big River Dam) নিৰ্মাণ কাৰ্য বন্ধৰ দাবীৰে মুছলপুৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ(AJYCP) তীব্ৰ প্ৰতিবাদ(Protest) ৷ লগতে এই বিষয়ত জিলা দণ্ডাধীশৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ যুৱ ছাত্ৰ পৰিষদৰ বাক্সা জিলা সমিতিৰ ৷

বাক্সা, 7 ছেপ্তেম্বৰ : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ(Subansiri Lower Dam) লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ নদীবান্ধক(Big River Dam) লৈ সৰৱ হৈছে জাতীয় সংগঠনসমূহৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP) ৷ সোমবাৰে বাক্সাত নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত ‘গণ অৱস্থান’ কাৰ্যসূচী ৰূপায়ন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বাক্সা জিলা সমিতিয়ে ৷

মুছলপুৰস্থিত দুৰ্গা মন্দিৰ প্ৰাংগণত তীব্ৰ প্ৰতিবাদ(Protest) সাব্যস্ত কৰে সংগঠনটোৱে ৷ ‘অসম চৰকাৰ হুচিয়াৰ’, ‘বিজেপি চৰকাৰ হায় হায়’ ‘বৃহৎ নদীবান্ধৰ নিৰ্মাণ বন্ধ কৰক’ আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ লগতে এই বিষয়ত জিলা দণ্ডাধীশৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

মুছলপুৰত AJYCPৰ প্ৰতিবাদ

লগতে পঢ়ক:বৃহৎ নদীবান্ধ বন্ধৰ দাবীত নলবাৰীত AJYCP ৰ প্ৰতিবাদ

উল্লেখ্য যে, বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন জিলা সমিতিয়ে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

উত্তৰ অসমৰ ৰাইজৰ জন-জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰাৰ দাবীৰে ক্ষুব্ধ হৈ পৰে সংগঠনটো ৷ লগতে সংগঠনটোৱে প্ৰকল্পৰ কাম বন্ধ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰিছে । বৃহৎ নদীবান্ধৰ বিৰোধিতাৰে পূৰ্বৰে পৰা মাত মাতি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

লগতে পঢ়ক:জিলাই জিলাই বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ AJYCP ৰ

ABOUT THE AUTHOR

...view details