অসম

assam

মাতৃত্বৰ দুটা বছৰৰ পাচত টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ছানিয়া মিৰ্জাৰ

By

Published : Jan 15, 2020, 3:51 AM IST

Updated : Jan 15, 2020, 3:57 AM IST

টেনিছ জগতত পুনৰ প্ৰত্যাৱৰ্তন ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাৰ ৷ হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টৰ মহিলা ডাবল্ছৰ কোৱাৰ্টাৰ ফাইনেলত ছানিয়া ৷

মাতৃত্বৰ দুটা বছৰৰ পাচত টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ছানিয়া
মাতৃত্বৰ দুটা বছৰৰ পাচত টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ছানিয়া

স্পৰ্টছ ডেস্ক, 15 জানুৱাৰীঃমাতৃত্বৰ দুটা বছৰ পাচত পুনৰ টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় তাৰকা টেনিছ খেলুৱৈ ছানিয়া মিৰ্জাই ৷ হ’বাৰ্ট ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্টত ইউক্ৰেইনৰ নাডিয়া কিচন’কৰ সৈতে পুনৰ কৰ্টত নামিছে খেলুৱৈগৰাকী ৷

দুটা বছৰৰ পাচত টেনিছ কৰ্টত প্ৰত্যাৱৰ্তন ছানিয়া মিৰ্জাৰ

দুটা বছৰৰ পাচত টেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰা ছানিয়া মিৰ্জাই সহযোগী খেলুৱৈ নাডিয়া কিচন’কৰ সৈতে টুৰ্ণামেন্টৰ প্ৰথমখন মেচত জৰ্জিয়াৰ অ’কচানা আৰু জাপানৰ মিয়ু কাতোক 2-6, 7-6, 10-3 ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী মেচখনত আমেৰিকাৰ ৱানিয়া কিং আৰু ক্ৰিষ্টিনা মেকহেলৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব দুই খেলুৱৈ ৷

উল্লেখ্য যে, 2017 বৰ্ষৰ অক্টোবৰ মাহত শেষবাৰৰ বাবে চীন অ‘পেনত অৱতীৰ্ণ হৈছিল ছানিয়া ৷ মাতৃত্ব লাভ কৰাৰ পাচত ছানিয়াৰ এইটোৱে হৈছে প্ৰথমটো জয় ৷ জয়ৰ পাচতেই টুইটাৰত পুত্ৰৰ সৈতে লোৱা এখন ফটো শ্বেয়াৰ কৰি জীৱনৰ এইটো এটা বিশেষ দিন বুলি উল্লেখ কৰে ছানিয়াই ৷

Intro:Body:

hobart-international-sania-mirza-advances-to-womens-doubles-quarterfinals


Conclusion:
Last Updated :Jan 15, 2020, 3:57 AM IST

ABOUT THE AUTHOR

...view details