অসম

assam

পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

By

Published : Aug 27, 2022, 10:26 AM IST

আঘাতৰ পৰা সুস্থ হৈয়ে নীৰজ চোপ্ৰাই গঢ়িলে ইতিহাস (Neeraj Chopra scripts history)। লাউচেন ডায়মণ্ড লীগ খিতাপ অৰ্জন চোপ্ৰাৰ । ডায়মণ্ড লীগ খিতাপ অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে খ্যাতি লাভ । বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন ।

Diamond
পুনৰ ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

স্পৰ্টছ ডেস্ক,২৭ আগষ্ট :পুনৰ এবাৰ দেশৰ নাম উজলাই তুলিবলৈ সক্ষম হ'ল অলিম্পিক চেম্পিয়ন নীৰজ চোপ্ৰা (Neeraj Chopra scripts another history)। এইবাৰ ডায়মণ্ড লীগ ২০২২ত (Lausanne Diamond League 2022) ইতিহাস ৰচনা কৰিলে নীৰজ চোপ্ৰাই । লাউচেন লীগৰ খিতাপ লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হয় (Neeraj Chopra wins Lausanne Diamond League title)।

যোৱা মাহত বিশ্ব চেম্পিয়নশ্বিপৰ সময়ত ৰূপৰ পদক জয় কৰাৰ সময়ত হোৱা সামান্য আঘাতৰ বাবে বাৰ্মিংহাম কমনৱেলথ গেমছৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল যদিও ২৪ বছৰীয়া চোপ্ৰাই ডায়মণ্ড লীগত নিজৰ ষ্টাইলত প্ৰথম প্ৰচেষ্টাতে ৮৯.০৮ মিটাৰলৈ জেভলিন দলিয়াই খিতাপ অৰ্জন কৰে । ইয়াৰ লগে লগে ৭ আৰু ৮ ছেপ্টেম্বৰত জুৰিখত অনুষ্ঠিত হ'বলগীয়া ডায়মণ্ড লীগৰ ফাইনেললৈ অৱতীৰ্ণ হয় খেলুৱৈগৰাকী । কেৱল এয়াই নহয় তেওঁ হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত হ'বলগীয়া ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় (Chopra qualified for 2023 World Championships)।

উল্লেখ্য যে প্ৰতিযোগিতাত চোপ্ৰাই খিতাপ অৰ্জনৰ প্ৰথম প্ৰয়াসতে জেভলিন ৮৯.০৮ মিটাৰ দলিয়াইছিল আৰু এয়া আছিল তেওঁৰ কেৰিয়াৰৰ তৃতীয় সৰ্বশ্ৰেষ্ঠ প্ৰয়াস । হাৰিয়ানাৰ পানীপথৰ নীৰজ চোপ্ৰাই ডায়মণ্ড লীগৰ খিতাপ জয় কৰাৰ লগে লগে দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে । ইফালে নীৰজ চোপ্ৰাৰ পূৰ্বে, ডিচকাচ থ্ৰ'য়াৰ বিকাশ গৌড়াই ডায়মণ্ড লীগ মিটৰ শীৰ্ষ তিনিটা স্থানত প্ৰৱেশ কৰা একমাত্ৰ ভাৰতীয় আছিল ।

লগতে পঢ়ক :ফিফাৰ নিৰ্বাচনৰ মাজতে বিশ্ব ফুটবলত ইতিহাস সৃষ্টি ভাৰতীয় মহিলা ফুটবলাৰৰ

ABOUT THE AUTHOR

...view details