ETV Bharat / bharat

ফিফাৰ নিৰ্বাচনৰ মাজতে বিশ্ব ফুটবলত ইতিহাস সৃষ্টি ভাৰতীয় মহিলা ফুটবলাৰৰ

author img

By

Published : Aug 19, 2022, 10:20 PM IST

Updated : Oct 29, 2022, 2:57 PM IST

ভাৰতীয় ফুটবলৰ বাবে এই দুখজনক খবৰৰ মাজতেই বিশ্ব মঞ্চত ভাৰতীয় ফুটবলৰ শিৰ উচ্চ কৰালে এগৰাকী ভাৰত কন্যাই। তেওঁ হৈছে ভাৰতীয় মহিলা ফুটবলাৰ মনীষা কল্যাণ। কেৱল মহিলা হিচাবেই নহয়, তেওঁ প্ৰথম ভাৰতীয় ফুটবলাৰ হিচাবে উয়েফা চেম্পিয়ন্স লীগত খেলাৰ কৃত্ত্ব অৰ্জন কৰে (Manisha Kalyan creates history)।

Indian womens footballer has made history in world football mod FIFA expulsion
ফিফাৰ নিৰ্বাচনৰ মাজতে বিশ্ব ফুটবলত ইতিহাস সৃষ্টি ভাৰতীয় মহিলা ফুটবলাৰৰ

স্পৰ্টছ ডেস্ক, ১৯ আগষ্ট : সম্প্ৰতি ফিফাৰ পৰা নিৰ্বাচিত হৈছে ভাৰতীয় ফুটবল সংস্থা (FIFA World Cup 2022)। এই নিৰ্বাচনৰ কেতিয়া অন্ত পৰিব সেয়া এই মুহূৰ্তত হয়তো কোনোৱে নাজানে। কিন্তু ভাৰতীয় ফুটবলৰ বাবে এই দুখজনক খবৰৰ মাজতেই বিশ্ব মঞ্চত ভাৰতীয় ফুটবলৰ শিৰ উচ্চ কৰালে এগৰাকী ভাৰত কন্যাই। তেওঁ হৈছে ভাৰতীয় মহিলা ফুটবলাৰ মনীষা কল্যাণ। কেৱল মহিলা হিচাবেই নহয়, তেওঁ প্ৰথম ভাৰতীয় ফুটবলাৰ হিচাবে উয়েফা চেম্পিয়ন্স লীগত খেলাৰ কৃত্ত্ব অৰ্জন কৰে (First Indian footballer in UEFA Champions League)। উল্লেখ্য, মহিলাতো বাদেই, এই গ্লেমাৰাছ ফুটবল লীগত খেলাৰ এই পৰ্যন্ত কোনো পুৰুষ ফুটবলাৰৰেই এই কৃতিত্ব পোৱা নাই।

ছাইুপ্ৰাছৰ ক্লাব আপোলন লেডিজৰ হৈ খেলত অংশগ্ৰহণ কৰে মনীষাই । বৃহস্পতিবাৰে মহিলাৰ উয়েফা চেম্পিয়ন্স লীগত তেওঁলোকৰ দলৰ খেল আছিল লাটাভিয়াৰ দল ৰিগাছৰ বিৰুদ্ধে । উক্ত মেচখনত আপোলনে জয়লাভ কৰে ৩-০ ব্যৱধানত। মনীষাই খেলৰ এঘণ্টাৰ মূৰত দলটোৰ পৰৱৰ্তি খেলুৱৈ হিচাবে খোলপথাৰত নামে। তেওঁ খেলপথাৰত খোজ পেলোৱাৰ লগে লগেই সৃষ্টি হয় এক ইতিহাস (Manisha Kalyan creates history)।

উল্লেখ্য, মাৰিলেনা জৰ্জিউৰ বিৰুদ্ধে মনীষাই খেলিবলৈ নমা মেচখনত তেতিয়া দলটো ২-০ গ'লৰ ব্যৱধানত আগবাঢ়ি আছিল। আপোলনৰ হৈ তৃতীয়টো গ'ল দিয়ে এলশাডাই আচিমপঙে। প্ৰণিধানযোগ্য যে এইগৰাকী এলশাডায়েই গোকুলম কেৰালাৰ হৈ পূৰ্বতে মনীষাৰ সৈতে একেলগে খেলিছে। আন এক উল্লেখনীয় কথা হৈছে, গোকুলম কেৰালাও এএফচি উইমেন্স ক্লাব চেম্পিয়নশ্বিপ খেলিবলৈ তাছখণ্ডলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ফিফাৰ নিৰ্বাচনৰ বাবে দলটো দেশলৈ উভতি আহিব লগা হয়।

উল্লেখ্য যে, ফিফাৰ শেহতীয়া নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় দলটোৱে বা কোনো ক্লাবে আন্তর্জাতিক প্ৰতিযোগিতাত সদ্যহতে অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু কোনো ভাৰতীয় ফুটবলাৰে যদি বিদেশী ক্লাবত খেলে, তেন্তে তেনে ক্ষেত্ৰত তেওঁ খেলপথাৰত নমাত কোনো বাধা নাই। তাৰ বাবেই মনীষাই আপোলনৰ হৈ খেলাত কোনো সমস্যা নহয়। আনহাতে, যোৱা বছৰৰ নৱেম্বৰ মাহত ব্ৰাজিলৰ বিৰুদ্ধে ভাৰতীয় মহিলা ফুটবল দলটোৱে যি প্ৰীতি মেচ খেলিছিল, উক্ত মেচখনত ভাৰতৰ হৈ একমাত্ৰ গ'লটো কৰিছিল মনীষায়েই (Manisha Kalyan becomes first Indian to play in UEFA Womens Champions League)৷

লগতে পঢ়ক: FIFA ই AIFF ক নিলম্বন কৰাৰ বাবে কেনে প্ৰভাৱ পৰিব ভাৰতীয় ক্ৰীড়াত

Last Updated :Oct 29, 2022, 2:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.