অসম

assam

FIFA World Cup 2022 : দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ মেছি

By

Published : Dec 19, 2022, 2:25 PM IST

কাটাৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰিলে মেছিয়ে (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল । লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে ।

FIFA World Cup 2022
দুবাৰকৈ গোল্ডেন বল বঁটা লাভ কৰা একমাত্ৰ ফুটবলাৰ

স্পৰ্টছ ডেস্ক,১৯ ডিচেম্বৰ :কাটাৰৰ ফিফা বিশ্বকাপত খিতাপ অৰ্জন কৰিলে মেছিৰ দল আৰ্জেণ্টিনাই (Argentina won FIFA World Cup 2022)। তৃতীয়বাৰৰ বাবে বিশ্বকাপ জয় কৰিলে দলটোৱে । ইফালে খেলখনত আৰ্জেণ্টিনাৰ অধিনায়ক লিঅ'নেল মেছিয়ে তিনিটাকৈ গ'ল কৰে । তাৰ ভিতৰত আছে এটা পেনাল্টি শ্বুটআউট ।

কাটাৰ বিশ্বকাপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে মেছিক শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয় আৰু গোল্ডেন বল বঁটা প্ৰদান কৰা হয় (Golden Ball Award to Messi)। মেছিয়ে ২০১৪ চনৰ বিশ্বকাপতো গোল্ডেন বল বঁটা লাভ কৰিছিল ।

লিঅ'নেল মেছিয়ে এইবাৰৰ ফিফা বিশ্বকাপ ২০২২ত ৭ টা গ'ল কৰিছে । ফ্ৰান্সৰ বিৰুদ্ধে ফাইনেলত মেছিয়ে পেনাল্টি শ্বুটআউটকে ধৰি ৩ টা গ'ল কৰে (Messi score goal in world cup final)। ছেমি ফাইনেলত মেছিয়ে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে আৰু কোৱাৰ্টাৰ ফাইনেলতো নেডাৰলেণ্ডৰ বিৰুদ্ধে এটাকৈ গ'ল কৰিছিল । ৰাউণ্ড-১৬ ত মেছিয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এটা গ'ল কৰে ।

মেছিয়ে গ্ৰুপ ৰাউণ্ডত চৌদি আৰৱ আৰু মেক্সিকোৰ বিৰুদ্ধে ১-১ গ'ল কৰিছিল । আৰ্জেণ্টিনাই ৩৬ বছৰৰ পাছত বিশ্ব চেম্পিয়ন হৈছে । ১৯৮৬ চনৰ পৰা বিশ্বকাপ জয়ৰ সপোন বান্ধি ৰাখিছিল আৰ্জেণ্টিনাই ।

গোল্ডেন বল বঁটা কি ?

বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীক প্ৰদান কৰা হয় গোল্ডেন বল বঁটা (Golden Ball award at FIFA World Cup)। গোল্ডেন বলৰ উপৰিও ৰূপৰ বল দ্বিতীয় শ্ৰেষ্ঠ খেলুৱৈ আৰু ব্ৰঞ্জৰ বল বিশ্বকাপৰ তৃতীয় শ্ৰেষ্ঠ খেলুৱৈক প্ৰদান কৰা হয় । এই বঁটা জাৰ্মান ক্ৰীড়া পোছাক নিৰ্মাতা এডিডাছ আৰু ফৰাচী ক্ৰীড়া আলোচনী ফ্ৰান্স ফুটবলৰ পৃষ্ঠপোষকতা প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে বিশ্বকাপৰ নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰা মেছি হৈছে প্ৰথমগৰাকী খেলুৱৈ (Messi only player to score in each knockout game)। বিশ্বকাপৰ ইতিহাসতে তেওঁ প্ৰথমগৰাকী খেলুৱৈ যিয়ে নকআউট পৰ্যায়ৰ সকলো খেলতে গ'ল কৰিবলৈ সক্ষম হৈছে । পূৰ্বে কোনো খেলুৱৈয়ে এনে কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল । মেছিয়ে ৰাউণ্ড অফ ১৬ ত এটা গ'ল, কোৱাৰ্টাৰ ফাইনেলত এটা গ'ল, ছেমি ফাইনেলত এটা গ'ল আৰু ফাইনেলতো গ'ল কৰে ।

লগতে পঢ়ক :FIFA World Cup 2022 : মেছিৰ আন এক অভিলেখ !

ABOUT THE AUTHOR

...view details