অসম

assam

মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা লাভ কৰাটো সঁচাকৈয়ে এক ডাঙৰ সন্মান: চিৰাগ শেট্টী

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:37 PM IST

Updated : Dec 21, 2023, 9:35 AM IST

Major Dhyan Chand Khel Ratna award: ভাৰতৰ বেডমিণ্টন তাৰকা চিৰাগ শেট্টী আৰু ৰেংকিৰেড্ডী সাতৱিক সাই ৰাজে বিগত দুবছৰৰ ভিতৰত ধাৰাবাহিক প্ৰদৰ্শনৰ বাবে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান খেলৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । মুম্বাইৰ পৰা অহা চিৰাগে ইটিভি ভাৰতৰ নিশাদ বাপতৰ সৈতে এক এক্সক্লুছিভ টেলিফোনিক সাক্ষাৎকাৰত এই বঁটা লাভ কৰাটো এক ডাঙৰ সন্মান বুলি কয় ।

Major Dhyan Chand Khel Ratna award
Major Dhyan Chand Khel Ratna award

নিউজ ডেস্ক, ২০ ডিচেম্বৰ: বুধবাৰে ভাৰতীয় বেডমিণ্টন যুটি চিৰাগ শেট্টী আৰু ৰেংকিৰেড্ডী সাতৱিক সাই ৰাজক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা বিজয়ী হিচাপে ঘোষণা কৰা হৈছে ৷ ২০২৪ চনৰ ৯ জানুৱাৰীত নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত বিশেষভাৱে আয়োজিত অনুষ্ঠানত এই যুটিটোক এই সন্মান প্ৰদান কৰা হ’ব ।

মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান । বঁটা লাভ কৰাৰ পিছত চিৰাগ শেট্টীয়ে আনন্দ প্ৰকাশ কৰি কয় যে এই বঁটা লাভ কৰাটো সঁচাকৈয়ে এক ডাঙৰ সন্মান ।

"এজন খেলুৱৈ হিচাপে এই বঁটা লাভ কৰাটো সঁচাকৈয়ে এক ডাঙৰ সন্মান । আমি সকলোৱে পদক লাভ কৰিবলৈ আৰু শ্ৰেষ্ঠ সন্মান লাভ কৰিবলৈ চেষ্টা কৰো । সঁচাকৈয়ে ভাল অনুভৱ হৈছে । এই কৃতিত্বৰ বাবে মই অতি আনন্দিত । যোৱা দুবছৰ আমাৰ বাবে অতি ভাল আৰু আমি আশা কৰিছো যে এই বঁটাটোৱে আমাক আৰু ডাঙৰ কিবা এটাৰ বাবে চেষ্টা কৰিবলৈ বাধ্য কৰিব ।’’ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পিছতে ইটিভি ভাৰতক এইদৰে কয় চিৰাগ শেট্টীয়ে ।

ভাৰতীয় তাৰকা বেডমিণ্টন যুটিটোৱে নিজৰ প্ৰদৰ্শনেৰে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছে । এই বছৰ বি ডব্লিউ এফ ৰেংকিঙত ১ নম্বৰ স্থান দখল কৰি এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে এই যুটিয়ে । লগতে ২০২৩ চনৰ এছিয়ান গেমছত সোণৰ পদক লাভ কৰি তেনে কৰা প্ৰথম ভাৰতীয় পুৰুষৰ ডাবলছ বেডমিণ্টন যুটি হিচাপে পৰিগণিত হয় ।

ইতিমধ্যে লাভ কৰা তাৰকা পেডেলাৰ অচন্ত শৰথ কমল, ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, এম এছ ধোনী, গ্ৰেণ্ড মাষ্টাৰ বিশ্বনাথন আনন্দ, তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা, ৰোহিত শৰ্মা, বিৰাট কোহলী, ফুটবলাৰ সুনীল ছেত্ৰী, বক্সাৰ মেৰী কম, পি ভি সিন্ধু আৰু ছাইনা নেহৱালৰ পিচত চিৰাগ আৰু সাতৱিকলৈ আগবঢ়োৱা হৈছে এই সন্মানীয় বঁটা ।

লগতে পঢ়ক:২০২৩ চনৰ ক্ৰীড়া বঁটা ঘোষণা; মহম্মদ ছামিলৈ অৰ্জুন বঁটা

Last Updated :Dec 21, 2023, 9:35 AM IST

ABOUT THE AUTHOR

...view details