অসম

assam

ঘোষণা হ’ল 18 জনীয়া সদস্যৰ ভাৰতীয় মহিলা হকী দল

By

Published : Sep 13, 2019, 1:36 PM IST

27 ছেপ্তেম্বৰৰ পৰা গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে পাঁচখন মেচত অৱতীৰ্ণ হ’ব ভাৰতীয় মহিলা হকী দল ৷

ঘোষণা হ’ল 18 জনীয়া সদস্যৰ ভাৰতীয় মহিলা হকী দল

স্পৰ্টছ ডেস্ক, 13 ছেপ্তেম্বৰঃ ইংলেণ্ডত 27 ছেপ্তেম্বৰৰ পৰা 4 অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া হকী মেচৰ বাবে শুকুৰবাৰে ঘোষণা কৰা হ’ল 18 জনীয়া সদস্যৰ ভাৰতীয় মহিলা হকী দল ৷ 27 ছেপ্তেম্বৰৰ পৰা গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে পাঁচখন মেচত অৱতীৰ্ণ হ’ব ভাৰত ৷ ভাৰতীয় দলটোৰ নেতৃত্ব বহনৰ দায়িত্ব অৰ্পণ কৰা হৈছে ৰাণী ৰামপালক ৷ আনহাতে সহ অধিনায়কৰ দায়িত্বত আছে সবিতা ৷ এছিয়ান গেমছ 2018 চনৰ পাচত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছে নমিতা তপ্পই ৷ আগন্তুক 2022 টকিঅ’ অলিম্পিকক লৈ এই প্ৰতিযোগিতা যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

ভাৰতীয় দলটো হৈছে-

গ’লকীপাৰঃ সবিতা (সহ অধিনায়ক), ৰাজানী ইটিমাৰপু

ডিফেণ্ডাৰঃ দ্বীপ গ্ৰাচ ইক্কা,গুৰজিৎ কৌৰ,ৰিণা খখাৰ,ছালিমা টেটে

মিড-ফিল্ডাৰঃ সুশীলা চানু পুখৰামবাম,নিক্কি প্ৰধান,মণিকা,নেহা গোৱেল, লালিমা মিনজ,নমিতা তপ্প ৷

ফৰ্ৱাডঃ ৰাণী ৰামপাল (অধিনায়ক),বন্দনা কাটাৰিয়া,নাভনীত কৌৰ,লালৰেমছিয়ামী,নভজিৎ কৌৰ,শৰ্মীলা দেৱী ৷


ABOUT THE AUTHOR

...view details