অসম

assam

চেম্পিয়নছ লীগত মানচেষ্টাৰ চিটিৰ বিপৰীতে PSGৰ হৈ পথাৰত নামিব লিঅ’নেল মেছি

By

Published : Sep 28, 2021, 1:16 PM IST

দলত খেলুৱৈৰ অন্তৰ্ভুক্তিক লৈ অনিশ্চয়তাত পেৰিচ চেইন্ট জাৰ্মেইনৰ মুখ্য প্ৰশিক্ষক মৌৰিচিঅ’ পোচেট্টিনো ৷ এই কথা নিজেই স্বীকাৰ কৰিছে প্ৰশিক্ষকগৰাকীয়ে ৷

Messi may return for PSG against Manchester City in UCL
চেম্পিয়নছ লীগত মানচেষ্টাৰ চিটিৰ বিপৰীতে PSGৰ হৈ পথাৰত নামিব লিঅ’নেল মেছি

স্পৰ্টছ ডেস্ক, 28 ছেপ্তেম্বৰ : মঙলবাৰে পেৰিচত চেম্পিয়নছ লীগৰ গ্ৰুপ Aৰ মেছৰ প্ৰাকমূহুৰ্ততো পেৰিচ চেইন্ট জাৰ্মেইনৰ মুখ্য প্ৰশিক্ষক মৌৰিচিঅ’ পোচেট্টিনোৱে স্বীকাৰ কৰিছে যে, তেওঁৰ তাৰকা খচিত দলটো এতিয়াও নিৰ্মানাধীন হৈ আছে ৷ পোচেট্টিনোৱে এতিয়াও অনিশ্চয়তাত আছে দলটোৰ প্ৰথম পছন্দৰ গোলৰক্ষক কোন হ’ব কেলৰ নাভাছ নে নতুনকৈ চুক্তিৱদ্ধ জিয়ানলুইজী ডোনাৰুম্মা ৷

আনহাতে, আঠুৰ আঘাতৰ বাবে দলৰ পৰা আঁতৰি থকা তাৰকা খেলুৱৈ লিঅ’নেল মেছিঅ’ পুনৰ খেলপথাৰত নামিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষক পোচেট্টিনো ৷ চেম্পিয়নছ লীগত মেছিৰ অন্তিমটো গ’ল আছিল PSGৰ বিপৰীতে বাৰ্চেলোনাৰ হৈ Parc des Princesৰ যোৱাটো সংস্কৰণত ৷

উল্লেখ্য যে, PSGএ চেম্পিয়নছ লীগৰ যাত্ৰা দুসপ্তাহৰ পূৰ্বে Club Bruggeৰ বিপৰীতে 1-1 গ’লত আৰম্ভ কৰিছিল ৷

লগতে পঢ়ক :World Chess Championship ত আজাৰবাইজানৰ সৈতে ড্ৰ ভাৰতৰ

ABOUT THE AUTHOR

...view details