ETV Bharat / sports

World Chess Championship ত আজাৰবাইজানৰ সৈতে ড্ৰ ভাৰতৰ

author img

By

Published : Sep 28, 2021, 12:22 PM IST

FIDE World Women's Team Chess Championship(বিশ্ব মহিলা ডবা চেম্পিয়নশ্বিপ)ৰ পুল A ৰ আৰম্ভণি ৰাউণ্ডৰ খেলত আজাৰবাইজানৰ বিৰুদ্ধে 2-2 গ’লত ড্ৰ খেলে ভাৰতে ৷ খেলত ডি হৰিকা(D Harika) আৰু আৰ বৈশালী(R Vaishali)য়ে জয়লাভ কৰে যদিও তানিয়া সছদেৱ(Tania Sachdev) আৰু ভক্তি কুলকাৰ্ণী(Bhakti Kulkarni) আজাৰবাইজানৰ হাতত পৰাস্ত হয় ৷

World Chess Championship: India play draw with Azerbaijan
World Chess Championshipত আজাৰবাইজানৰ সৈতে ড্ৰ ভাৰতৰ

স্প’ৰ্টছ ডেস্ক, 28 ছেপ্তেম্বৰ : সোমবাৰে FIDE World Women's Team Chess Championship(বিশ্ব মহিলা ডবা চেম্পিয়নশ্বিপ)ৰ পুল Aৰ আৰম্ভণি ৰাউণ্ডত ভাৰতে আজাৰবাইজানৰ বিৰুদ্ধে 2-2 গ’লত ড্ৰ খেলে ৷ এই ড্ৰৰে জয়লাভ কৰে ডি হৰিকা(D Harika) আৰু আৰ বৈশালী(R Vaishali)য়ে ৷

কোনেৰু হাম্পি(Koneru Humpy)ৰ অনুপস্থিতিত শীৰ্ষ খেলুৱৈ হৰিকাই প্ৰথম ব’ৰ্ডত গুণে মাম্মাদজাদা(Gunay Mammadzada)ক পৰাস্ত কৰি প্ৰত্যাশিতভাৱে জয়লাভ কৰে ৷ আনহাতে, প্ৰডিজি আৰ প্ৰাগনানন্দা(R Praggnanandhaa)ৰ ভগ্নী প্ৰতিশ্ৰুতিশীল আৰ বৈশালীয়ে চতুৰ্থখন ব’ৰ্ডত গুলনাৰ মাম্মাদোভা(Gulnar Mammadova)ক পৰাস্ত কৰি ভাৰতৰ হৈ আন এটা পইণ্ট অৰ্জন কৰে ।

অৱশ্যে, তানিয়া সছদেৱ(Tania Sachdev) আৰু ভক্তি কুলকাৰ্ণী(Bhakti Kulkarni)ক আজাৰবাইজানে পৰাস্ত কৰি খেলখন তেওঁলোকৰ নাম কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচত হৰিকাই ভাৰতক শক্তিশালী কৰি তুলিবলৈ 34 টা গতি(Move)ৰে মাম্মাদজাদাক পৰাস্ত কৰে ৷ আনহাতে, বৈশালীয়ে 60 টা গতিৰে মাম্মাদোভাৰ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ কঠোৰ যুঁজ দিবলগীয়া হয় ৷

সছদেৱক উলভিয়া ফাটালিয়েভা(Ulviya Fataliyeva)ই 42 টা গতিৰে পৰাস্ত কৰে আৰু কুলকাৰ্ণীয়ে 50 টা গতিৰে তুৰ্কান মামেদজাৰোভা(Turkan Mamedjarova)ৰ হাতত পৰাজিত হয় ৷ যাৰ ফলস্বৰূপে আজাৰবাইজানে ভাৰতৰ সৈতে গ’লৰ সমান ভাগ-বতৰা কৰিবলৈ সক্ষম হয় ৷

পুল Aত অনুষ্ঠিত আন আৰম্ভণি ৰাউণ্ডৰ খেলসমূহত ৰাছিয়াৰ এটা দুৰ্দান্ত দলে স্পেইনক 4-0 গ’লত পৰাস্ত কৰে আৰু আৰ্মেনিয়াই ফ্ৰান্সক 2.5-1.3ত পৰাস্ত কৰিবলৈ সক্ষম হয় । দ্বিতীয় ৰাউণ্ডত স্পেইনৰ সৈতে মুখামুখি হ’ব ভাৰত ৷

লগতে পঢ়ক : চলিত IPL ত RCB ৰ বলাৰ হৰ্ষল পেটেলৰ হেট্ৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.