চলিত IPL ত RCB ৰ বলাৰ হৰ্ষল পেটেলৰ হেট্ৰিক

author img

By

Published : Sep 27, 2021, 2:06 PM IST

Harshal Patel becomes first bowler to take hat-trick in IPL 2021

IPL 2021 ত প্ৰথমটো হেট্ৰিক(Hat-Trick) অৰ্জন কৰা বলাৰ হিচাপে অভিলেখ গঢ়ি তোলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ পেচাৰ হৰ্ষল পেটেলে(Harshal Patel) ৷ দেওবাৰে মুম্বাই ইণ্ডিয়ানছ(Mumbai Indians)ৰ বিৰুদ্ধে হোৱা মেচত এই অভিলেখ গঢ়ি তোলে পেটেলে ৷ ইয়াৰ লগে লগে তেওঁ আই পি এলৰ ইতিহাসত হেট্ৰিক অৰ্জন কৰা তৃতীয়জন RCB ৰ বলাৰ হিচাপেও পৰিগণিত হয় ৷

স্প’ৰ্টছ ডেস্ক, 27 ছেপ্তেম্বৰ : চলিত IPL 2021 ত প্ৰথমটো হেট্ৰিক(Hat-Trick) অৰ্জন কৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু(RCB)ৰ পেচাৰ হৰ্ষল পেটেলে(Harshal Patel) ৷ দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ(Mumbai Indians)ৰ বিৰুদ্ধে হোৱা মেচত 54 ৰাণত জয় লাভ কৰে বেংগালুৰুৱে ৷

এই জয়ে বেংগালুৰুক পইণ্ট তালিকাৰ তৃতীয় স্থানত ৰখাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছৰ পইণ্ট তালিকাৰ সপ্তম স্থানলৈ অৱনমিত কৰে ৷ মেচখনত এই সফলতা অৰ্জন কৰি পেটেলে পাৰ্পল কেপ(Purple Cap) লাভ কৰে ৷ ইয়াৰ পূৰ্বে হাৰ্ডিক পাণ্ডিয়া, কাইৰন প’লাৰ্ড আৰু ৰাহুল চহৰে তিনিটা বলত তিনিটা উইকেট দখল কৰি পাৰ্পল কেপ লাভ কৰিছিল ৷

বেংগালুৰুৱে 166 ৰাণ বান্ধি দিয়াৰ পাচত পাৱাৰ-প্লে(Power-Play)ত এটাও উইকেট নেহেৰুৱাকৈ 54 ৰাণ সংগ্ৰহ কৰিছিল মুম্বাইয়ে ৷ 9.5 অভাৰত গ্লেন মেক্সৱেলে ৰোহিত শৰ্মাৰ উইকেট লোৱাৰ পূৰ্বে এটা উইকেট হেৰুৱাই মুম্বাইয়ে 79 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷

তাৰ পাচৰ পৰাই মুম্বাইৰ দুৰ্বল প্ৰদৰ্শন আৰম্ভ হৈছিল ৷ বেংগালুৰুৰ শক্তিশালী বলিঙে মুম্বাইক 111 ৰাণত অল আউট কৰিবলৈ বাধ্য় কৰোৱায় ৷ ৰোহিত শৰ্মা আৰু কুইণ্টন ডি ক’কৰ বাহিৰে মুম্বাইৰ কোনো এজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৷

বেংগালুৰুৰ হৈ হৰ্ষল পেটেলে দেখুওৱা এই প্ৰদৰ্শনৰ বাবে চলিত বৰ্ষৰ আই পি এলত হেট্ৰিক অৰ্জন কৰা প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হয় পেটেল । তেওঁ আই পি এলৰ ইতিহাসত হেট্ৰিক লোৱা তৃতীয়জন RCB ৰ বলাৰ ৷ ইয়াৰ পূৰ্বে বেংগালুৰুৰ হৈ প্ৰবীণ কুমাৰ আৰু চেমুৱেল বদ্ৰীয়ে হেট্ৰিক অৰ্জন কৰিছিল ৷

লগতে পঢ়ক : IPL 2021: এটা দলৰ বিৰুদ্ধে এহাজাৰৰো অধিক ৰান সংগ্ৰহ কৰি অভিলেখ ৰোহিত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.