অসম

assam

IPL fastest fifty : আইপিএলত যশস্বী জয়ছোৱালৰ অভিলেখ

By

Published : May 12, 2023, 1:17 PM IST

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১৩ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰি অভিলেখ ৰচিলে যশস্বী জয়ছোৱালে (IPL fastest fifty by Yashasvi Jaiswal)। আইপিএলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে অভিলেখ সৃষ্টি কৰাৰ পাছতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেটাৰে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে । তেওঁৰ শীঘ্ৰে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাৰ দাবী বহুতৰ ।

IPL fastest fifty
আইপিএলত যশস্বী জয়ছোৱালৰ অভিলেখ

স্পৰ্টছ ডেস্ক, ১২ মে': চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ইতিহাস ৰচিলে ৰাজস্থান ৰয়েলছৰ বেটছমেন যশস্বী জয়ছোৱালে (RR batsman Yashasvi Jaiswal made history)। মাত্ৰ ১৩ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰি আইপিএলত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে নিজৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ কৰিলে জয়ছোৱালে । কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত বৃহস্পতিবাৰৰ আইপিএলৰ খেলখনত এই ইতিহাস ৰচনা কৰিলে খেলুৱৈগৰাকীয়ে ।

খেলখনত ৪৭ টা বলত ৯৮ ৰাণ সংগ্ৰহ কৰি তেওঁ নট আউট হৈ থাকে । ১৩ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰা একমাত্ৰ আইপিএল খেলুৱৈ হিচাপে জয়ছোৱালে ইতিহাস ৰচনা কৰাৰ পাছতে বহু তাৰকা আৰু জ্যেষ্ঠ তথা প্ৰাক্তন ক্ৰিকেটাৰে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে (Player congratulates Yashasvi Jaiswal)।

সেই ১৩ টা বলত জয়ছোৱালৰ স্ক'ৰ আছিল ক্ৰমে ৬,৬,৪,৪,৪,৪,১,৪,৪,৪,৪,৪,১ । যশস্বী জয়ছোৱালে ৰাজস্থান ৰয়েলছৰ হৈ কলকাতাৰ বিৰুদ্ধে প্ৰথম অভাৰতে ২৬ ৰাণ সংগ্ৰহ কৰে । পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্তৰে ক্ৰিকেটাৰসকলে তেওঁক প্ৰশংসা কৰা দেখা গৈছে । প্ৰায় সকলোৱে তেওঁক ভাৰতৰ হৈ খেলাটো বিচাৰিছে ।

এসময়ত আক্ৰমণাত্মক বেটিঙৰ বাবে জনাজাত ভাৰতীয় বেটছমেন বীৰেন্দ্ৰ ছেহৱাগে টুইট কৰি জয়ছোৱালক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ খেল উপভোগ কৰি আনন্দিত বুলি উল্লেখ কৰে (Virender Sehwag tweet on Jaiswal performance)। অষ্ট্ৰেলিয়ান বলাৰ ব্ৰেট লীয়েও ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডক এতিয়া ভাৰতীয় দলত যুৱ বেটছমেনজনক ল'বলৈ আহ্বান জনায় ।

শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ লাচিথ মালিঙ্গাইও আশা কৰা মতে অতি সোনকালে জয়ছোৱালক ভাৰতীয় দলত দেখা পাব । ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনাইও ভৱিষ্যতবাণী কৰি কয় যে জয়ছোৱালে কঠোৰ পৰিশ্ৰমেৰে বহুদূৰ আগলৈ যাব । ভাৰতীয় বেটছমেন সূৰ্য কুমাৰ যাদৱেও মুম্বাইৰ হৈ ঘৰুৱা খেল খেলা যশস্বীলৈ শুভেচ্ছা জ্ঞাপন কৰে । প্ৰাক্তন ভাৰতীয় পেচাৰ ইউছুফ পাঠানেও জয়ছোৱালক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে ।

খেলখনত জয়ছোৱালৰ আক্ৰমণাত্মক প্ৰদৰ্শনৰ বাবে ৰাজস্থান ৰয়েলছৰ নেট ৰাণৰেটো বৃদ্ধি পাইছে । কিয়নো ৰাজস্থান ৰয়েলছে মাত্ৰ ১৩.১ অভাৰতে ১৫০ ৰাণৰ লক্ষ্যত উপনীত হৈছিল । ইডেন গাৰ্ডেনত হোৱা খেলখনত ৯ উইকেটত ৰাজস্থান জয়ী হৈছিল ।

খেলৰ অন্তত জয়ছোৱালে উল্লেখ কৰা মতে এইটো তেওঁৰ বাবে বিশেষ মুহূৰ্ত আছিল । ভালদৰে খেলাটোৱে তেওঁৰ উদ্দেশ্য । বিজয়ী শ্বটটো ভাল অনুভৱ আছিল বুলি তেওঁ উল্লেখ কৰে কাৰণ তেওঁ খেলখন শেষ কৰিব বিচাৰিছিল ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰতৰ কে এল ৰাহুলে আইপিএলত ১৪ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰিছিল । ইফালে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত যুৱৰাজ সিঙৰ অভিলেখ কোনেও ভংগ কৰিব পৰা নাই (T20 fastest 50)। ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলতে ৫০ ৰাণ সংগ্ৰহ কৰিছিল যুৱৰাজ সিঙে ।

লগতে পঢ়ক :IPL 2023 RR vs KKR: কলকাতাৰ বিৰুদ্ধে 9 উইকেটত জয়ী ৰাজস্থান; যশস্বী জয়ছোৱালৰ দ্ৰুততম অৰ্ধশতক

ABOUT THE AUTHOR

...view details