ETV Bharat / sports

IPL 2023 RR vs KKR: কলকাতাৰ বিৰুদ্ধে 9 উইকেটত জয়ী ৰাজস্থান; যশস্বী জয়ছোৱালৰ দ্ৰুততম অৰ্ধশতক

author img

By

Published : May 11, 2023, 10:03 PM IST

Updated : May 11, 2023, 10:44 PM IST

আই পি এলৰ বৃহস্পতিবাৰৰ খেলত ৰাজস্থান ৰয়েলছে 9 উইকেটত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছক ৷ প্ৰথমে বেটিং কৰি কলকাতাই 150 ৰাণৰ লক্ষ্য বান্ধি দিছিল ৰাজস্থানক (IPL 2023 RR vs KKR) ৷ ৰাজস্থানৰ অপেনাৰ যশস্বী জয়ছোৱালৰ আই পি এল ইতিহাসৰ দ্ৰুততম অৰ্ধশতক অৰ্জন ৷

RR vs KKR match report
IPL 2023 RR vs KKR

নিউজ ডেস্ক, 11 মে’: বিস্ফোৰক বেটিঙেৰে কলকাতা নাইট ৰাইডাৰ্ছক 9 উইকেটত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে ৷ 150 ৰাণৰ লক্ষ্য আগতলৈ বেটিং আৰম্ভ কৰা ৰাজস্থানে যশস্বী জয়ছোৱাল আৰু সঞ্জু চেমচনৰ দুৰ্দান্ত বেটিঙৰ সহায়ত 13.1 অভাৰত 1 টা উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে ৷ যশস্বী জয়ছোৱাল আই পি এলৰ ইতিহাসত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণতি হয় (Fastest fifty in IPL history) ৷ 13 টা বলত 50 ৰাণ সংগ্ৰহ কৰা যশস্বীয়ে মুঠ 47 টা বলত 98 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ ইফালে ৰাজস্থানৰ অধিনায়ক সঞ্জু চেমচনেও বিস্ফোৰক প্ৰদৰ্শনেৰে 29 টা বলত 48 ৰাণ সংগ্ৰহ কৰে (RR vs KKR match report)।

ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে 20 অভাৰত 8 টা উইকেট হেৰুৱাই 149 ৰাণ সংগ্ৰহ কৰে ৷ দুই অপেনাৰ ৰয় আৰু গুৰবাজে ক্ৰমে 10 আৰু 18 ৰাণ কৰি আউট হোৱাৰ পাচত ভেংকটেশে 57, নীতিশ ৰাণাই 22 ৰাণ কৰি দলৰ স্ক’ৰ কিছু আগুৱাই নিয়ে ৷ ৰিংকু সিঙে 16 ৰাণ কৰে ৷ ৰাজস্থান ৰয়েলছৰ যুজবেন্দ্ৰ চাহালে 4 টাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব’ল্টে 2 টা উইকেট দখল কৰে (KKR vs RR live updates) ৷

কলকাতা নাইট ৰাইডাৰ্ছে দ্ৰুতবেগী বলাৰ বৈভৱ অৰোৰাৰ ঠাইত বাওঁহাতীয়া স্পিনাৰ অনুকুল ৰয়ক অন্তৰ্ভুক্ত কৰি তিনিজনীয়া স্পিনাৰৰ দ্বাৰা আক্ৰমণৰ সিদ্ধান্ত লয় । কলকাতা নাইট ৰাইডাৰ্ছ দলত সুনীল নাৰিন, বৰুণ চক্ৰৱৰ্তী আৰু সুয়াশ শৰ্মাকে তিনিজন ফ্ৰণ্ট লাইন স্পিনাৰ আছে ৷ আনহাতে অধিনায়ক নীতিশ ৰাণাও আংশিক সময়ৰ অফ স্পিনাৰ (RR vs KKR live blog)।

নীতিশ ৰাণা, মই ভাবো আমি বিচৰা ধৰণৰ পিটচ পাইছো । আমি ভাল ক্ৰিকেট খেলিব লাগিব, এখন এখনকৈ খেলত জয়ী হৈ 2 পইণ্টকৈ লাভ কৰিব লাগিব । আমাৰ দলত এটা পৰিৱৰ্তন কৰা হৈছে ৷ বৈভৱ অৰোৰাৰ ঠাইত অনুকুল ৰয়ক অন্তৰ্ভুক্ত কৰা হৈছে । দেখাত পিটচখন শুকান, তেওঁলোকে বেছি পানী দিয়া নাই, গতিকে আমি সেই অতিৰিক্ত স্পিনাৰজনক খেলাইছোঁ আৰু বেটিঙত কিছু গভীৰতা যোগ কৰিছো (IPL 2023 updates)।

সঞ্জু চেমচন - আমি খেলখনত প্ৰথমে বলিং কৰিম । দীঘলীয়া প্ৰতিযোগিতা, শক্তি আৰু দুৰ্বলতা অনুসৰি সলনি হোৱাৰ প্ৰয়োজন । আমাৰ দলত দুটামান পৰিৱৰ্তন আছে ৷ কুলদীপ যাদৱৰ ঠাইত ব'ল্ট আৰু মুৰুগান অশ্বিনৰ ঠাইত কে এম আছিফক অন্তৰ্ভুক্ত কৰা হৈছে । ৰুটে চতুৰ্থ স্থানত বেটিং কৰিব । এয়া দীঘলীয়া প্ৰতিযোগিতা, বলাৰৰ বাবে আমাৰ কেইখনমান খেলত বিজয় কঠিন হৈছে ৷ দলৰ মনোবল উচ্চ, পূৰ্বৰ পৰাজয় পাহৰি যোৱাটো সহজ নহয় ৷ কিন্তু আমি আগবাঢ়িব লাগিব (IPL 2023 news)।

কলকাতা নাইট ৰাইডাৰ্ছ: নীতিশ ৰাণা (C, ৰহমানুল্লাহ গুৰবাজ (W), জেচন ৰয়, ভেংকটেশ আয়াৰ, আন্দ্ৰে ৰাছেল, ৰিংকু সিং, সুনীল নাৰিন, শাৰ্দুল ঠাকুৰ, অনুকুল ৰয়, হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰবৰ্তী ।

ৰাজস্থান ৰয়েলছ: সঞ্জু চেমছন (C/W), যশস্বী জয়ছোৱাল, জছ বাটলাৰ, জো ৰুট, ধ্ৰুৱ জুৰেল, চিমৰন হেটমেয়াৰ, ৰবিচন্দ্ৰন অশ্বিন, ট্ৰেণ্ট ব'ল্ট, সন্দীপ শৰ্মা, কে এম আছিফ আৰু যুজবেন্দ্ৰ চাহাল ।

লগতে পঢ়ক: CSK vs DC live updates : দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাত দ্বিতীয় স্থান চেন্নাই ছুপাৰ কিংছ

Last Updated :May 11, 2023, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.