ETV Bharat / sports

CSK vs DC live updates : দিল্লী কেপিটেলছক পৰাস্ত কৰি পইন্ট তালিকাত দ্বিতীয় স্থান চেন্নাই ছুপাৰ কিংছ

author img

By

Published : May 10, 2023, 9:39 PM IST

Updated : May 11, 2023, 7:23 AM IST

আই পি এল 2023 ৰ আজিৰ খেলত মুখামুখি হৈছে চেন্নাই ছুপাৰ কিংছ আৰু দিল্লী কেপিটেলছ ৷ টচত জিকি প্ৰথমে বেটিং কৰি চেন্নাই দলে দিল্লীক 168 ৰাণৰ লক্ষ্য বান্ধি দিয়ে (Chennai Super Kings vs Delhi Capitals) ৷

Chennai Super Kings vs Delhi Capitals
CSK vs DC live updates

নিউজ ডেস্ক, 10 মে’: দিল্লী কেপিটেলছক পৰাস্ত কৰি আই পি এল পইন্ট তালিকাত দ্বিতীয় স্থান অক্ষুন্ন ৰাখিলে চেন্নাই ছুপাৰ কিংছে । বুধবাৰৰ খেলখনত চেন্নাইৰ হাতত 26 ৰাণত পৰাস্ত হয় দিল্লী । এই বিজয়েৰে চেন্নাইৰ পইন্ট সংখ্যা হলগৈ 15 ।

চেন্নায়ে বান্ধি দিয়া 167 ৰাণৰ লক্ষ্য আগত লৈ বেটিং আৰম্ভ কৰা দিল্লী কেপিটেলছে 20 অভাৰত 8 টা উইকেট হেৰুৱাই 140 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৰলী ৰচৌৱে 35, মনীষ পাণ্ডেয়ে 27 আৰু অক্ষৰ পেটেলে 21 ৰাণ কৰে । চেন্নাইৰ মাথীশা পাথিৰাণাই 3 টা উইকেট দখল কৰে ।(CSK vs DC match) ।

প্ৰথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে নিৰ্ধাৰিত 20 অভাৰত 8 টা উইকেট হেৰুৱাই 167 ৰাণ সংগ্ৰহ কৰে ৷ গাইকোৱাডে 27, ৰাহানে 21, ডুবে 25, ৰায়ুডু 23, জাডেজা 21 আৰু এম ছ ধোনীয়ে 20 ৰাণ সংগ্ৰহ কৰে ৷ দিল্লী কেপিটেলছৰ মিচেল মাৰ্শ্বে 3 টা উইকেট দখল কৰে (CSK vs DC live blog) ৷

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়ে টছৰ সময়ত কয়, "আমি প্ৰথমে বেটিং কৰিম । এই খেলপথাৰত আমি কেইখনমান খেল খেলিছো । এই খেলপথাৰৰ গতি লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে । আমি এই ট্ৰেকক লৈ অভিযোগ কৰিব নোৱাৰো । আমি ইয়াক সহজ কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ । আমি একেটা গতিকে পুনৰাবৃত্তি কৰি থাকিবলৈ চেষ্টা কৰোঁ । আপোনাৰ পৰিকল্পনা সম্পন্ন কৰিবলৈ চেষ্টা কৰক । আপোনাৰ পৰিকল্পনাসমূহ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক । আমাৰ দলত এটা পৰিৱৰ্তন আছে ।" (CSK vs DC live updates)

দিল্লী কেপিটেলৰ অধিনায়ক ডেভিদ ৱাৰ্নাৰে টছৰ সময়ত কয়, "অলপ শুকান যেন লাগিছে ক্ৰীজখন । খেলুৱৈ সকল সঠিক মনোভাৱেৰে ওলাই আহিছে । আমি আমাৰ পাৱাৰ প্লে’ বেটিঙত কাম কৰিবলগীয়া হৈছিল । চেষ্টা কৰিম আৰু যিমান পাৰি উইকেট দখলৰ চেষ্টা কৰিম । মনীষ পাণ্ডেৰ স্থানত দলত ললিতক অন্তৰ্ভুক্ত কৰা হৈছে ৷

চেন্নাই ছুপাৰ কিংছ (প্লেয়িং একাদশ): ঋতুৰাজ গাইকোৱাদ, ডেভন কনৱে, অজিংক্য ৰাহানে, অম্বতি ৰায়ুডু, ময়েন আলী, ৰবীন্দ্ৰ জাদেজা, এম এছ ধোনি(w/c), দীপক চহৰ, মথিছা পাথিৰানা, তুষাৰ দেশপাণ্ডে, মহীশ থিকশানা ।

দিল্লী কেপিটেলছ (প্লেয়িং একাদশ): ডেভিদ ৱাৰ্নাৰ(C), ফিলিপ ছল্ট(w), মিচেল মাৰ্ছ, ৰিলী ৰছৌ, অক্ষৰ পেটেল, অমন হাকিম খান, ললিত যাদৱ, কুলদীপ যাদৱ, মুকেশ কুমাৰ, খলিল আহমেদ, ঈশান্ত শৰ্মা ।

লগতে পঢ়ক: RCB vs MI match: ছয় উইকেটত বেংগালুৰুক হৰুৱাই পইন্ট তালিকাৰ তৃতীয় স্থানত মুম্বাই ইণ্ডিয়ানছ

Last Updated :May 11, 2023, 7:23 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.