অসম

assam

আই পি এল 2024 ত কোন খেলুৱৈ থাকিব কোন দলত ?

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 4:43 PM IST

IPL AUCTION 2024: ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ নিলামত সৰ্বাধিক দৰত চুক্তিৱদ্ধ হৈছে অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰ্ক আৰু দ্বিতীয়তে পেট কামিন্স ৷ কলকাতা নাইট ৰাইডাৰ্ছে ষ্টাৰ্কক ক্ৰয় কৰাৰ বিপৰীতে আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে ক্ৰয় কৰে কামিন্সক । আই পি এলৰ নিলাম সমাপ্ত হোৱাৰ পিছত সকলো দলৰ স্কোৱাড সম্পূৰ্ণ হৈছে ৷ চাওক কোনটো দলত কোন কোন খেলুৱৈ অন্তৰ্ভুক্ত হৈছে ৷

IPL AUCTION 2024
all teams of IPL 2024

নতুন দিল্লী, 20 ডিচেম্বৰ: মঙলবাৰে (১৯ ডিচেম্বৰ) দুবাইত আই পি এল ২০২৪ ৰ নিলাম সম্পূৰ্ণ হয় । এই নিলামত বহু খেলুৱৈৰ বাম্পাৰ লটাৰী আছিল, য’ত মিচেল ষ্টাৰ্ক, পেট কামিন্সৰ লগতে নবীন খেলুৱৈ শুভম ডুবে আৰু সমীৰ ৰিজৱীৰ দৰে নাম আছিল । এই নিলামত এই খেলুৱৈসকলে প্ৰচুৰ মুনাফা অৰ্জন কৰিছে ।

এই নিলামত মিচেল ষ্টাৰ্কে কেকেআৰৰ সৈতে ২৪.৭৫ কোটি টকাত চুক্তিৱদ্ধ হৈ আইপিএলৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় । ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সৈতে ২০.৫ কোটি টকাত চুক্তিৱদ্ধ হোৱা পেট কামিন্স আই পি এলৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ব্যয়বহুল খেলুৱৈ হিচাপে চিহ্নিত হৈছে । এই দুয়োগৰাকী খেলুৱৈৰ ভিত্তি মূল্য আছিল ২ কোটি টকা ।

ভাৰতৰ যুৱ খেলুৱৈ সমীৰ ৰিজৱীক চেন্নাই ছুপাৰ কিংছে ৮.৫০ কোটি টকাত ক্ৰয় কৰাৰ বিপৰীতে শুভম দুবেক ৰাজস্থান ৰয়েলছে ৫.৮০ কোটি টকাত ক্ৰয় কৰে । ইয়াৰ বাহিৰেও বহু খেলুৱৈৰ নাম নিলাম কৰা হৈছিল যদিও একাংশ খেলুৱৈক কোনো দলে ক্ৰয় নকৰিলে ।

কলকাতা নাইট ৰাইডাৰ্ছ (KKR)-শ্ৰেয়স আয়াৰ (অধিনায়ক), নীতিশ ৰাণা, সুনীল নাৰাইন, ৰিংকু সিং, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, কে এছ ভাৰত, আন্দ্ৰে ৰাছেল, ভেংকটেশ আয়াৰ, জেছন ৰয়, বৈভৱ অৰোৰা, ৰহমানুল্লাহ গুৰবাজ, সুয়শ শৰ্মা, ৰমনদীপ সিং, মনীষ পাণ্ডে, মুজীব-উৰ-ৰহমান, শেৰ্ফান ৰাদাৰফোৰ্ড, গাছ এটকিনছন, শ্বাকিব হুছেইন, অনুকুল ৰয়, চেতন সাকাৰিয়া, অংকৃশ ৰঘুবংশী, মিচেল ষ্টাৰ্ক ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (SRH)-এইডেন মাৰক্ৰাম (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ, হেনৰিক ক্লাচেন, ৰাহুল ত্ৰিপাঠী, মাৰ্কো য়ান্সেন, ৱাশ্বিংটন সুন্দৰ, সনবীৰ সিং, মায়ংক আগৰৱাল, গ্লেন ফিলিপছ, ট্ৰেভিছ হেড, পেট কামিন্স, জয়দেৱ উনাদকট, ৱানিন্দু হাছাৰাংগা, আকাশ সিং, জাথাবেদ সুব্ৰমণিয়ান, আব্দুল ছামাদ, উমৰাণ মালিক, ফজলহক ফাৰুকী, শ্বাহবাজ আহমেদ, নীতিশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, টি নটৰাজন, মায়ংক মাৰ্কাণ্ডে, উপেন্দ্ৰ সিং যাদৱ, আনমোলপ্ৰীত সিং ।

চেন্নাই ছুপাৰ কিংছ (CSK)-মহেন্দ্ৰ সিং ধোনী (অধিনায়ক), ৰবীন্দ্ৰ জাডেজা, ডেভন কনৱে’, ঋতুৰাজ গায়কোৱাড়, দীপক চহৰ, মইন আলী, মথীশা পথিৰাণা, আজিংক্য ৰাহানে, তুষাৰ দেশপাণ্ডে, ডেৰিল মিচেল, সমীৰ ৰিজৱী, শাৰ্দুল ঠাকুৰ, মুস্তাফিজুৰ ৰহমান, অৱনীশ ৰাও আৰাৱলী, ৰাজবৰ্ধন হংগৰগেকৰ, শিৱম দুবে, অজয় মণ্ডল, শেখ ৰছিদ, সিমৰজিত সিং, প্ৰশান্ত সোলাংকী, মহেশ তীক্ষ্ণা, নিশান্ত সিন্ধু, ৰচিন ৰবীন্দ্ৰ, মুকেশ চৌধৰী, মিচেল ছেন্টনাৰ ৷

ৰাজস্থান ৰয়েলছ (RR)- সঞ্জু চেমচন (অধিনায়ক), জছ বাটলাৰ, যশস্বী জয়ছোৱাল, ধ্ৰুৱ জুৰেল, শ্বিমৰন হেটমায়াৰ, ৰিয়ান পৰাগ, ড’নভান ফেৰেইৰা, ক্ৰুনাল ৰাথোড়, কুলদীপ সেন, আৰ অশ্বিন, যুজবেন্দ্ৰ চাহাল, শুভম ডুবে, টম কোহলাৰ-কেডম’ৰ, আবিদ মুস্তাক, নন্দ্ৰে বাৰ্গাৰ, এডাম জাম্পা, প্ৰসিদ্ধ কৃষ্ণ, ট্ৰেণ্ট ব’ল্ট, সন্দীপ শৰ্মা, নৱদ্বীপ ছাইনী, ৰভমান পাৱেল, আৱেশ খান।

দিল্লী কেপিটেলছ (DC)- ঋষভ পন্ত(অধিনায়ক), ডেভিদ ৱাৰ্নাৰ, পৃথ্বী শ্ব', মিচেল মাৰ্শ, অভিষেক প'ৰেল, খলিল আহমেদ, এনৰিক নৰ্কিয়া, কুলদীপ যাদৱ, অক্ষৰ পেটেল, ললিত যাদৱ, ইশান্ত শৰ্মা, যশ ধুল, ৰিকি ভূই, ঝাই ৰিচাৰ্ডছন, শ্বাই হোপ, সুমিত কুমাৰ, স্বস্তিক ছিকাৰা, লুংগী এনগিদি, বিকি অষ্টৱাল, প্ৰবীণ দুবে, হেৰী ব্ৰুক, মুকেশ কুমাৰ, ত্ৰিষ্টান ষ্টাবছ, কুমাৰ কুশাগ্ৰা, ৰশিক দাৰ ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)– ফাফ ডু প্লেছি’ (অধিনায়ক), গ্লেন মেক্সৱেল, বিৰাট কোহলী, দীনেশ কাৰ্তিক, অনুজ ৰাৱত, সুয়শ প্ৰভুদেশাই, ৰজত পাটিদাৰ, মহিপাল লোমৰৰ, ৰিচ টপলি, উইল জেক, কৰ্ণ শৰ্মা, যশ দয়াল, টম কৰণ, আলজাৰী জোচেফ, লকি ফাৰ্গুচন, সৌৰভ চৌহান, স্বপ্নীল সিং, মায়ংক ডাগৰ, বিজয়কুমাৰ বিষাক, মনোজ ভাণ্ডেজ, আকাশ দীপ, হিমাংশু শৰ্মা, মহম্মদ চিৰাজ, ৰাজন কুমাৰ, কেমেৰন গ্ৰীণ।

মুম্বাই ইণ্ডিয়ানছ (MI)- হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, ডিৱাল্ড ব্ৰুেভিছ, তিলক বাৰ্মা, টিম ডেভিড, ঈশান কিষণ, ছামছ মুলানী, বিষ্ণু বিনোদ, নেহাল ৱাধেৰা, শ্ৰেয়স গোপাল, নুৱান থুছাৰা, অংশুল কামোজ, মহম্মদ নবী, নমন ধীৰ, শিৱলিক শৰ্মা, জেছন বেহৰেণ্ডৰ্ফ, যশপীত বুমৰাহ, পীয়ুষ চাওলা, অৰ্জুন টেণ্ডুলকাৰ, আকাশ মাধৱাল, কুমাৰ কাৰ্তিকেয়া, ৰোমাৰিও শ্বেফাৰ্ড, জেৰাল্ড কোট্জী, দিলছান মাদুশংকা ।

পঞ্জাব কিংছ (PBKS)- শিখৰ ধাৱন (অধিনায়ক), ঋষি ধৱন, কাগিছো ৰাবাদা, লিয়াম লিভিংষ্টন, চিকন্দৰ ৰাজা, জিতেশ শৰ্মা, নাথান এলিছ, ছেম কৰণ, অৰ্শদীপ সিং, প্ৰভসীমৰণ সিং, অথৰ্ব টাইডে, বিশ্বনাথ প্ৰতাপ সিং, প্ৰিন্স চৌধৰী, ৰাইলি ৰুছ’, আশুতোষ শৰ্মা, শশাংক সিং, তনয় থিয়াগৰাজন, মেথিউ শ্বৰ্ট, হৰপ্ৰীত ভাটিয়া, বিদ্বাথ কাৱেৰপ্পা, ৰাহুল চহৰ, হৰপ্ৰীত ব্ৰাৰ, হৰ্শল পেটেল, ক্ৰিছ ৱ’কছ, শিৱম সিং ।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছ (LSG)- কে এল ৰাহুল (কেপ্তেইন), কুইণ্টন ডি কক, নিকোলাছ পুৰাণ, দেৱদত্ত পডিক্কাল, ক্ৰুনাল পাণ্ডিয়া, মাৰ্কাছ ষ্টয়নিছ, দীপক হুদা, আয়ুষ বদোনি, মাৰ্ক উড, নবীন উল হক, আশীষ কুলকাৰ্ণী, শিৱম মাভি, এম. সিদ্ধাৰ্থ, ডেভিদ উইলি, এষ্টন টাৰ্নাৰ, মহম্মদ আৰ্শ্বদ খান, ৰবি বিষ্ণৈ, যুধবীৰ সিং, কাইল মেয়াৰ্ছ, যশ ঠাকুৰ, প্ৰেমক মানকাদ, অমিত মিশ্ৰ, মায়ংক যাদৱ, মহছিন খান, কৃষ্ণপ্পা গৌতম ।

গুজৰাট টাইটানছ (GT)- শুভমন গিল (অধিনায়ক), ৰাশ্বিদ খান, কেন উইলিয়ামছন, ঋদ্ধিমান সাহা, ডেভিদ মিলাৰ, মেথিউ ৱেড, সাই সুদৰ্শন, অভিনৱ মনোহৰ, ৰাহুল তেৱাটিয়া, বিজয় শংকৰ, মহম্মদ শামী, মোহিত শৰ্মা, শ্বাহৰুখ খান, কাৰ্তিক ত্যাগী, মানৱ সুথাৰ, সুশান্ত মিশ্ৰ, স্পেন্সৰ জনছন, ৰবিন মিঞ্জ, সাই কিশোৰ, দৰ্শন নলকাণ্ডে, জয়ন্ত যাদৱ, জোশুয়া লিটল, নূৰ আহমেদ, আজমতুল্লাহ ওমৰজাই, উমেশ যাদৱ ।

লগতে পঢ়ক:কেকেআৰৰে চুক্তিবদ্ধ হৈ ৰোমাঞ্চিত আইপিএল ২০২৪ৰ আটাইতকৈ দামী খেলুৱৈ

ABOUT THE AUTHOR

...view details