অসম

assam

IND vs AUS 2023 : ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া, শ্ৰেয়াছ আৰু অশ্বিনৰ ওপৰত চাপ বৃদ্ধি

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 1:35 PM IST

মোহালিত প্ৰথমখন এদিনীয়াত জয়ী হোৱাৰ পাছত দেওবাৰে ভাৰত পুনৰ মুখামুখি হ'ব অষ্ট্ৰেলিয়াৰ । আগন্তুক বিশ্বকাপৰ প্ৰস্তুতি হিচাপে কেইবাগৰাকী ভাৰতীয়ৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এই শৃংখলা যথেষ্ট গুৰুত্বপূৰ্ণ ।

IND vs AUS 2023
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া

স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ :আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন এদিনীয়া অনুষ্ঠিত হ'ব । প্ৰথম এদিনীয়াত ভাৰতে উন্নত প্ৰদৰ্শনৰ জৰিয়তে বিজয় সাব্যস্ত কৰে যদিও এই খেলখনত কেইবাগৰাকী খেলুৱৈৰ ওপৰত যথেষ্ট চাপ থাকিব । মোহালিত দুৰ্ভাগ্যবশতঃ ৰাণ আউট হোৱা শ্ৰেয়াছ আয়াৰৰ বাবে এইখন মেচ গুৰুত্বপূৰ্ণ হ'ব । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত নিজৰ বাবে অলপ ৰাণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব শ্ৰেয়াছ । আনহাতে স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনেও মাজৰ অভাৰবোৰত উইকেটৰ বাবে যুঁজ দিব ।

উল্লেখ্য যে, অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীকে ধৰি কেইবাগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈৰ অবিহনে খেলি ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত সহজে জয় লাভ কৰে আৰু ইয়াৰ হোলকাৰ ষ্টেডিয়ামত দ্বিতীয়খন মেচো জয়ী হোৱাৰ চেষ্টা কৰিব । ইফালে বৰষুণৰ ফলত চহৰখনৰ তাপমাত্ৰা হ্ৰাস পাইছে আৰু মোহালিত আৰ্দ্ৰতাৰ সন্মুখীন হোৱা খেলুৱৈসকলে মধ্যপ্ৰদেশৰ হোলকাৰ ষ্টেডিয়ামলৈ আহি যথেষ্ট সকাহ পাইছে । প্ৰথমখন এদিনীয়াত মহম্মদ ছামী আৰু সূৰ্যকুমাৰ যাদৱৰ প্ৰদৰ্শন ভাৰতৰ বাবে ইতিবাচক আছিল । ৫ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া বিশ্বকাপৰ পূৰ্বে এতিয়াও ভাৰতীয় দলটোৰ বাবে বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে ।

আঘাতৰ পৰা আৰোগ্য হৈ ভাৰতীয় দলটোত ৪ নম্বৰত বেটিং কৰা শ্ৰেয়াছ আয়াৰে বিভিন্ন কাৰণত ক্ৰীজত পৰ্যাপ্ত সময় অতিবাহিত কৰিবলৈ সক্ষম হোৱা নাই । এছিয়া কাপত তেওঁ কেইখনমান খেল খেলিব নোৱাৰিলে । আনহাতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম এদিনীয়াত তেওঁ মাত্ৰ ৮ টা বল খেলিয়ে ৰাণ আউট হয় । সেয়েহে সোঁহাতৰ বেটছমেন শ্ৰেয়াছে বাকী দুখন এদিনীয়াত ৰাণ সংগ্ৰহ কৰি বিশ্বকাপৰ পূৰ্বে মনোবল বৃদ্ধিৰ চেষ্টা চলাব ।

আনহাতে অশ্বিনে দীৰ্ঘদিনৰ পাছত উভতি আহি যোৱা খেলখনত যথেষ্ট উন্নত বলিং কৰে যদিও অষ্ট্ৰেলিয়াৰ বেটছমেনসকলক অসুবিধাত পেলাব নোৱাৰিলে । ইফালে অক্সৰ পেটেল সঠিক সময়ত যদি ফিট নহয় তেনেহ'লে তাৰকা স্পিনাৰ অশ্বিনে ভাৰতৰ বিশ্বকাপ দলত স্থান লাভ কৰাৰ সম্ভাৱনা থাকিব । কিন্তু তেওঁৰ পৰা অধিক উন্নত প্ৰদৰ্শন আশা কৰিব দল পৰিচালনা সমিতিয়ে ।

দলটোত অন্তৰ্ভুক্ত আন এগৰাকী অফ স্পিনাৰ ৱাশ্বিংটন সুন্দৰে সুযোগ পায় নে নাপায় সেয়াও চাব লাগিব । যদি তেওঁ চূড়ান্ত একাদশত স্থান পায়, তেন্তে অশ্বিন বহিব লাগিব পাৰে । ফাষ্ট বলাৰ শাৰ্দুল ঠাকুৰেও তেওঁৰ প্ৰদৰ্শন উন্নত কৰিবলৈ চেষ্টা কৰিব । তেওঁ প্ৰথম এদিনীয়াত ১০ অভাৰত ৭৮ ৰাণ দিছিল । এই খেলুৱৈসকলৰ প্ৰদৰ্শনত স্থিৰতাৰ অভাৱ আছে যাক লৈ দলটোৰ উদ্বেগ বাঢ়িছে । বেটিঙত সূৰ্যকুমাৰ যাদৱে একেৰাহে বিফল হোৱাৰ পাছত এটা ভাল ইনিংছ খেলিছে ।

ভাৰতৰ দৰে অষ্ট্ৰেলিয়াৰো কেইগৰাকীমান মুখ্য খেলুৱৈ প্ৰথম এদিনীয়াত খেলিবলৈ সুবিধা নাপালে । তাৰ ভিতৰত আছে মিচেল ষ্টাৰ্ক, গ্লেন মেক্সৱেল আৰু জছ হেজলউড । অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে মোহালিত খেলখনৰ পাছত কয় যে এই তিনিগৰাকী খেলুৱৈয়ে ২৭ ছেপ্টেম্বৰত ৰাজকোটত অনুষ্ঠিত হ'বলগীয়া তৃতীয়খন এদিনীয়াৰ পূৰ্বে খেলিবলৈ সাজু হৈ উঠিব পাৰে ।

অষ্ট্ৰেলিয়াৰ অপেনাৰ ডেভিদ ৱাৰ্ণাৰৰ ফৰ্ম অব্যাহত আছে । কিন্তু ষ্টিভ স্মিথ আৰু মাৰ্নাছ লাবুচাগেনে ভাল ইনিংছ খেলিবলৈ বিচাৰিব । হোলকাৰ ষ্টেডিয়ামত অন্তিমখন এদিনীয়া খেল জানুৱাৰীত খেলা হৈছিল । নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত এই খেলখনত ভাৰতে ৰোহিত আৰু শুভমন গিলৰ শতকৰ সহায়ত ৩৮৫ ৰাণৰ বৃহৎ স্ক'ৰ কৰিবলৈ সক্ষম হৈছিল । ৰোহিত এইখন খেলত নাথাকিব যদিও গিলে পুনৰ এটা দীঘলীয়া ইনিংছ খেলিবলৈ চেষ্টা কৰিব ।

১৫ জনীয়া ভাৰতীয় দল :কে এল ৰাহুল (অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, ৰিতুৰাজ গায়কৱাড়, শুভমন গিল, শ্ৰেয়াছ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, ঈশান কিষাণ, শাৰ্দুল ঠাকুৰ, ৱাশ্বিংটন সুন্দৰ, আৰ অশ্বিন, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ।

১৫ জনীয়া অষ্ট্ৰেলিয়া দল : পেট কামিন্স (অধিনায়ক), এলেক্স কেৰী, নাথান এলিছ, কেমেৰুন গ্ৰীণ, এডাম জাম্পা, মাৰ্কাছ ষ্টইনিছ, মিচেল ষ্টাৰ্ক, ষ্টিভ স্মিথ, ডেভিড ৱাৰ্ণাৰ, জছ হেজলউড, স্পেন্সাৰ জনছন, মাৰ্নাছ লাবুচাগেন, মিচেল মাৰ্শ, গ্লেন মেক্সৱেল, তনবীৰ সাঙ্ঘা, মেট শ্বৰ্ট ।

লগতে পঢ়ক :Asian Games 2023 : ৰোয়িং প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক লাভ

ABOUT THE AUTHOR

...view details