ETV Bharat / sports

Asian Games 2023 : ৰোয়িং প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক লাভ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 12:42 PM IST

হাংঝৌ এছিয়ান গেমছত ভাৰতৰ হাতলৈ আহিল আন এটা পদক । পুৰুষৰ ৰোয়িং ইভেণ্টত ভাৰতে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

Asian Games 2023
ৰোয়িং প্ৰতিযোগিতাত ভাৰতৰ ৰূপৰ পদক লাভ

স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ : এছিয়ান গেমছত ভাৰতৰ দপদপনি অব্যাহত আছে । মহিলাৰ এয়াৰ ৰাইফলছ দলৰ সফলতাৰ পাছত এইবাৰ ৰোয়িং প্ৰতিযোগিতাত শক্তিশালী প্ৰদৰ্শন ভাৰতীয় দলৰ । চমৎকাৰী আৰু দলীয় শক্তিশালী প্ৰদৰ্শনৰ বাবে ভাৰতীয় ৰোয়িং দলটোৱে হাংঝৌত অনুষ্ঠিত ১৯ সংখ্যক এছিয়ান গেমছত ০৫:৪৩.০১ সময়ৰ সৈতে পুৰুষৰ কক্সড এইট ফাইনেল ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰে । পুৰুষৰ কক্সড এইট দলে ২০১৪ সংস্কৰণৰ পাছত আন এটা পদক লাভ কৰি এতিয়ালৈকে হাংঝৌত তৃতীয়টো ৰোয়িং পদক অৰ্জন কৰিছে ।

প্ৰতিযোগিতাৰ মাজভাগলৈ ভাৰত তৃতীয় স্থানত আছিল কিন্তু দ্বিতীয়াৰ্ধত এক শক্তিশালী প্ৰচেষ্টাৰ পাছত ভাৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । ৰূপৰ পদক লাভ কৰা ৰোয়িং দলটোত আছিল নীৰজ, নৰেশ কালৱানিয়া, নীতিশ কুমাৰ, চৰণজিৎ সিং, জচবিন্দৰ সিং, ভীম সিং, পুনিত কুমাৰ আৰু আশীষ । প্ৰতিযোগিতাটোত চীনে সোণৰ পদক লাভ কৰে ।

ইফালে হাংঝৌ এছিয়ান গেমছৰ আৰম্ভণিৰ দিনটোতে ভাৰতে ভাল প্ৰদৰ্শন দেখুৱাইছে । শ্বুটিং আৰু ৰোয়িঙত ভাৰতে ইতিমধ্যে ৰূপৰ পদক লাভ কৰিছে । ইয়াৰ পূৰ্বে ৰোয়িঙত লেখ ৰাম আৰু বাবু লাল যাদৱে দেওবাৰে পুৰুষৰ পেয়াৰ ফাইনেলত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ তৃতীয় পদক আৰু দ্বিতীয় ৰোয়িং পদক অৰ্জন কৰে । হংকং আৰু উজবেকিস্তানে ক্ৰমান্বয়ে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰাৰ পাছত ভাৰতে তৃতীয় স্থান লাভ কৰে । ইফালে পদকৰ তালিকাৰ শীৰ্ষত আৰু হংকং আৰু চীন । তাৰ পাছত আছে উজবেকিস্তান আৰু ভাৰত ।

তিনিওখন দেশে এছিয়ান গেমছত তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱা দেখা গৈছে । সোণৰ পদকৰ বাবে প্ৰতিখন দেশে প্ৰচেষ্টা অব্যাহত ৰাখিছে । কিন্তু চীনে শেষ হাঁহি মাৰি প্ৰতিযোগিতাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Asian Games 2023: মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতলৈ আহিল প্ৰথমটো পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.