ETV Bharat / sports

Asian Games 2023: মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতলৈ আহিল প্ৰথমটো পদক

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 10:06 AM IST

১৯ সংখ্যক এছিয়ান গেমছত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতে ৰূপৰ পদ লাভ কৰে । ৰামিতা, মেহুলি ঘোষ আৰু আশী চৌকছেৰ প্ৰদৰ্শনত আনন্দিত দেশবাসী । ব্যক্তিগত ইভেণ্টৰ ফাইনেলৰ বাবেও যোগ্যতা অৰ্জন ৰামিতা আৰু মেহুলিৰ ।

Asian Games 2023
মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ভাৰতলৈ আহিল প্ৰথমটো পদক

স্পৰ্টছ ডেস্ক, ২৪ ছেপ্টেম্বৰ : এছিয়ান গেমছত ভাৰতৰ পদক লাভ যাত্ৰা আৰম্ভ । দেওবাৰে ১৯ সংখ্যক এছিয়ান গেমছত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে ভাৰতৰ খেলুৱৈসকলে । ভাৰতৰ হৈ ৰামিতা, মেহুলি ঘোষ আৰু আশী চৌকছেৰ ৰূপৰ পদ লাভ কৰে আৰু পদৰ তালিকা মুকলি কৰে । ১৯ সংখ্যক এছিয়ান গেমছত ভাৰতৰ এয়া প্ৰথম পদক অৰ্জন ।

ভাৰতে মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল ইভেণ্টত ১,৮৮৬ পইণ্টৰ সৈতে ৰূপৰ পদক লাভ কৰে আৰু ৰামিতাই ৬৩১.৯, মেহুলিয়ে ৬৩০.৮ আৰু আশীয়ে ৬২৩.৩ স্ক'ৰ কৰিবলৈ সক্ষম হয় । মেহুলি, ৰামিতা আৰু আশী চৌকছে তিনিওগৰাকীয়ে ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ক্ৰমান্বয়ে দ্বিতীয় স্থান লাভ কৰে । ইফালে ৰামিতা আৰু মেহুলি ব্যক্তিগত ইভেণ্টত ২য় আৰু পঞ্চম স্থান লাভ কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । আনহাতে ব্যক্তিগত ইভেণ্টত আশীয়ে ২৯ সংখ্যক স্থান লাভ কৰে ।

  • #WATCH | Indian 10M Air Rifle shooter Ashi Chouksey after winning a silver medal in the team event at Hangzhou Asian Games says, "It's a very proud moment for us that it's the first medal for the Asian Games. We were prepared and confident that we would get a medal. This is my… pic.twitter.com/j6KI6MhNES

    — ANI (@ANI) September 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

১৮৮৬ মুঠ স্ক'ৰৰ সৈতে অৰ্হতা ৰাউণ্ডৰ শেষত মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলৰ প্ৰতিযোগিতাত ৰামিতা, মেহুলি ঘোষ আৰু আশী চৌকছেয়ে ৰূপৰ পদক অৰ্জন কৰে । চীনে ১৮৯৬.৬ স্ক'ৰ সৈতে স্বৰ্ণ জয় লাভ কৰে আৰু মঙ্গোলিয়াই ১৮৮০ স্ক'ৰ সৈতে ব্ৰঞ্জৰ পদক লাভ কৰে । ব্যক্তিগত ইভেণ্টত ৰামিতাই ৬৩১.৯ পইণ্টৰ সৈতে দ্বিতীয়, মেহুলিয়ে ৬৩০.৮ পইণ্টৰ সৈতে ৫ম স্থান লাভ কৰে । লগতে ব্যক্তিগত ইভেণ্টত ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে । প্ৰতিবেদন অনুসৰি চীনৰ হান জিয়ায়ুৱে ৬৩৪.১ পইণ্টৰ সৈতে এক নতুন অৰ্হতা এছিয়ান ৰেকৰ্ড স্থাপন কৰে ।

ইফালে দেওবাৰে এছিয়ান গেমছ আৰম্ভ হোৱাৰ লগে লগে ভাৰতীয় খেলুৱৈসকলক বিশেষ শুভেচ্ছা জ্ঞাপন কৰা হৈছে । এছিয়ান গেমছত ভাৰতে পূৰ্বতকৈ ভাল প্ৰদৰ্শন কৰাৰ লগতে পদকৰ তালিকাত শক্তিশালী স্থান দখল কৰিব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক :Asian Games 2023 : এছিয়ান গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলক প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.