অসম

assam

মেক্সৱেলৰ বিস্ফোৰক বেটিঙেৰে বৰ্ষাপাৰাত জয়ৰ সোৱাদ ল’লে অষ্ট্ৰেলিয়াই

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 9:18 PM IST

Updated : Nov 28, 2023, 10:56 PM IST

আজি গুৱাহাটীত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত তৃতীয়খন টি-২০ মেচত অষ্ট্ৰেলিয়াৰ জয় ৷ 5 উইকেটত পৰাস্ত সূৰ্যবাহিনী ৷

India vs Australia 3rd T20I
IND vs AUS 3rd T20I Toss

স্প’ৰ্টছ ডেস্ক, 28 নৱেম্বৰ:বৰ্ষাপাৰাত মেক্সৱেলৰ বিধ্বংসী বেটিঙেৰে ভাৰতক 5 উইকেটত পৰাস্ত কৰিলে অষ্ট্ৰেলিয়াই ৷ শৃংখলাৰ তৃতীয়খন টি-20 মেচত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 223 ৰাণৰ লক্ষ্য বান্ধি দিছিল অষ্ট্ৰেলিয়াক ৷ প্ৰত্যুত্তৰত 5 উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে কেংগাৰু বাহিনীয়ে ৷ মেক্সেৱেলে সৰ্বাধিক 48 টা বলত 104 ৰাণ সংগ্ৰহ কৰে ৷

ভাৰতে বান্ধি দিয়া 223 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা অষ্ট্ৰেলিয়া দলটোৱে সুন্দৰ আৰম্ভনি কৰে যদিও 4.2 অভাৰৰ পৰা উইকেট পতন ঘটিবলৈ ধৰে নিয়মীয়া গতিত ট্ৰেভিছ হেড, হাৰ্ডি আৰু ইংলিছৰ উইকেট হেৰুওৱাৰ পাচত মেক্সৱেলে দলৰ স্ক’ৰ ব’ৰ্ড চম্ভালিবলৈ লয় ৷ কিন্তু 128 হৈ থকা অস্থাত ষ্টইনিছ আৰু 135 ৰাণত টিম ডেভিড আউট হয় ৷ অধিনায়ক ৱেডে মেক্সৱেলক সহযোগিতা আগবঢ়াই দলক বিজয় লক্ষ্যত উপনীত কৰে ৷ মেক্সৱেলৰ শতকীয় ইনিংছটোত আছিল 8 টা চাৰি আৰু 8 টা ছিক্সাৰ ৷

ভাৰতৰ হৈ ৰবি বিষ্ণৈয়ে 2 টা, অৰ্শদ্বীপ, আৱেশ আৰু অক্ষৰ পেটেলে 1 টাকৈ উইকেট দখল কৰে ৷ বৰ্তমান শৃংখলাত 2-1 ত আগবাঢ়ি আছে ভাৰত ৷ ইয়াৰ পূৰ্বে বিশাখাপট্টনম আৰু তিৰুৱনন্তপুৰমত হোৱা দুয়োখন খেলত ভাৰতে জয়লাভ কৰিছে ৷

ভাৰতৰ হৈ প্ৰথমে বেটিং কৰিবলৈ আহে যশস্বী জয়ছোৱাল আৰু ঋতুৰাজ গাইকোৱাড় ৷ প্ৰথম দুখন মেচত সুন্দৰ বেটিং কৰা যশস্বী তৃতীয়খন মেচত ৰাণ কৰাত বিফল হয় ৷ মাত্ৰ 6 ৰাণ কৰিয়েই পেভিলিয়ন মুখী হয় যশস্বী ৷ কোনো ৰাণ নকৰাকৈয়ে পেভিলিয়নলৈ উভতে উইকেট কীপাৰ বেটছমেন ঈশান কিষাণো ৷

ঋতুৰাজে অধিয়াক সূৰ্যকুমাৰৰ সৈতে লগ হৈ তৃতীয় উইকেটৰ যুটিত 57 ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু 10.2 অভাৰত 39 ৰাণ কৰি আউট হয় সূৰ্য কুমাৰ ৷ কিন্তু বিস্ফোৰক বেটিঙেৰে অষ্ট্ৰেলিয়াৰ বলাৰক ধৰাশায়ী কৰে ঋতুৰাজে ৷ পঞ্চম স্থানত বেটিং কৰিবলৈ অহা তিলক বাৰ্মাও আক্ৰমণাত্মক হৈ পৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৷ দুয়ো ভাৰতৰ স্ক’ৰ 81 ৰ পৰা 222 লৈ আগুৱাই নিয়ে ৷ নিৰ্ধাৰিত 20 অভাৰত 3 উইকেটৰ বিনিময়ত ভাৰতে 222 ৰাণ কৰে আৰু অষ্ট্ৰেলিয়াক জয়ৰ বাবে 223 ৰাণৰ লক্ষ্য বান্ধি দিয়ে ৷

ঋতুৰাজ গাইকোৱাড়ে 57 টা বলত 13 টা চাৰি আৰু 7 টা ছিক্সাৰ কোবাই মুঠ 123 ৰাণ সংগ্ৰহ কৰে ৷ তিলক বাৰ্মাই 24 টা বলত 31 ৰাণ সংগ্ৰহ কৰে ৷ অষ্ট্ৰেলিয়াৰ হৈ ৰিচাৰ্ডছন, বেহৰেণ্ডৰ্ফ আৰু হাৰ্ডিয়ে 1 টাকৈ উইকেট দখল কৰে ৷

দল দুটা-

ভাৰত: যশস্বী জয়ছোৱাল, ঋতুৰাজ গাইকোৱাড়, ঈশান কিষাণ (wk), সূৰ্যকুমাৰ যাদৱ (c), ৰিংকু সিং, তিলক বাৰ্মা, অক্ষৰ পেটেল, ৰবি বিষ্ণৈ, অৰ্শদীপ সিং, আবেশ খান, প্ৰসিদ্ধ কৃষ্ণ

অষ্ট্ৰেলিয়া: ট্ৰেভিছ হেড, এৰন হাৰ্ডি, জ’ছ ইংলিছ, গ্লেন মেক্সৱেল, মাৰ্কাছ ষ্টয়নিছ, টিম ডেভিদ, মেথিউ ৱেড (c & wk), নাথন এলিছ, জেছন বেহৰেণ্ডৰ্ফ, টনবীৰ সংঘ, কেন ৰিচাৰ্ডছন

লগতে পঢ়ক:তিৰুৱন্তপুৰমত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20; 44 ৰাণত জয়লাভ ভাৰতৰ

Last Updated : Nov 28, 2023, 10:56 PM IST

ABOUT THE AUTHOR

...view details