ETV Bharat / sports

তিৰুৱন্তপুৰমত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20; 44 ৰাণত জয়লাভ ভাৰতৰ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 9:03 PM IST

Updated : Nov 26, 2023, 10:56 PM IST

Ind vs Aus 2nd T20 Match Updates
ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20

তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20 মেচত ভাৰতে অষ্ট্ৰেলিয়াক 44 ৰাণত পৰাস্ত কৰে ৷ অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 191 ৰাণ ৷

স্পৰ্টছ ডেস্ক, 26 নৱেম্বৰ : দেওবাৰে তিৰুৱন্তপুৰমৰ গ্ৰীণফিল্ড ইন্টাৰনেশ্যনেল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয়খন T-20 মেচত ভাৰতে 44 ৰাণত জয়লাভ কৰিছে ৷ 236 ৰাণৰ লক্ষ্য আগত লৈ অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 20 অভাৰত 9 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 191 ৰাণ ৷ দলৰ হৈ মাৰ্কাছ ষ্টইনিছে সাৰ্বাধিক 45 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অধিনায়ক মেথিউ ৱেডে সংগ্ৰহ কৰে 42 ৰাণ ৷ ভাৰতৰ হৈ প্ৰসিদ্ধ কৃষ্ণ আৰু ৰবি বিষ্ণই দখল কৰে 3 টাকৈ উইকেট ৷ অক্ষৰ পেটেল, অৰ্শদীপ সিং আৰু মুকেশ কুমাৰে দখল কৰে 1 টাকৈ উইকেট ৷

টচত জিকি প্ৰথমে বলিঙৰ সিদ্ধান্ত লয় অষ্ট্ৰেলিয়াৰ অধিনায়ক মেথিউ ৱেডে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি এক সন্তোষজনক আৰম্ভণিৰে ভাৰতে অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিয়ে 236 ৰাণৰ লক্ষ্য ৷ নিৰ্ধাৰিত 20 অভাৰত ভাৰতে 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 235 ৰাণ ৷

অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু ঋতুৰাজ গাইকোৱাডে বিস্ফোৰক বেটিঙেৰে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ যশস্বী জয়ছোৱালে দুৰ্দান্ত বেটিঙেৰে 25 টা বলত 53 ৰাণ সংগ্ৰহ কৰি পেভিলিয়নমুখী হয় ৷ উইকেট কীপাৰ বেটছমেন ইশাণ কিষণে 32 টা বলত সংগ্ৰহ কৰে 52 ৰাণ ৷

অধিনায়ক সূৰ্যকুমাৰ যাদৱে 10 টা বলত 19 ৰাণ সংগ্ৰহ কৰি নাথন ইলিছৰ বলত পেভিলিয়নমুখী হয় ৷ ঋতুৰাজ গাইকোৱাডে 43 টা বলত সংগ্ৰহ কৰে 58 ৰাণ ৷ ইফালে মেচখনত বেটছমেন ৰিংকু সিঙে মাৰমুখী বেটিঙেৰে মাত্ৰ 9 টা বলতে 31 ৰাণ সংগ্ৰহ কৰে ৷

অষ্ট্ৰেলিয়াৰ হৈ নাথান ইলিছে 3 টা উইকেট দখল কৰাৰ বিপৰীতে মাৰ্কাছ ষ্টইনিছে দখল কৰে 1 টা উইকেট ৷

খেলৰ আৰম্ভণিতে ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে কয় যে ব’ৰ্ডত ৰাণ সংগ্ৰহ কৰি তাৰ পিছত ইয়াক ৰক্ষা কৰাটো দলটোৰ বাবে এক নতুন প্ৰত্যাহ্বান ৷ অধিনায়কৰ দায়িত্ব পালন কৰি ভাল পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে "আমি অনুভৱ কৰোঁ যে আমিও একে গতিবেগ কঢ়িয়াই লৈ ফুৰো ৷"

ভাৰতে অপৰিৱৰ্তিত মূল একাদশ লৈ খেলপথাৰত নমাৰ বিপৰীতে অষ্ট্ৰেলিয়াই দুটা পৰিৱৰ্তন কৰে ৷ জেছন বেহৰেণ্ডৰ্ফৰ ঠাইত আডাম জাম্পা আৰু এৰন হাৰ্ডিৰ ঠাইত গ্লেন মেক্সৱেলক দলটোৱে অন্তৰ্ভুক্ত কৰে ৷

লগতে পঢ়ক : আইপিএল ২০২৪: কাক এৰিব কাক ধৰিব ফ্ৰেঞ্চাইজীবোৰে ?

Last Updated :Nov 26, 2023, 10:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.