স্পৰ্টছ ডেস্ক, 6 আগষ্ট: কমনৱেলথ গেমছ 2022ত ইতিহাস ৰচনা কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে(India enters CWG final ) ৷ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক ইংলেণ্ডক ৪ ৰাণৰ নিকট ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰলৈ ফাইনেলত প্ৰৱেশ কৰে(India vs England semifinals ) ৷
ভাৰতে প্ৰথমে বেটিং কৰি 5 টা উইকেট হেৰুৱাই 164 ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ তাৰকা অপেনাৰ স্মৃতি মান্ধানাই এটা সুন্দৰ ইনিংছ খেলি ৬২ ৰাণ সংগ্ৰহ কৰে । স্মৃতিৰ উপৰিও টীম ইণ্ডিয়াৰ জেমিমা ৰড্ৰিগছে অন্তিম অভাৰত দুৰ্দান্ত প্ৰদৰ্শন কৰি ইংলেণ্ডক 164 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷
দেওবাৰে ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়া অথবা নিউজিলেণ্ডৰ মুখামুখি হ'ব ৷ আনহাতে ইংলেণ্ডে একেদিনাই ব্ৰঞ্জৰ পদকৰ বাবে অৱৰ্তীণ হ’ব(India at Commonwealth Games 2022) ।
লগতে পঢ়ক:Cricket in 2028 Olympic : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট !