ETV Bharat / sports

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ সন্মুখত 236 ৰাণৰ বৃহৎ লক্ষ্য বান্ধিলে কলকাতাই - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:42 PM IST

Today IPL Match : একনা ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছ মুখামুখি হৈছে ৷ লক্ষ্ণৌক 236 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিছে কলকাতাই ৷

Today IPL Match
কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ যুঁজ (ETV BHARAT HINDI DESK)

স্পৰ্টছ ডেস্ক, 5 মে’ : আই পি এল 2024ৰ 54 সংখ্যক মেচখন একনা ক্ৰিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মাজত অনুষ্ঠিত হৈছে ৷ এই মেচত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ দলে শেষৰখন মেচত কে কে আৰৰ হাতত পৰাজয়ৰ প্ৰতিশোধ ল’বলৈ খেলপথাৰত নামিছে ৷ এই মেচত কে কে আৰৰ কমাণ্ড শ্ৰেয়াছ আয়েৰৰ হাতত থকাৰ বিপৰীতে কে এল ৰাহুলক লক্ষ্ণৌৰ অধিনায়ক হিচাপে দেখা গৈছে ৷ লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু কলকাতা নাইট ৰাইডাৰ্ছে মুঠ 4 খন মেচ খেলিছে, ইয়াৰে লক্ষ্ণৌ দলে 3 খন মেচত জয়ী হৈছে আৰু কলকাতাই 1 খন মেচত জয়লাভ কৰিছে ৷

ইতিমধ্যে প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰিত 20 অভাৰত সুনীল নাৰিনৰ বিস্ফোৰক বেটিঙৰ সহায়ত লক্ষ্ণৌক 236 ৰাণৰ বৃহৎ লক্ষ্য বান্ধি দিছে ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি কলকাতা দলে 20 অভাৰত 6 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 235 ৰাণ ৷ সুনীল নাৰিনে 39 টা বলত 81 ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলি দলক বৃহৎ স্ক’ৰ সংগ্ৰহ কৰাৰ দিশে আগবঢ়াই নিয়ে ৷ অংকৃশ ৰঘুবংশী 32 আৰু ফিলিপ ছল্টে 32 ৰাণৰ বৰঙণি আগবঢ়াই ৷ ৰমণদ্বীপ সিঙে 6 টা বলতে 25 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ লক্ষ্ণৌৰ হৈ নবীন উল হকে সাৰ্বাধিক 3 টা উইকেট দখল কৰাৰ বিপৰীতে ৰবি বিষ্ণোই, যুধবীৰ সিং আৰু য়শ ঠাকুৰে 1 টাকৈ উইকেট দখল কৰে ৷

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ মূল একাদশ-

কে এল ৰাহুল (অধিনায়ক আৰু উইকেট কীপাৰ), মাৰ্কাছ ষ্টয়নিছ, দীপক হুডা, নিকোলাছ পৰাণ, এষ্টন টাৰ্নাৰ, আয়ুষ বদোনি, ক্ৰুণাল পাণ্ডিয়া, ৰবি বিষ্ণোয়, নবীন-উল-হক, মহচিন খান, য়শ ঠাকুৰ ৷

কলকাতা নাইট ৰাইডাৰ্ছৰ মূল একাদশ-

ফিলিপ ছল্ট (উইকেট কীপাৰ), সুনীল নাৰিন, অংকৃশ ৰঘুবংশী, শ্ৰেয়াছ আয়েৰ (অধিনায়ক), ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং , মিচেল ষ্টাৰ্ক, বৰুণ চক্ৰৱৰ্তী, হৰ্ষিত ৰানা ৷

লগতে পঢ়ক : পঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ 28 ৰাণত জয়লাভ - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.