Cricket in 2028 Olympic : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট !

author img

By

Published : Aug 5, 2022, 6:29 PM IST

IOC

শতবৰ্ষ গৰকা গ্লেমাৰাছ ক্ৰীড়া প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অন্তৰ্ভুক্ত হ'ব ক্ৰিকেট । উল্লেখ্য, ইয়াৰ পূৰ্বে ক্ৰিকেটক কেৱল এবাৰহে 1900 চনৰ পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল (Cricket featured once at 1900 Paris Olympic Games) । উক্ত অলিম্পিক ক্ৰিকেটত কেৱল গ্ৰেট ব্ৰিটেইন আৰু আয়োজক ফ্ৰান্সহে অংশগ্ৰহণকাৰী আছিল ।

স্পৰ্টছ ডেস্ক, ৫ আগষ্ট : ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ । বিশ্বৰ আটাইতকৈ গৰিমাপূৰ্ণ ক্ৰীড়া সমাৰোহ অলিম্পিক ক্ৰীড়াত অন্তৰ্ভুক্তিৰ দিশে আগবাঢ়িছে ক্ৰিকেট । ২০২৮ চনৰ লছ এঞ্জেলছ (2028 Los Angeles Olympic) অলিম্পিকতে ক্ৰিকেট অনুৰাগীয়ে ক্ৰিকেটৰ মহাৰণ উপভোগ কৰিব পোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে (IOC to consider cricket in 2028 Olympic Games) ।

যদি সেয়া হয় তেন্তে শতবৰ্ষ গৰকা গ্লেমাৰাছ ক্ৰীড়া প্ৰতিযোগিতাখনত দ্বিতীয়বাৰৰ বাবে অন্তৰ্ভুক্ত হ'ব ক্ৰিকেট । উল্লেখ্য, ইয়াৰ পূৰ্বে ক্ৰিকেটক কেৱল এবাৰহে 1900 চনৰ পেৰিছ অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল (Cricket featured once at 1900 Paris Olympic Games) । উক্ত অলিম্পিক ক্ৰিকেটত কেৱল গ্ৰেট ব্ৰিটেইন আৰু আয়োজক ফ্ৰান্সহে অংশগ্ৰহণকাৰী আছিল ।

ই এছ পি এন ক্ৰিকইনফোৰ (ESPN Cricinfo) এক সূত্ৰ মতে, এই ক্ষেত্ৰত অগ্ৰগতি এদিন পিছতে আহে যেতিয়া আন্তৰ্জাতিক ক্ৰিকেট সমিতিক (International Cricket Committee, ICC) আনুষ্ঠানিকভাৱে এল এ 28 (LA28) আৰু আই অ' চি (IOC) দুয়োৰে দ্বাৰা নিজৰ বিষয় সন্দৰ্ভত বিবেচনা কৰিবলৈ উপস্থাপন প্ৰস্তুত কৰিবলৈ আমন্ত্ৰণ জনোৱা হয় । অৱশ্যে এই সন্দৰ্ভত ২০২৩ চনৰ মাজভাগত মুম্বাইত আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (International Olympic Committee) অধিবেশনৰ পূৰ্বে চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছে ।

এই মেগা ইভেণ্টৰ বাবে বিবেচনা কৰা আন আঠটা ক্ৰীড়া হৈছে বেছবল বা ছফ্টবল (baseball/softball), ফ্লেগ ফুটবল (flag football), লেক্ৰছ (lacrosse), ব্ৰেক ডেন্সিং (break dancing), কাৰাটে, কিক বক্সিং, স্কোৱাছ, আৰু মটৰস্পৰ্ট । উল্লেখ্য, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আইঅ'চিয়ে জনাইছিল যে মুঠ 28 টা ক্ৰীড়া প্ৰতিযোগিতা লছ এঞ্জেলছ অলিম্পিক গেমছৰ অংশ হ'ব আৰু লগতে কয় যে যুৱসকলৰ ওপৰত গুৰুত্ব দি 'সম্ভাৱ্য নতুন ক্ৰীড়া' বিবেচনা কৰা হ'ব ।

গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বৰ্তমান চলি থকা কমনৱেলথ গেমছত (Commonwealth Games 2022) এইবাৰ ক্ৰিকেটক অন্তৰ্ভুক্ত কৰা হৈছে । মহিলাৰ টি-২০ ফৰ্মেটত আঠখন দেশৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কমলৱেলথ গেমছত । অৱশ্যে কমনৱেলথত কেৱল মহিলা দলবোৰেহে অংশগ্ৰহণ কৰিছে । কিন্তু অলিম্পিক গেমছত প্ৰদৰ্শিত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাত পুৰুষ আৰু মহিলা দুয়োটা বিভাগতে খেল অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Hima Das in CWG 2022: মহিলাৰ 200 মিটাৰ হিটছৰ চেমি ফাইনেলত প্ৰৱেশ হিমা দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.