ETV Bharat / sports

অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ-মহিলা ৪x৪০০ ৰিলে দলৰ - Paris Olympic 2024

author img

By ANI

Published : May 6, 2024, 12:33 PM IST

Paris Olympic 2024 : বাহামাৰ নাছাউত অনুষ্ঠিত বিশ্ব এথলেটিকছ ৰিলেত ভাৰতীয় পুৰুষ আৰু মহিলা দলে দ্বিতীয় স্থান লাভ কৰি অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । মহিলা দলত আছে ক্ৰমে ৰূপাল চৌধুৰী, এম আৰ পুভাম্মা, জ্যোতিকা শ্ৰী দাণ্ডি আৰু সুভা ভেঙ্কটেছন । একেদৰে পুৰুষ দলত আছে মহম্মদ আনাছ য়াহিয়া, মহম্মদ আজমল, আৰোকিয়া ৰাজীৱ আৰু আমোজ জেকব ।

Paris Olympic 2024
অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ-মহিলা ৪x৪০০ ৰিলে দলৰ (X)

স্পৰ্টছ ডেস্ক, ৬ মে' : পেৰিছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতৰ পুৰুষ আৰু মহিলা ৪x৪০০ ৰিলে দলৰ । সোমবাৰে বাহামাৰ নাছাউত অনুষ্ঠিত বিশ্ব এথলেটিকছ ৰিলেত ভাৰতীয় দলে দ্বিতীয় স্থান লাভ কৰি অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰে । মহিলা শাখাত এক নম্বৰ হিটত জামাইকাই (৩:২৮.৫৪) প্ৰথম স্থান লাভ কৰে ।

একেদৰে ভাৰতৰ ৰূপাল চৌধুৰী, এম আৰ পুভাম্মা, জ্যোতিকা শ্ৰী দাণ্ডি আৰু সুভা ভেংকটেছনে দ্বিতীয় স্থান লাভ কৰে আৰু পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জন কৰে । একেদৰে পুৰুষ শাখাত মহম্মদ আনাছ য়াহিয়া, মহম্মদ আজমল, আৰোকিয়া ৰাজীৱ আৰু আমোজ জেকবৰ পুৰুষ দলটোৱে ৩ মিনিট আৰু ৩.২৩ ছেকেণ্ডৰ যুটীয়া সময়ৰ সৈতে দ্বিতীয় স্থান লাভ কৰে ।

দ্বিতীয় ৰাউণ্ডৰ সময়ত তিনিটা হিটৰ প্ৰতিটোত সৰ্বাধিক স্থান লাভ কৰা দুয়োটা দলে ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ অনুষ্ঠিত হ'বলগীয়া অলিম্পিকলৈ আগবাঢ়িব । দেওবাৰে প্ৰথম ৰাউণ্ডৰ কোৱালিফাইং হিটত, ভাৰতীয় মহিলা দলে ৩ মিনিট আৰু ২৯.৭৪ ছেকেণ্ডৰ সময়ত সপ্তম স্থান লাভ কৰে । দ্বিতীয় লেগৰ দৌৰবিদ ৰাজেশ ৰমেশে আধাতে ক্ৰেম্পৰ বাবে আঁতৰি অহাৰ পিচত পুৰুষ দলটোৱে প্ৰথম ৰাউণ্ডৰ কোৱালিফাইং হিট সম্পূৰ্ণ কৰিবলৈ অসমৰ্থ হয় ।

ইয়াৰ লগে লগে ভাৰতে ১৯ গৰাকী ট্ৰেক আৰু ফিল্ডৰ প্ৰতিযোগীৰ সৈতে পেৰিছলৈ ৰাওনা হ'ব । তাৰ ভিতৰত আছে জেভলিন থ্ৰ' চেম্পিয়ন নীৰজ চোপ্ৰাও । পেৰিছ অলিম্পিকৰ এথলেটিকছ ইভেণ্ট ১ আগষ্টত আৰম্ভ হ'ব । তাৰ পূৰ্বে ভাৰতৰ পুৰুষ আৰু মহিলা ৪x৪০০ ৰিলে দলৰ যোগ্যতা অৰ্জনক লৈ দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে ।

লগতে পঢ়ক :পেৰিছ অলিম্পিক, অশ্বাৰোহী শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অনুষ আগৰৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.