পেৰিছ অলিম্পিক, অশ্বাৰোহী শিতানত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অনুষ আগৰৱালা
Equestrian Anush Agarwalla: অনুষ আগৰৱালাই পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে কোটা লাভ কৰিছে । ড্ৰেছেজ ইণ্ডিভিজুৱেলত অনুষৰ পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত তেওঁক কোটা আৱণ্টন কৰা হৈছে । আয়োজকলৈ চূড়ান্ত নাম প্ৰেৰণৰ পূৰ্বে অন্তিম পৰীক্ষণ কৰা হ'ব ।

Published : February 20, 2024 at 11:31 AM IST
স্পৰ্টছ ডেস্ক,২০ ফেব্ৰুৱাৰী: অলিম্পিকত ড্ৰেছেজ ইণ্ডিভিজুৱেলত ভাৰতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে । ভাৰতীয় অশ্বাৰোহী ফেডাৰেশ্যনে ঘোষণা কৰা মতে ২০২৩ চনৰ এছিয়ান গেমছত ঐতিহাসিক ব্যক্তিগত ব্ৰঞ্জৰ পদক অৰ্জন কৰা অনুষ আগৰৱালাই পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে কোটা লাভ কৰিছে ।
হাংঝৌত ব্যক্তিগত ব্ৰঞ্জ জয় কৰা আগৰৱালাক চাৰিটা এফইআই ইভেণ্টত তেওঁৰ প্ৰদৰ্শনৰ আধাৰত কোটা আৱণ্টন কৰা হৈছে । তেওঁৰ প্ৰদৰ্শন আছিল ক্ৰমে ৰ'ক্ল', পোলেণ্ড (৭৩.৪৮৫%), ক্ৰোনেনবাৰ্গ, নেডাৰলেণ্ড (৭৪.৪%), ফ্ৰাংকফুর্ট, জাৰ্মানী (৭২.৯%), আৰু বেলজিয়ামৰ মেচেলেন (৭৪.২%) । অৱশ্যে আয়োজকসকললৈ চূড়ান্ত নাম প্ৰেৰণৰ পূৰ্বে এই কোটা সন্দৰ্ভত দেশৰ আৰু নেচনেল ফেডাৰেচনে চূড়ান্ত পৰীক্ষণ কৰিব ।
এই খবৰে এতিয়া দেশৰ ক্ৰীড়াপ্ৰেমীৰ মাজত ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে । ইফালে প্ৰতিক্ৰিয়াস্বৰূপে ২৪ বছৰীয়া আগৰৱালাই কয় যে পেৰিছ অলিম্পিক গেমছত ভাৰতৰ হৈ স্থান লাভ কৰাৰ বাবে সফল হোৱাৰ বাবে তেওঁ অত্যন্ত গৌৰৱান্বিত আৰু কৃতজ্ঞ । অলিম্পিকত অংশগ্ৰহণ কৰাটো তেওঁৰ বাবে সদায়ে সপোন আছিল আৰু তেওঁ দেশৰ বাবে এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত ।
যুৱ অশ্বৰোহীজনে আশা কৰিছে যে তেওঁ কোটা বজাই ৰাখিবলৈ সক্ষম হ'ব । তেওঁ নিতৌ যি কৰি আছে সেয়া কৰি যাব । তেওঁ নিশ্চিত যে এই সন্মানীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁক নিৰ্বাচিত কৰা হ'ব ।
ইএফআইৰ প্ৰধান সচিব কৰ্ণেল জয়বীৰ সিঙে খেলুৱৈগৰাকীক অভিনন্দন জনাই কয় যে এইটো গৌৰৱৰ বিষয় যে এফইআই ইভেণ্টত অনুষৰ ধাৰাবাহিক প্ৰদৰ্শনে ভাৰতৰ কোটা লাভ কৰিছে । জয়বীৰে লগতে কয় যে ভাৰতীয় আৰোহীসকলে এফইআই ইভেণ্টত তেওঁলোকৰ উপস্থিতি অনুভৱ কৰি আহিছে আৰু অশ্বাৰোহী প্ৰতিযোগিতাত ভাৰতে পুনৰ অলিম্পিকত প্ৰতিনিধিত্ব কৰাটো একেবাৰে আচৰিত নহয় ।
চেলিব্ৰেটেড ফুৱাদ মিৰ্জাই ২০২০ টকিঅ' গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁৰ পূৰ্বে কেৱল ইমতিয়াজ আনিস (২০০০), ইন্দ্ৰজিৎ লাম্বা (১৯৯৬) আৰু দৰিয়া সিঙে (১৯৮০) আটাইতকৈ বৃহৎ ক্ৰীড়া পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হৈছিল ।
লগতে পঢ়ক :ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপত অসমৰ গণেশ গগৈৰ পাঁচটা সোণৰ পদক

