ETV Bharat / sports

ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপত অসমৰ গণেশ গগৈৰ পাঁচটা সোণৰ পদক

author img

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 8:11 AM IST

44th National Masters Athletics:পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল অসমৰ খেলুৱৈ । ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপত উজ্বলিল ডিব্ৰুগড়ৰ গণেশ গগৈ । ৱ'ৰ্ল্ড মাষ্টাৰ্ছ এথলেটিকছত দেশৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ ।

World Masters Athletics in Sweden
৪৪ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ

মৰাণ, ২০ ফেব্ৰুৱাৰী: মহাৰাষ্ট্ৰৰ পুনেত অনুষ্ঠিত ৪৪ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছ চেম্পিয়নশ্বিপ ২০২৪ প্ৰতিযোগিতাত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰি পাঁচটাকৈ সোণৰ পদক লাভ কৰি ডিব্ৰুগড় বাণীপুৰৰ গণেশ গগৈয়ে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে । পাঁচটা সোণৰ পদকেৰে অভিলেখ ৰচি দেশৰ এগৰাকী শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰিলে এই গৰাকী দৌৰবিদে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুদক্ষ খেলুৱৈ গৰাকীয়ে ক্ৰমে ২০০ মিটাৰ, ৪০০ মিটাৰ, ৪০০ মিটাৰ হাৰ্ডলছ ৰেছত ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । তদুপৰি তেওঁ লগতে ৪ ×১০০ মিটাৰ আৰু ৪ ×৪০০ মিটাৰ ৰীলেতো সোণৰ পদক লাভ কৰিছে ।

উল্লেখযোগ্য যে গণেশ গগৈয়ে বিগত বৰ্ষত কলকাতাত অনুষ্ঠিত ৪৩ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথলেটিকছতো ৫ টাকৈ সোণৰ পদক লাভ কৰিছিল । এই ধাৰাবাহিক সফলতাৰ পাছতে ছুইডেনত অনুষ্ঠিত হ'বলগীয়া ৱ'ৰ্ল্ড মাষ্টাৰ্ছ এথলেটিকছত দেশৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে । এই গৰাকী সুদক্ষ খেলুৱৈয়ে ২০১৯ চনত মালয়েছিয়াত অনুষ্ঠিত এছিয়ান মাষ্টাৰ্ছ এথেলেটিকছতো ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷

তদুপৰি অন্ধ প্ৰদেশত ২০২০ চনত অনুষ্ঠিত ৪০ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছতো তিনিটা সোণৰ আৰু এটা ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ মণিপুৰত ২০২১ চনত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিকছত ৪টা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰিছিল । চেন্নাইত ২০২২ ত অনুষ্ঠিত ৪২ সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰছ চেম্পিয়নশ্বিপতো তিনিটা সোণ আৰু এটা ৰূপৰ পদকেৰে গৌৰৱাম্বিত হৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে পুৱাই তেওঁ ডিব্ৰুগড়ৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল- সংগঠনে উষ্ম আদৰণি জনায় । এই গৌৰৱ প্ৰাপ্তিত আৱেগিক হৈ তেওঁ নৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অধিক মনোনিবেশ কৰিবলৈ আহ্বান জনায় । তদুপৰি তেওঁ ৰাজ্য চৰকাৰ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানক এইক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:গুৱাহাটীত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ উদ্বোধন কৰিলে অনুৰাগ সিং ঠাকুৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.