অসম

assam

বৰ্ণবৈষম্য ক্ৰিকেট আমাৰ সংকল্প : ECB

By

Published : Jun 13, 2020, 4:51 PM IST

শেহতীয়াকৈ ক্ৰীড়াজগতত সবোতেই চৰ্চাৰ বিষয় হৈ পৰিছে বৰ্ণবৈষম্য । এই সন্দৰ্ভত ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে, আমি সেই সকল লোকৰ কথাক মনোযোগেৰে শুনিছো যিয়ে ক্ৰিকেট,খেল আৰু সমাজত কৃষ্ণাংগ হোৱাক লৈ নিজৰ অনুভৱ বক্তব্য কৰিছে । এই গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মত প্ৰকাশৰ বাবে আমি তেওঁলোকক প্ৰশংসা কৰিছো ।

we want to make cricket racism free says ECB
we want to make cricket racism free says ECB

স্পৰ্টছ ডেস্ক,13 জুনঃ ক্ৰিকেটত থকা বৰ্ণবৈষম্যৰ কথা অস্বীকাৰ নকৰি ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডে ভৱিষ্য়তে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি উল্লেখ কৰে । বৰ্ণবৈষম্যক লৈ সৰ্বত্ৰে চৰ্চা চলি থকাৰ মাজতেই ইংলেণ্ড এণ্ড ৱেল্ছ ক্ৰিকেট ব'ৰ্ডৰ গুৰুত্বপূৰ্ণ মন্তব্য় ।

বৰ্ণবৈষম্য ক্ৰিকেট আমাৰ সংকল্প : ECB

আমেৰিকাত জৰ্জ ফ্লয়ড নামৰ এজন কৃষ্ণাংগবৰণ লোকক হত্য়া কৰাৰ পাচতেই এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে । বহু ক্ৰিকেটাৰো এই বিষয়ে নিজৰ মতামত দাঙি ধৰিছে । ইংলেণ্ড দলৰো খেলুৱৈ মাইকেল কাৰবেৰী আৰু জেমছ এণ্ডাৰছনে এই বিষয়ে স্পষ্ট ভাৱে নিজৰ মতামত দাঙি ধৰিছিল ।

ইচিবিয়ে শেহতীয়াকৈ এক বিবৃতি প্ৰকাশ কৰি কৈছে আমি সেই সকল লোকৰ কথাক মনোযোগেৰে শুনিছো যিয়ে ক্ৰিকেট, খেল আৰু সমাজত কৃষ্ণাংগ হোৱাৰ নিজৰ অনুভৱৰ কথা বক্তব্য কৰিছে । এই গুৰুত্বপূৰ্ণ বিষয়ত নিজৰ মত প্ৰকাশৰ বাবে আমি তেওঁলোকক প্ৰশংসা কৰিছো । আমি জানো বৰ্ণবৈষম্য সমগ্ৰ দেশতে ভিন্ন-ভিন্ন ঠাইত আছে আৰু আমি এইটোও জ্ঞাত যে ইয়াৰ পৰা খেলো বাদ পৰি ৰোৱা নাই ।

আমি এইটো কথা জানো ক্ৰিকেট সকলোৰে বাবে । কিন্তু ইয়াৰ উপভোগ কৰাৰ ক্ষেত্ৰত বহু কেইটা সম্প্ৰদায়ত কিছু বাধ্য়-বাধকতা আছে । আমি দেশত বেছিতকৈ বেছি লোকৰ মাজত ক্ৰিকেটক নি প্ৰগতি কৰিছো আৰু এইটো আমাৰ প্ৰতিজ্ঞাবদ্ধ যে, আমি এই বাধাক দূৰ কৰিম । এইটো প্ৰয়োজনীয় যে, যি অভিযোগ উঠিছে সেইয়া আমি শুনো । আমাক নিজকে নিজক শিক্ষিত কৰিব লাগিব । অস্বতিকৰ সত্যক মানিব লাগিব যাতে আমি আভ্যন্তৰীণভাৱে আৰু খেলৰ দীৰ্ঘ পৰিৱৰ্তনৰ ধাৰক হ'বলৈ সক্ষম হও ।

ABOUT THE AUTHOR

...view details