অসম

assam

মহেন্দ্ৰ সিং ধোনীলৈ মোডীৰ প্ৰশংসা পত্ৰ, কি ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে..

By

Published : Aug 20, 2020, 5:31 PM IST

ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাচত ধোনীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক পত্ৰ ৷ ভাৰতীয় ক্ৰিকেটৰ বাবে ধোনীয়ে যি কৰিলে তাৰ বাবে সদায় কৃতজ্ঞ হৈ থাকিব দেশবাসী ৷ প্ৰধানমন্ত্ৰীলৈও ধন্যবাদ জ্ঞাপন ধোনীৰ ৷

MS Dhoni shares letter of appreciation from PM Narendra Modi
MS Dhoni shares letter of appreciation from PM Narendra Modi

স্পৰ্টছ ডেস্ক, 20 আগষ্ট: মহেন্দ্ৰ সিং ধোনীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা পত্ৰ ৷ ভাৰতৰ অন্যতম সফলতম অধিনায়কৰ প্ৰভাৱ ‘পৰিঘটনা’ সমূহৰ দ্বাৰাই মূল্যাংকন কৰাৰ সঠিক উপায় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ধোনীয়ে টুইট যোগে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা পত্ৰখন শ্বেয়াৰ কৰে য’ত ধোনীয়ে উল্লেখ কৰে এজন অভিনেতা, সৈনিক আৰু খেলুৱৈয়ে যি বস্তুটোৰ বাবে আগ্ৰহী সেইয়া হৈছে প্ৰশংসা ৷

ধোনীৰ টুইট-

এই প্ৰশংসা পত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ধোনী সফল অধিনায়কৰ ভিতৰত অন্যতম ৷ বিশ্ব চাৰ্টত ভাৰতক উচ্চ শিখৰত নিয়াত ধোনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ ধোনীৰ নাম ইতিহাসত আটাইতকৈ সফল অধিনায়ক, বেটছমেন আৰু উইকেটকীপাৰ হিচাপে খোদিত হৈ থাকিব ৷ কেৰিয়াৰৰ পৰিসংখ্যাতকৈ ধোনীক অন্যান্য সফলতাৰ বাবে সকলোৱে স্মৰণ কৰিব বুলি কয় মোডীয়ে ৷ ধোনীৰ কঠিন পৰিস্থিতিত নিৰ্ভৰশীলতা আৰু মেচ অন্ত কৰাৰ যি শৈলী বিশেষকৈ 2011 ৰ বিশ্বকাপৰ ফাইনেল মেচ চিৰকাল প্ৰজন্মৰ বাবে স্মৃতিত ৰৈ থাকিব বুলি কয় ৷ যাৰ বাবে ভাৰতীয় ক্ৰিকেটত ঘটা পৰিঘটনা সমূহৰ দ্বাৰাই ধোনীৰ প্ৰভাৱৰ সঠিক মূল্যায়ন কৰা উচিত হ’ব বুলি কয় মোডীয়ে ৷

উল্লেখ্য যে, যোৱা 15 আগষ্টত নিজৰ 16 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ অৱসান ঘটাই অৱসৰ ঘোষণা কৰিছিল ধোনীয়ে ৷ ধোনী হৈছে বিশ্বৰ একমাত্ৰ অধিনায়ক যিয়ে আইচিচিৰ তিনিওটা ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে ৷ য’ত আছে টি-20 বিশ্বকাপ, এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নশ্বিপ ট্ৰফী ৷

ধোনীৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ

আনহাতে ধোনীৰ নেতৃত্বতেই 2009 চনত ভাৰতীয় দলটোৱে টেষ্ট ক্ৰিকেটত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ লগতে মুঠ 600 দিনৰ বাবে শীৰ্ষস্থানত অক্ষুণ্ণ হৈ আছিল দলটো ৷ লগতে ধোনীৰ নামতেই আছে আটাইতকৈ বেছি 21 খন ঘৰুৱা টেষ্ট মেচ জয়ৰ অভিলেখ ৷ ইয়াৰ উপৰি অধিনায়ক হিচাপে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় মেচ খেলা খেলুৱৈ হৈছে ধোনী ৷ যাৰ নামত আছে মুঠ 332 খন মেচ ৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ বেছি 195 টা ষ্টাম্পিঙৰো অভিলেখো আছে ধোনীৰ নামতেই ৷

কেপ্টেইন কুল নামে খ্যাত ধোনীয়ে 2014 চনতেই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷ ধোনীয়ে 90 খন টেষ্ট মেচত 4876 ৰান কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে 2017 চনত এদিনীয়া ক্ৰিকেটৰ অধিনায়কৰ দায়িত্বৰ পৰা অব্যাহতি লৈছিল ধোনীয়ে ৷ ধোনীৰ নামত 350 খন এদিনীয়া ক্ৰিকেটত আছে 10 হাজাৰত কৈ অধিক ৰান ৷ 10 হাজাৰ ৰান সম্পূৰ্ণ কৰা পঞ্চমগৰাকী ভাৰতীয় হৈছে ধোনী ৷

আইপিএলত দেখা পোৱা যাব ধোনীক

অৱশ্যে ধোনীৰ অনুৰাগীৰ বাবে এক সুঃখবৰ এইযে আগন্তুক ছেপ্তেম্বৰ মাহৰ পৰা ইউএইত অনুষ্ঠিত হ’বলগীয়া আইপিএলত চেন্নাই দলত দেখা পাব তাৰকা ক্ৰিকেটাৰগৰাকীক ৷

লগতে চাওক-প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে

ABOUT THE AUTHOR

...view details