ETV Bharat / sports

প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে

author img

By

Published : Aug 19, 2020, 6:17 PM IST

Updated : Aug 19, 2020, 9:22 PM IST

মহেন্দ্ৰ সিং ধোনীৰ অৱসৰৰ পাচতেই পাকিস্তানৰ প্ৰাক্তন বেগীবলাৰ ছোয়েব আখতাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত প্ৰত্যাৱৰ্তন কৰিব পাৰে ধোনীয়ে ৷

pm modi may request ms dhoni to play 2021 t20 world cup shoaib akhtar
pm modi may request ms dhoni to play 2021 t20 world cup shoaib akhtar

স্পৰ্টছ ডেস্ক, 19 আগষ্ট : ধোনীৰ সন্ন্যাসৰ পাচতেই পাকিস্তানৰ প্ৰাক্তন দ্ৰুতবেগী বলাৰ ছোয়েব আখতাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ আখতাৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ধোনীৰ অৱসৰ ঘোষণা প্ৰত্যাহাৰ কৰাৰ লগতে টি-20 বিশ্বকাপত খেলাৰ বাবে অনুৰোধ কৰিব পাৰে ৷

প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে : আখতাৰ
প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে : আখতাৰ

আখতাৰে ইউটিউব চেনেলত দিয়া এক মন্তব্যত উল্লেখ কৰে যে,

মই ভাবো ধোনীয়ে টি-20 বিশ্বকাপ খেলিব পাৰে ৷ যেনেদৰে ভাৰতে নিজৰ তাৰকা সকলক সন্মান কৰে, তেওঁলোকক পৰিচয় প্ৰদান কৰে, সেইয়া দেখি মই ক’ব পাৰো ধোনীক টি-20 বিশ্বকাপত অন্তৰ্ভুক্ত কৰিলে হয় ৷ কিন্তু খেলুৱৈৰো কিছু নিজা-নিজা পছন্দ থাকে ৷

আখতাৰে ইয়াৰ লগতে কয়, আকৌ এটাই কথা, ধোনীয়ে সকলো জয় কৰিবলৈ সক্ষম হৈছে ৷ ৰাঁচীৰ পৰা অহা এই খেলুৱৈগৰাকীয়ে সকলো ভাৰতীয়ক আনন্দত মতলীয়া কৰিবলৈ বাধ্য কৰোৱালে আৰু কি লাগে ৷ শেষত এইটো লক্ষ্যণীয় যে বিশ্বই আপোনাক স্মৰণ কৰিব আৰু ভাৰতৰ দৰে দেশে আপোনাক কেতিয়াও পাহৰিবলৈ নিদিয়ে ৷

আখতাৰে পুনৰ কয়,

আপুনি একো ক’ব নোৱাৰে, প্ৰধানমন্ত্ৰীয়ে হয়তো তেওঁলৈ ফোন কৰি টি-20 বিশ্বকাপ খেলাৰ অনুৰোধ কৰিব পাৰে ৷ এইয়া সম্ভৱপৰ ৷ ইমৰাণ খানকো জিয়া-উল-হকে 1987 চনৰ পাচত ক্ৰিকেট ত্যাগ নকৰিবলৈ আহ্বান জনাইছিল আৰু তাৰ পাচত তেওঁ পুনৰ ক্ৰিকেট খেলিছিল ৷ প্ৰধানমন্ত্ৰীৰ আহ্বানক আপুনি কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰে ৷ মই ভাবো ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ধোনীক 2021 চনৰ টি-20 বিশ্বকাপত ভাৰতৰ নেতৃত্ব বহনৰ অনুৰোধ কৰিব লাগে ৷

আনহাতে ধোনীক ফেয়াৰৱেল অথবা অন্তিম বিদায় দিয়াৰ প্ৰয়োজন বুলি কয় আখতাৰে ৷ অৱশ্যে ধোনীয়ে স্বয়ং মান্তি হয় নে নহয় সেইয়া পৃথক কথা কিন্তু ভাৰত প্ৰস্তুত হ’ব বুলি কয় আখতাৰে ৷

টি-20 বিশ্বকাপ
টি-20 বিশ্বকাপ

উল্লেখ্য যে, ধোনীয়ে যোৱা 15 আগষ্টৰ দিনা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ৷ ধোনী হৈছে আইচিচিৰ তিনিওটা ট্ৰফী জয় কৰা একমাত্ৰ অধিনায়ক ৷ ধোনীৰ নেতৃত্বতেই ভাৰতীয় দলটোৱে 2007 চনত টি-20 বিশ্বকাপ, 2011 চনত এদিনীয়া বিশ্বকাপ আৰু 2013 চনত চেম্পিয়নছ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে ধোনীৰ নেতৃত্বতেই 2010 আৰু 2016 চনত এছিয়া কাপৰ খিতাপও দখল কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় ক্ৰিকেট দলটোৱে ৷

লগতে চাওক-লাভলীনা বৰগোঁহাইলৈ ‘অৰ্জুন বঁটা’

Last Updated :Aug 19, 2020, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.