অসম

assam

Tokyo Paralympics: বেডমিণ্টনৰ SL4 classত ৰূপৰ পদক আঁজুৰিলে সুহাস যথিৰাজে

By

Published : Sep 5, 2021, 2:18 PM IST

Suhas Yathiraj clinches silver in badminton SL4 class

Tokyo Paralympicsত ৰূপৰ পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে সুহাস যথিৰাজ(Suhas Lalinakere Yathiraj)এ ৷ নয়ডাৰ জিলা দণ্ডাধীশ(Noida district magistrate) ৩৮ বছৰীয়া সুহাসে টকিঅ' পেৰালিম্পিকত বেডমিণ্টনৰ পুৰুষৰ একক SL4 class finalত ঐতিহাসিক ৰূপৰ পদক লাভ কৰিছে ৷ দুবাৰৰ বিশ্ব চেম্পিয়ন(two-time world champion) Lucas Mazurৰ বিৰুদ্ধে ২১-১৫ ১৭-২১ ১৫-২১ত পৰাজিত হৈ সুহাসে ৰূপৰ পদক লাভ কৰে ৷

স্পৰ্টছ ডেস্ক , 5 ছেপ্তেম্বৰ :চলিত টকিঅ' পেৰালিম্পিক(Tokyo Paralympics)ত বেডমিণ্টনত পুৰুষৰ একক SL4 class finalত ঐতিহাসিক ৰূপৰ পদক লাভেৰে ভাৰতৰ সুহাস যথিৰাজৰ(Suhas Lalinakere Yathiraj)ৰ স্বৰ্ণ বিজয় অভিযানৰ সমাপ্তি ঘটে ৷ ফ্ৰান্সৰ শীৰ্ষ স্থানপ্ৰাপ্ত Lucas Mazurৰ বিৰুদ্ধে যুঁজ দি নয়ডাৰ জিলা দণ্ডাধীশ(Noida district magistrate) ৩৮ বছৰীয়া সুহাসে ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনে ৷ 62 মিনিটযোৰা উত্তেজনাপূৰ্ণ খেলখনত দুবাৰৰ বিশ্ব চেম্পিয়ন(two-time world champion) Lucas Mazurৰ বিৰুদ্ধে ২১-১৫ ১৭-২১ ১৫-২১ত সুহাস পৰাস্ত হয় ৷

লগতে পঢ়ক :Tokyo Paralympic ত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

Qualifying group Aৰ খেলখনত European Championshipsত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰা Mazurৰ হাতত সুহাস পৰাজিত হয় ৷ কিন্তু বিশ্বৰ এক নম্বৰ প্ৰতিদ্বন্দীগৰাকীক প্ৰত্যাহ্বান জনোৱাৰ বাবে সুহাসে যথেষ্ট চেষ্টা কৰা দেখা গৈছিল ৷ অৱশ্যে পৰাজিত হ'লেও পেৰালিম্পিকত পদক অৰ্জন কৰা প্ৰথমগৰাকী আইএএছ বিষয়া(first-ever IAS officer to win a medal at the Paralympics) হোৱাৰ গৌৰৱ সুহাসে অৰ্জন কৰিছে ৷

বেডমিণ্টনত ভাৰতৰ হৈ তৃতীয়টো পদক জয় কৰাৰ পিছত সুহাছে কয়, "মই যি প্ৰদৰ্শন কৰিলো তাক লৈ মই সুখী ৷ কিন্তু দ্বিতীয়খন খেলত মই খেল সমাপ্ত কৰিব লাগিছিল ৷ খেলখন সমাপ্ত নকৰাৰ বাবে মই কিছু হতাশ হৈছো ৷ কিয়নো দ্বিতীয়খন খেলত মোৰ বাবে এক সুন্দৰ নেতৃত্ব আছিল ৷ কিন্তু, Lucasক অভিনন্দন ৷ যিয়ে ভাল খেলিছে তেওঁ বিজয়ী " ৷

লগতে পঢ়ক :Tokyo paralympics : বেডমিণ্টন খেলুৱৈ কৃষ্ণ নাগৰৰ স্বৰ্ণ জয়

সোণৰ পদকৰ বাবে খেলখনৰ আৰম্ভণিতে সুহাসে সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰিছিল আৰু প্ৰথমটো বিৰতিত ১১-৮ ত আগবাঢ়ি তেওঁ প্ৰতিদ্বন্দীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল ৷ নিজৰ গতি অব্যাহত ৰাখি ভাৰতে দ্বিতীয় খন খেলত ৩-১ত আগবাঢ়ি যায় ৷ অৱশ্যে মাজুৰে পুনৰ নিজৰ স্থিতি সবল কৰে আৰু অন্তিম ১১ পইণ্টৰ ভিতৰত নটা দখল কৰি প্ৰতিযোগিতাখনত পুনৰ নিজৰ আধিপত্য বিস্তাৰ কৰে ৷ খেলখনৰ অন্তিম পৰ্যায়ত সুহাছৰ ফালৰ পৰা কেইবাটাও ভূল হৈছিল যাৰ পৰিপ্ৰেক্ষিতত Mazurএ five match points লাভ কৰিছিল ৷

এগৰাকী কম্পিউটাৰ অভিযন্তা(computer engineer) সুহাস 2020 চনৰে পৰা নয়ডাৰ জিলা দণ্ডাধীশ হিচাপে তেওঁ নিযুক্ত হৈ আছে ৷ সুহাসৰ এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অভিনন্দন জ্ঞাপন কৰি এয়া সেৱা আৰু ক্ৰীড়াৰ এক চমৎকাৰী সংগম হিচাপে অভিহিত কৰিছে ৷

লগতে পঢ়ক :Tokyo Paralympics : অৱনী লেখাৰা আৰু সুমিত এণ্টিললৈ বিশেষ উপহাৰ IndiGo এয়াৰলাইনৰ

ABOUT THE AUTHOR

...view details