ETV Bharat / sports

দিল্লীৰ বিৰুদ্ধে ৭ উইকেটত জয় লাভ কলকাতাৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 7:16 AM IST

IPL 2024
দিল্লীৰ বিৰুদ্ধে ৭ উইকেটত জয় লাভ কলকাতাৰ

IPL 2024 : কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত খেলখনত কলকাতাই দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । কলকাতাৰ অলৰাউণ্ডাৰ ফিলিপ চল্টে সৰ্বাধিক ৬৮ ৰাণ কৰে । বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক ৩ টা উইকেট দখল কৰে ।

স্পৰ্টছ ডেস্ক, ৩০ এপ্ৰিল : ঘৰুৱা খেলপথাৰত পুনৰ এবাৰ কলকাতা নাইট ৰাইডাৰ্ছৰ উন্নত প্ৰদৰ্শন । সোমবাৰে আইপিএলৰ ৪৭ নম্বৰ খেলখনত কলকাতাই দিল্লী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰে । কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ লীগ মেচখনত কলকাতা নাইট ৰাইডাৰ্ছৰ অলৰাউণ্ডাৰ ফিলিপ চল্টে পুনৰ এবাৰ আক্ৰমণাত্মক ইনিংছ খেলে ।

টছত জয়ী হৈ দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পণ্টে প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু কেকেআৰৰ বলাৰসকলৰ সন্মুখত দিল্লী দলটো একপ্ৰকাৰ ধৰাশায়ী হৈ পৰে । যাৰ বাবে দলটোৱে ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৩ ৰাণতে সন্তুষ্ট থাকিবলগীয়া হয় । খেলখনত, দিল্লীৰ বেটছমেনসকল সম্পূৰ্ণৰূপে ফ্লপ হোৱা দেখা যায় ।

দলটোৰ স্পিন বলাৰ কুলদীপ যাদৱে দলটোৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । যাদৱে ২৬ টা বলত ৫ টা চাৰি আৰু ১ টা ছিক্সাৰৰ সহযোগত ৩৪ ৰাণৰ অপৰাজিত ইনিংছ খেলি দলটোক সন্মানজনক স্ক'ৰলৈ লৈ যায় । দিল্লীৰ হৈ পৃথ্বী শ্ব'(১৩), জেক ফ্ৰেজাৰ-মেকগুৰ্ক (১২), অভিষেক পোৰেল (১৮), শ্বাই হোপ (৬), ঋষভ পণ্ট (২৬), ট্ৰিষ্টান ষ্টবছ (৪), অক্ষৰ পেটেল (১৫), কুমাৰ কুশাগ্ৰা (১), ৰশিখ দাৰ ছালাম (৮), লিজাদ উইলিয়ামছ (১) ৰাণহে সংগ্ৰহ কৰে । কেকেআৰৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক ৩ টা উইকেট দখল কৰে, আনহাতে বৈভৱ অৰোৰা আৰু হৰ্ষিত ৰাণাই ২ টাকৈ উইকেট দখল কৰে ।

কেকেআৰৰ হৈ বেটিং কৰিবলৈ অহা অপেনাৰ ফিলিপ চল্টে মাত্ৰ ৩৩ টা বলত ৬৮ ৰাণৰ ধ্বংসাত্মক ইনিংছ খেলে । বিপক্ষৰ আক্ৰমণক পথচ্যুত কৰি টল্টে ৭ টা চাৰি আৰু ৫ টা ছিক্সাৰ কোৱাইছিল । একেদৰে অধিনায়ক শ্ৰেয়স আয়াৰেও অপৰাজিত ৩৩ ৰাণৰ অৱদান আগবঢ়ায় । একে সময়তে, অক্ষৰ পেটেলে দিল্লীৰ হৈ ২ টা উইকেট দখল কৰে । লিজাদ উইলিয়ামছেও ১ টা উইকেট লাভ কৰে । এই খেলখনৰ পিচত কেকেআৰ পইণ্ট তালিকাত দ্বিতীয় স্থানলৈ আগবাঢ়িছে । একদৰে দিল্লী ১০ পইণ্টৰ সৈতে ষষ্ঠ স্থানত আছে ।

লগতে পঢ়ক :T-20 বিশ্বকাপ: কেন উইলিয়ামছনৰ নেতৃত্বত নিউজীলেণ্ডৰ দল ঘোষণা - T20 World Cup 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.