অসম

assam

Donald Trump arrested: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক গ্ৰেপ্তাৰ

By

Published : Jun 14, 2023, 8:41 AM IST

Updated : Jun 14, 2023, 8:47 AM IST

শেহতীয়া প্ৰতিবেদন অনুসৰি, ডনাল্ড ট্ৰাম্পক ফেডাৰেল নথিপত্ৰৰ গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৷ শেহতীয়াকৈ মিয়ামিৰ এখন আদালতত উপস্থিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এই বছৰৰ ৮ জুনত দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷

Donald Trump arrested
Donald Trump arrested

ইণ্টাৰনেশ্যনেল ডেস্ক, 14 জুনঃআমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ শেহতীয়া প্ৰতিবেদন অনুসৰি, ডনাল্ড ট্ৰাম্পক ফেডাৰেল নথিপত্ৰৰ গোচৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে ৷ শেহতীয়াকৈ মিয়ামিৰ এখন আদালতত উপস্থিত হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক এই বছৰৰ ৮ জুনত দাখিল কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷ য'ত তেওঁৰ ওপৰত শ্ৰেণীবদ্ধ নথিপত্ৰৰ অপব্যৱহাৰৰ অভিযোগ আছিল ৷

দ্য নিউয়ৰ্ক টাইমছৰ দ্বাৰা প্ৰকাশিত শেহতীয়া প্ৰতিবেদন অনুসৰি, ডনাল্ড ট্ৰাম্প এনেদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত ফেডাৰেল অপৰাধৰ অভিযোগত অভিযুক্ত হোৱা প্ৰথম ৰাষ্ট্ৰপতি হিচাপে আত্মপ্ৰকাশ কৰিছে ৷ ৰিপাব্লিকান পাৰ্টিৰ প্ৰবীণ নেতাজনে শ্ৰেণীবদ্ধ তথ্যৰ অবৈধ দখল আৰু অপব্যৱহাৰৰ বাবে গুপ্তচৰ বৃত্তি আইনৰ অধীনত অভিযোগৰ সন্মুখীন হৈছে, যাৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক সামৰ্থ্য, বিদেশী নেতাসকলৰ সৈতে সংবেদনশীল যোগাযোগ আদি ৷

ট্রাম্পৰ বিৰুদ্ধে এফবিআইৰ ওচৰত মিছা বিবৃতি দিয়াৰো অভিযোগ উত্থাপন হৈছে । অভিযোগ কৰা হৈছে যে ট্রাম্পৰ ওচৰত অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক কাৰ্যসূচী আৰু আক্রমণৰ ক্ষেত্ৰত সাম্ভাব্য ঘৰুৱা দুৰ্বলতাৰ বিষয়ে তথ্য থকা শ্রেণীবদ্ধ নথিপত্ৰ আছিল । অভিযোগবোৰত এইটোও কোৱা হৈছে যে যেতিয়া চৰকাৰী সংস্থাসমূহে ট্রাম্পৰ পৰা এই নথিসমূহ ঘূৰাই দাবী কৰিছিল, তেওঁ সেইবোৰ ঘূৰাই দিবলৈ অস্বীকাৰ কৰিছিল। দৰাচলতে, তেওঁ তেওঁৰ উকীলৰ সৈতে এই নথিপত্ৰবোৰ তেওঁৰ দখলত ৰখাৰ আইনী সম্ভাৱনাৰ বিষয়ে কথা পাতিছিল। অভিযোগ কৰা কৈছে যে কিছুমান নথিপত্র শৌচালয়ৰ চাৰিওফালে বাকচত সংৰক্ষণ কৰা হৈছিল ।

লগতে পঢ়ক:APCL in USA : চিকাগোত আৰম্ভ আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগ

Last Updated :Jun 14, 2023, 8:47 AM IST

ABOUT THE AUTHOR

...view details