ETV Bharat / international

APCL in USA : চিকাগোত আৰম্ভ আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগ

author img

By

Published : Jun 13, 2023, 8:07 PM IST

এইবাৰ আৰম্ভ হৈছে আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগ ৷ ১১ জুনত আমেৰিকাৰ ছিকাগোত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান ৷ অহা ২০ আগষ্টলৈকে চলিব এই আমেৰিকান প্ৰিমিয়াৰ লীগ ৷

APCL in USA
APCL in USA

নিউজ ডেস্ক, ১৩ জুন : অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৷ কিন্তু এই আইপিএলৰ জ্বৰ এইবাৰ অনুভূত হৈছে সুদূৰ আমেৰিকাত । অৱশ্যে সেয়া আইপিএল নহয়, এপিচিএল । এইবাৰ আৰম্ভ হৈছে আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগ ৷ এই ক্ৰিকেট লীগৰ উদ্বোধনী অনুষ্ঠান যোৱা ১১ জুনত আমেৰিকাৰ ছিকাগোত অনুষ্ঠিত হয় ৷ অৱশ্যে বৰষুণে বিধিপথালি দিয়াৰ বাবে ছ’মবাৰ্গ পাৰ্ক ডিষ্ট্ৰিক চেণ্টাৰ ইনড’ৰ ষ্টেডিয়ামত আয়োজন কৰা হয় এই টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান ৷

ভাৰতৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত এখন প্ৰীতি মেচো অনুষ্ঠিত হয় । তাত অংশগ্ৰহণ কৰে আমেৰিকান আৰক্ষীৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ৷ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শিত হয় ৷ উল্লেখ্য, এইবাৰৰ আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগত অংশগ্ৰহণ কৰিছে মুঠ দহটা দলে । চিকাগো ৰাইডাৰ্ছ, গুজৰাট লায়ন্স, ইলিনইছ থাণ্ডাৰ, শ্বেৰ ইউএছএ ক্ৰিকেটকে ধৰি দহটা দলে এক পেৰেডতো অংশগ্ৰহণ কৰে ৷

আনহাতে, প্ৰথমবাৰৰ বাবে আমেৰিকাৰ মাটিত আৰম্ভ হোৱা APCL-ক লৈ যথেষ্ট আশাবাদী আয়োজকসকল ৷ অহা ২০ আগষ্টলৈকে চলিব এই আমেৰিকান প্ৰিমিয়াৰ লীগ ৷ উল্লেখ্য যে আমেৰিকাত ক্ৰিকেটক জনপ্ৰিয় কৰা আৰু আমেৰিকাৰ বিদ্যালয়-মহাবিদ্যালয়সমূহৰ নৱপ্ৰজন্মক ক্ৰিকেটৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যৰে আৰম্ভ কৰা হৈছে এই ক্ৰিকেট লীগ ৷ বিভিন্ন ব্ৰেণ্ডৰ লগতে এই খেলৰ স্পনছ'ৰ হৈছে অসমৰ দূৱৰি হ’মষ্টে, কেতেকী টী আৰু পৃথিৱী স্পৰ্টছ এণ্ড ইভেণ্টছ । আশা কৰা হৈছে যে আইপিএলৰ দৰেই চমক সৃষ্টি কৰিব আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগেও ৷

উল্লেখ্য যে কেইবাগৰাকীও ভাৰতীয় তথা অসমীয়াৰ উদ্যোগত লোৱা হৈছে এই বিশেষ প্ৰচেষ্টা ৷ APCL-ৰ সভাপতি চুব্বু আয়াৰ, সদস্য লক্ষীন্দ্ৰ শৰ্মা , ICC T20-ৰ কেইবাখনো মেচৰ বিশেষ সমন্বয়ক ডাঃ নিলয় মেহতাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ইতিমধ্যে অনুষ্ঠিত জাৰ্চী মুকলিৰ এক অনুষ্ঠানত উপস্থিত থাকে এই অনুষ্ঠানত ৷ আনহাতে, Russian National Cricket team-ৰ লগতে কেইবাটাও আগশাৰীৰ ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা অসমৰ ক্ৰিকেটাৰ ঋষিৰাজ তালুকদাৰৰ লগতে আমেৰিকান প্ৰিমিয়াৰ ক্ৰিকেট লীগক সাফল্যমণ্ডিত কৰাৰ বাবে বিশেষ পৰামৰ্শ আগবঢ়াইছে অসমৰ ভাস্কৰ দাসে ৷

লগতে পঢ়ক :ICC ODI World Cup 2023 : ভাৰত আৰু পাকিস্তানৰ খেলৰ খচৰা অনুসূচী প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.