অসম

assam

Monkeypox patient dies in Brazil : ব্ৰাজিলত প্ৰথমটো মাঙ্কিপক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু

By

Published : Jul 30, 2022, 10:55 AM IST

Monkeypox patient dies in Brazil
ব্ৰাজিলত প্ৰথমটো মাঙ্কিপক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু

ব্ৰাজিলত প্ৰথমটো মাঙ্কিপক্স সম্পৰ্কীয় মৃত্যুৰ তথ্য পোহৰলৈ আহিছে (Brazil confirms 1st monkeypox related death)। দেশখনৰ স্বাস্থ্য বিভাগে মৃত্যুৰ কথা নিশ্চিত কৰিছে । ৪১ বছৰীয়া লোকজন কৰ্কট ৰোগত আক্ৰান্ত আছিল ।

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জুলাই :ক'ভিডৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বতে মাঙ্কিপক্সৰ আতংক অব্যাহত আছে (Panic over Monkeypox)। বিশ্বৰ ৭০ খনত কৈও অধিক দেশত ইতিমধ্যে মাঙ্কিপক্সৰ ঘটনা পোহৰলৈ আহিছে । বিশ্ব স্বাস্থ্য সংস্থাইও ইতিমধ্যে মাঙ্কিপক্সক লৈ সতৰ্কতা জাৰি কৰিছে । প্ৰতিদিনে নতুন নতুন দেশত ধৰা পৰিছে মাঙ্কিপক্সৰ ঘটনা ।

মাঙ্কিপক্সত আক্ৰান্ত হৈ ইতিমধ্যে কেইবাজনো ৰোগীৰ মৃত্যু হৈছে । এইবাৰ ব্ৰাজিলত মাঙ্কিপক্সত আক্ৰান্ত ৰোগীৰ মৃত্যু (Brazil confirms 1st monkeypox related death)। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মাঙ্কিপক্সত আক্ৰান্ত হৈ দেশখনত প্ৰথমগৰাকী লোকৰ মৃত্যু হৈছে ।

শুকুৰবাৰে দক্ষিণ-পূব মিনাস গেৰাইছ ৰাজ্যৰ ৰাজধানী বেলো হৰিজন্তেত এই ঘটনাৰ খবৰ পোৱা গৈছে (Monkeypox patient dies in Brazil)। মৃত্যু হোৱা লোকগৰাকী ৪১ বছৰীয়া পুৰুষ বুলি জানিব পৰা গৈছে । কৰ্কট ৰোগকে ধৰি অন্যান্য স্বাস্থ্য সম্পৰ্কীয় গুৰুতৰ স্থিতিৰ বাবে চিকিৎসাধীন আছিল লোকজন । কিন্তু মাঙ্কিপক্সৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত লোকজনৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিছিল ।

জানিব পৰা মতে লোকজনক বেলো হৰিজন্তেৰ এখন ৰাজহুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ইফালে মিনাস গেৰাইছৰ ৰাজ্যিক স্বাস্থ্য কৰ্তৃপক্ষই জনোৱা মতে মাঙ্কিপক্সত এতিয়ালৈ ৰাজ্যখনত ৪৪ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ১৩০ গৰাকী সন্দেহজনক ৰোগীৰ নমুনা সংগ্ৰহ কৰা হৈছে । আনহাতে ব্ৰাজিলত বুধবাৰে লৈকে ৯৭৮ গৰাকী লোক মাঙ্কিপক্সত আক্ৰান্ত হৈছে (Monkeypox cases in Brazil)।

উল্লেখ্য যে বিশ্বজুৰি মাঙ্কিপক্সৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে বিশ্ব স্বাস্থ্য সংস্থাইও মাঙ্কিপক্সক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা বুলি ঘোষণা কৰিছে (Monkeypox Global public health emergency) । লগতে বিশ্ববাসীক এই ক্ষেত্ৰত সতৰ্ক হ'বলৈ বিভিন্ন ধৰণৰ আহ্বান জনাইছে ।

বিশেষজ্ঞসকলে মাঙ্কিপক্সক এক বিৰল ভাইৰেল ৰোগ হিচাপে তালিকাভুক্ত কৰিছে । মাঙ্কিপক্সৰ ফলত শৰীৰত ঘা হয় আৰু সংক্ৰমিত ব্যক্তি এজনৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে আন এজনলৈও ই সংক্ৰমিত হয় । সংক্ৰমিত ব্যক্তিয়ে ব্যৱহাৰ কৰা কাপোৰ, টাৱেল বা অন্যান্য সামগ্ৰীৰ ব্যৱহাৰৰ ফলতো মাঙ্কিপক্স সংক্ৰমণ হ'ব পাৰে ।

লগতে পঢ়ক :Monkeypox in India : মাঙ্কিপক্স হ'লে 21 দিনৰ আইচ'লেশ্যচন

ABOUT THE AUTHOR

...view details