অসম

assam

Sushmita Sen: ৭৭খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইউনিভাৰ্ছৰ হোৱা সুস্মিতাই শ্বেয়াৰ কৰিলে এখন ২৯ বছৰ পুৰণি ছবি

By

Published : May 21, 2023, 6:26 PM IST

Sushmita Sen shares throwback picture as she celebrates 29 years of winning Miss Universe

আজিৰ দিনটোতে মিছ ইউনিভাৰ্ছৰ মুকুট পৰিধান কৰিছিল সুস্মিতা সেনে (Miss universe Sushmita Sen) । আজিৰ দিনটোত ভাৰতে প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিছিল । সুস্মিতাই এই দিনটোক নিজৰ জীৱনৰ এক বিশেষ দিন বুলি গণ্য কৰে । ছ’চিয়েল মিডিয়াত নিজৰ এখন থ্ৰ’বেক ছবি শ্বেয়াৰ কৰি আৱেগিক হৈ পৰিল অভিনেত্ৰীগৰাকী ।

চিটাৰা ডেস্ক, 21 মে’:২৯ বছৰ পূৰ্বে ভাৰতৰ হৈ প্ৰথমবাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিছিল সুস্মিতা সেনে (Miss universe Sushmita Sen)। এই ঐতিহাসিক জয়ে সলনি কৰি দিছিল সুস্মিতা সেনৰ জীৱন ৷ আজিও এই ঐতিহাসিক জয়ক লৈ গৌৰৱ অনুভৱ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ শেহতীয়াকৈ এই ঐতিহাসিক জয়ক লৈ সুখ প্ৰকাশ কৰিছে মিছ ইউনিভাৰ্ছগৰাকীয়ে ৷ দেওবাৰে তিনি দশক পুৰণি এখন থ্ৰ’বেক ছবি শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । এই ক্ল’জআপ ফটোখনত সুস্মিতাক কেমেৰালৈ চাই থকা দেখা গৈছে (Sushmita sen 29 yers after winning miss universe) ।

সুস্মিতাই সেই ঐতিহাসিক মুহূৰ্তৰ কথা মনত পেলাই পোষ্টটোৰ কেপচনত লিখিছে, এই ছবিখন ২৯ বছৰ পুৰণি ছবি, কিংবদন্তি ব্যক্তিত্ব তথা ফটোগ্ৰাফাৰ প্ৰবুদ্ধ দাসগুপ্তাই শ্বুট কৰিছিল । এই ছবিখনত তেওঁ এগৰাকী ১৮ বছৰীয়া যুৱতীক সুন্দৰকৈ কেমেৰাত বন্দী কৰিছে । হাঁহি এটা মাৰি দাসগুপ্তাই লগতে কৈছিল, ‘‘আপুনি উপলব্ধি কৰিছে নে, মই শ্বুট কৰা আপুনি প্ৰথম মিছ ইউনিভাৰ্ছ ।’’ ‘‘মই গৌৰৱেৰে ক’লোঁ যে, সঁচাকৈয়ে এয়া ভাৰতৰ প্ৰথম মিছ ইউনিভাৰ্ছ’’ সুস্মিতাই কয় (Sushmita sen shares throwback picture) ।

২৯ বছৰৰ পাচতো এই কথা মনত পেলাই আবেগিক হৈ পৰিল অভিনেত্ৰীগৰাকী

অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘‘ইমান ডাঙৰ মঞ্চত মোৰ মাতৃভূমিক প্ৰতিনিধিত্ব কৰি জয়ী হোৱাটো এটা ডাঙৰ সন্মান, ২৯ বছৰৰ পাচতো এই কথা মনত পৰিলে মোৰ চকুত আনন্দৰ চকুলো ওলায় । এই দিনটো মই অতি গৌৰৱেৰে মনত পেলাইছো, কাৰণ ইতিহাস সাক্ষী যে ভাৰতে প্ৰথমবাৰৰ বাবে ১৯৯৪ চনৰ ২১ মে’ত মেনিলা ফিলিপাইনছত মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰিছিল ।’’ অৱশেষত তেওঁ লিখিলে, ‘‘মৰম, ভালপোৱা আৰু সুন্দৰ বাৰ্তাৰ বাবে ধন্যবাদ । এই কথা সদায় স্মৰণীয় হৈ থাকিব ।’’

এই প্ৰশ্নৰ উত্তৰ দি মিছ ইউনিভাৰ্ছ হৈছিল সুস্মিতা

১৯৯৪ চনত বিশ্বৰ ৭৭খন দেশৰ প্ৰতিযোগীক হৰুৱাই সুস্মিতা সেনে মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিছিল । সেই বছৰতে ঐশ্বৰ্য ৰায় বচ্চনে মিছ ৱৰ্ল্ডৰ খিতাপ দখল কৰিছিল (Sushmita pens heartfelt message) । মিছ ইউনিভাৰ্ছৰ সময়ত সুস্মিতাক সোধা হৈছিল, যদি আপুনি যিকোনো ঐতিহাসিক পৰিঘটনা সলনি কৰিব পাৰে, তেন্তে কি সলনি কৰিব আপুনি ? ইয়াৰ উত্তৰত সুস্মিতাক কৈছিল, ‘‘ইন্দিৰা গান্ধীৰ মৃত্যু ।’’ তেওঁৰ উত্তৰে শ্ব’টোৰ বিচাৰকসকলক আপ্লুত কৰিছিল আৰু তাৰ পিচত তেওঁ মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিছিল (29 years of winning miss universe) ।

লগতে পঢ়ক :Sushmita Sen : আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দিৱসত তৃতীয় লিংগৰ বিষয়ে সুস্মিতা সেনে ক’লে এই ডাঙৰ কথা

ABOUT THE AUTHOR

...view details