ETV Bharat / entertainment

শীঘ্ৰেই মনোৰঞ্জনৰ খোৰাক লৈ আহি আছে এইসমূহ বলীউড ছবি তথা ৱেব-ছিৰিজ - Upcoming Bollywood Movies

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 5:19 PM IST

upcoming Bollywood movies and web series in May 2024 checklist here
শীঘ্ৰেই মনোৰঞ্জনৰ খোৰাক লৈ আহি আছে এইসমূহ বলীউড ছবি তথা ৱেব-ছিৰিজ

Upcoming Bollywood Movies: মে' মাহৰ বাবে মাজত মাথো দুদিন বাকী আৰু এনে পৰিস্থিতিত শীঘ্ৰেই মনোৰঞ্জনৰ খোৰাক লৈ আহি আছে কেইখনমান বলীউড ছবি তথা ৱেব-ছিৰিজ । তেন্তে অপেক্ষা কিহৰ জানো আহক আগন্তুক মুক্তি পাবলগীয়া এনে কেইখনমান ছবি আৰু ৱেব-ছিৰিজৰ বিষয়ে-

চিটাৰা ডেস্ক, 29 এপ্ৰিল: গ্ৰীষ্মকালীন ছুটী চলি আছে আৰু মনোৰঞ্জনৰ কাম পূৰ্ণগতিত চলি আছে ৷ এনে পৰিস্থিতিত আমি আপোনালোকৰ বাবে লৈ আহিছো মে’ মাহত মুক্তি পাবলগীয়া সেই ছবি আৰু ৱেব-ছিৰিজ যিবোৰে আপোনাৰ গ্ৰীষ্মকালীন ছুটীক আৰু অধিক উৎসাহপূৰ্ণ কৰি তুলিব ৷ তেন্তে অপেক্ষা কিহৰ ! জানো আহক আগন্তুক মুক্তি পাবলগীয়া এনে কেইখনমান ছবি আৰু ৱেব-ছিৰিজৰ বিষয়ে-

হীৰামণ্ডি-দ্য ডাইমণ্ড বাজাৰ

প্ৰথমেই আমি আপোনালোকক জনাইছো হিট পৰিচালক সঞ্জয় লীলা ভান্সালীৰ ধাৰাবাহিক হীৰামণ্ডি - দ্য ডাইমণ্ড বাজাৰৰ বিষয়ে, যিখন ১ মে’ত নেটফ্লিক্সত প্ৰচাৰ হ’ব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

প্যাৰ কে দো নাম

একে সময়তে প্ৰেম-ৰোমান্টিক ছবিৰ প্ৰেমীসকলৰ বাবে বলিউডৰ দুটা নতুন মুখক লৈ ছবি প্যাৰ কে দো নাম ছবিখন ৩ মে’ত মুক্তি লাভ কৰিছে ৷ ভৱ্য সচদেৱ আৰু অংকিতা সাহু অভিনীত ছবিখনৰ পৰিচালনা কৰিছে দনিশ জাভেদে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

টিপ্সী

শেহতীয়াকৈ নব্বৈৰ দশকৰ বিখ্যাত অভিনেতা দীপক তিজোৰী, অলংকৃতা সহায়, নতাশা সুৰী, কাইনাত অৰোৰা, নাজিয়া হুছেইন, ছোনিয়া বিৰ্জে, হৰজিন্দৰ সিং, মনদ্বীপ কৌৰ সন্ধু আৰু ডেনিছ ভাট অভিনীত ছবি টিপ্সীৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷ দীপক তিজোৰীয়ে পৰিচালনা কৰা এই ছবিখন অহা ১০ মে’ত ছবিগৃহত মুক্তি পাব ৷

  • " class="align-text-top noRightClick twitterSection" data="">

শ্ৰীকান্ত

সত্য কাহিনী আধাৰিত জীৱনীমূলক ছবি শ্ৰীকান্তও আহি আছে মে’ মাহত ৷ এই ছবিখনত ‘ষ্ট্ৰী’ ফেম অভিনেতা ৰাজকুমাৰ ৰাৱে বাস্তৱ জীৱনৰ অন্ধ উদ্যোগপতি শ্ৰীকান্ত বল্লাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছে ৷ অহা ১০ মে’ত মুক্তি পাব ছবিখন ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মিষ্টাৰ আৰু মিচেছ মাহী

কৰণ জোহৰৰ প্ৰযোজনা মিষ্টাৰ এণ্ড মিচেছ মাহী ছবিখনো মে’ মাহত মুক্তি পাব ৷ টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত ৰাজকুমাৰ ৰাও আৰু জাহ্নৱী কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷ ছবিখনৰ পৰিচালনা কৰিছে শৰণ শৰ্মাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ভাইয়া জী

উজ্জ্বল অভিনয়ৰ পৰিচয় দি মনোজ বাজপেয়ীৰ নাট্য ছবি ভইয়া জীও মে’ মাহত মুক্তি পাবলৈ সাজু হৈছে ৷ অপূৰ্ব সিং কাৰ্কীয়ে পৰিচালনা কৰা এই ছবিখন অহা ২৪ মে’ত চিনেমাগৃহত মুক্তি পাবলৈ ওলাইছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: সুখে-দুখে ৮ টা বছৰ পাৰ কৰিলে বিপাশা-কৰণে - Bipasha Karan Wedding Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.