Sushmita Sen : আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দিৱসত তৃতীয় লিংগৰ বিষয়ে সুস্মিতা সেনে ক’লে এই ডাঙৰ কথা

author img

By

Published : Mar 31, 2023, 9:28 PM IST

Sushmita Sen bats for inclusivity and equal world on International Transgender Day of Visibility

‘আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দৃশ্যমানতা দিৱসত তৃতীয় লিংগক উৎসাহিত কৰাৰ বাবে বলীউডৰ সুন্দৰী অভিনেত্ৰী সুস্মিতা সেনে শ্বেয়াৰ কৰিছে এটা ভিডিঅ’ । সুস্মিতাক অনুৰাগীয়ে দেখা পাব তেওঁৰ ধাৰাবাহিক ‘তালি’ত, য’ত অভিনেত্ৰীগৰাকীক এগৰাকী তৃতীয় লিংগৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব ৷

চিটাৰা ডেস্ক, 31 মাৰ্চ: শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে বলীউডৰ মোহময়ী অভিনেত্ৰী সুস্মিতা সেন । কেতিয়াবা যদি স্বাস্থ্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে, আন কেতিয়াবা আকৌ আগন্তুক ধাৰাবাহিক ‘তালি’ৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত ৩১ মাৰ্চত অৰ্থাৎ আজি আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দৃশ্যমানতা দিৱসত অভিনেত্ৰীগৰাকীৰ ধাৰাবাহিক ‘তালি’ৰ সৈতে জড়িত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ছ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টো শ্বেয়াৰ কৰি সমাজত তৃতীয় লিংগৰ সৈতে হোৱা ভেদভাৱক লৈ এক সামাজিক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে অভিনেত্ৰীগৰাকীয়ে ।

আন্তঃৰাষ্ট্ৰীয় তৃতীয় লিংগ দৃশ্যমানতা দিৱস প্ৰতি বছৰে ৩১ মাৰ্চত পালন কৰা হয় (International Transgender Day of Visibility)। এই বিশেষ দিনটোত তৃতীয় লিংগসকলৰ অধিকাৰ আৰু তেওঁলোকে সন্মুখীন হোৱা অন্যায় আৰু বৈষম্যৰ বিষয়ে আলোচনা কৰা হয় (Sushmita sen taali) ।

হাত চাপৰি কিয় বজোৱা হয় ?

‘আন্তঃৰাষ্ট্ৰীয় ট্ৰেন্সজেণ্ডাৰ ডে অৱ ভিজিবিলিটি’ উপলক্ষে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে অভিনেত্ৰী সুস্মিতা সেনে । এই ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক দেখা গৈছে সমাজকৰ্মী তথা তৃতীয় লিংগৰ কৰ্মী শ্ৰীগৌৰী সাৱন্তৰ সৈতে । ভিডিঅ’টোৰ আৰম্ভণিতে গৌৰীয়ে হাত চাপৰি বজাই কয়, ‘কিউ বাজতি হে তালি ? মাত্ৰ কেইটামান টকা বিচাৰিবলৈ ? আপোনাৰ মনোযোগ আকৰ্ষণ কৰিবলৈ ? খং উলিয়াবলৈ? নে আঁঠু লুকুৱাবলৈ ? এই কাৰণেই নেকি হাত চাপৰি বজোৱা চলি থাকিব ?

এই ক্ষেত্ৰত এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰে সুস্মিতা সেনে

ইয়াৰ পিচত অভিনেত্ৰী সুস্মিতা সেনৰ প্ৰৱেশ হয় ভিডিঅ’টোত ৷ গৌৰীৰ এই প্ৰশ্নবোৰৰ উত্তৰ দি সুস্মিতা কয়, "নহয়.... এতিয়া হাত চাপৰি বজোৱা হ’ব আত্মবিশ্বাস দিবলৈ, নতুন পৰিচয় বনাবলৈ, হাত চাপৰিৰ শব্দত আকাশ বতাহ কঁপি উঠিব, দুটা হৃদয় সংযোগ কৰিবলৈও তালি বজোৱা হ’ব, এই বিশ্ব তৃতীয় লিংগ দিৱসত, এটা হাত চাপৰি সেইসকলৰ বাবে যি সকলে হাত চাপৰি বজাইছিল তেওঁলোকে এতিয়া হাত চাপৰি বজাব, প্ৰেম, শান্তি, সুখৰ প্ৰয়োজন হৈছে পৃথিৱীক ।

তালি ধাৰাবাহিকখনৰ বিষয়ে জানি লওক

সুস্মিতা সেনক অতি সোনকালে তৃতীয় লিংগ সমাজকৰ্মী শ্ৰী গৌৰী সাৱন্তৰ বায়’পিকত তেওঁৰ চৰিত্ৰত দেখা পোৱা যাব (Shreegauri Sawant biopic) । শেহতীয়াকৈ সুস্মিতা সেনে এই ধাৰাবাহিকখনৰ ডাবিঙৰ প্ৰমোৰ কাম সম্পূৰ্ণ কৰিছে । এই ধাৰাবাহিকখন পৰিচালনা কৰিছে ৰবি জাধৱে (Sushmita in Shreegauri Sawant biopic) ।

লগতে পঢ়ক: Sushmita Sen as transgender: ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট গৌৰী সাৱন্তৰ ভূমিকাত সুস্মিতা সেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.