ETV Bharat / entertainment

Sushmita Sen as transgender: ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট গৌৰী সাৱন্তৰ ভূমিকাত সুস্মিতা সেন

author img

By

Published : Oct 6, 2022, 5:15 PM IST

Sushmita Sen
ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট গৌৰী সাৱন্তৰ ভূমিকাত সুস্মিতা সেন

বলীউড তাৰকা সুস্মিতা সেনে বৃহস্পতিবাৰে তেওঁৰ আহিবলগীয়া ৱেব চিৰিজৰ পৰা তেওঁৰ প্ৰথম লুকটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে ৷ চিৰিজটোত তেওঁ ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট গৌৰী সাৱন্তৰ চৰিত্ৰ ৰূপায়ন কৰিব (Sushmita Sen as transgender activist Gauri Sawant )। "তালি" শীৰ্ষক জীৱনীমূলক নাটকখন নিৰ্মাণ কৰি উলিয়াইছে অৰ্জুন সিংঘ বাৰান আৰু কাৰ্তক ডি নিশান্দৰে ।

চিটাৰা ডেস্ক, 6 অক্টোবৰ : সুস্মিতা সেনে বৃহস্পতিবাৰে তেওঁৰ নতুন আহিবলগীয়া চিৰিজটোৰ পৰা তেওঁৰ লুকটো অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে ৷ এই চিৰিজটোত এগৰাকী ট্ৰেন্সজেণ্ডাৰ হিচাপে অভিনয় কৰিছে সুস্মিতা সেনে ৷ "Taali" শীৰ্ষক এইখন এখন জীৱনীমূলক নাটক, য’ত সুস্মিতাই এক্টিভিষ্ট গৌৰী সাৱন্তৰ চৰিত্ৰ ৰূপায়ন কৰিব (Sushmita Sen as transgender activist Gauri Sawant ) ।

সমালোচকে প্ৰশংসা কৰা চিৰিজ "Aarya"ৰ জৰিয়তে ডিজিটেল প্লেটফৰ্মত অভিষেক ঘটোৱা সেনে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰে সৈতে নতুন চিৰিজৰ প্ৰথম লুকটো শ্বেয়াৰ কৰে । ফটোখনত 46 বছৰীয়া অভিনেত্ৰী গৰাকীক কেমেৰাৰ সন্মুখত এক উগ্ৰ আৰু সাহসী প’জত ট্ৰেন্সজেণ্ডাৰ এক্টিভিষ্ট গৌৰী সাৱন্তৰ চৰিত্ৰত দেখা গৈছে । সেনে কয় যে এই ধাৰাবাহিকখনে কিন্নৰ কৰ্মীগৰাকীৰ “সংগ্ৰাম, স্থিতিস্থাপকতা আৰু অদম্য শক্তিৰ কাহিনী” দৰ্শকৰ ওচৰলৈ লৈ যাব ।

"প্ৰত্যাহ্বানৰে ভৰি থকা এই জীৱন যাত্ৰাটো কঢ়িয়াই আনিব পৰাটোত মই গৌৰৱান্বিত আৰু কৃতজ্ঞ ৷ কেৱল বিপ্লৱৰ সাক্ষী হৈ ৰ’লো ! বহুত কাৰণত এইটো বিশেষ আৰু মই Viacom18 ৰ সৈতে জড়িত হ’বলৈ যথেষ্ট উৎসাহী হৈ আছো", প্ৰাক্তন মিছ ইউনিভাৰ্ছ গৰাকীয়ে এটা সাক্ষাৎকাৰত এই বক্তব্য আগবঢ়াই ৷

গণেশ হিচাপে জন্ম গ্ৰহণ কৰা আৰু পুনেত ডাঙৰ দীঘল হোৱা সাৱন্ত 2013 চনত দাখিল কৰা ৰাষ্ট্ৰীয় আইনী সেৱা প্ৰাধিকৰণৰ ( National Legal Services Authority, NALSA) অন্যতম আবেদনকাৰী আছিল, য'ত উচ্চতম ন্যায়ালয়ে 2014 চনত চূড়ান্ত ৰায়ৰ সৈতে ট্ৰেন্সজেণ্ডাৰক তৃতীয় লিংগ হিচাপে স্বীকৃতি দিছিল ।

"Taali" য়ে সাৱন্তৰ গুৰুত্বপূৰ্ণ জীৱনৰ ওপৰত আলোকপাত কৰিব ৷ শৈশৱৰ পৰা আৰম্ভ কৰি তেওঁৰ পৰিৱৰ্তন, ভাৰতত ট্ৰেন্সজেণ্ডাৰ আন্দোলনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা তেওঁৰ অৱদানলৈকে সকলো দিশ ই সামৰি লৈছে । ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা ৰবি যাদৱৰ দ্বাৰা পৰিচালিত এই চিৰিজটোটো অৰ্জুন সিংঘ বাৰান, কাৰ্তক ডি নিশান্দাৰ আৰু আফিফা নাদিয়াদৱালাই প্ৰযোজনা কৰিছে ।

লগতে পঢ়ক : ছাজিদ খানকলৈ বিগবছৰ নিৰ্মাতাসকলৰ ওপৰত ক্ষোভ উজাৰিলে উৰ্ফী জাভেদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.