ETV Bharat / entertainment

আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱসত এনেদৰে কঁকাল ভাঙি নাচিলে এইসকল তাৰকাই - International Dance Day 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 5:21 PM IST

International Dance Day 2024  From Shahid Kapoor to Jackky Bhagnani celebs wish fans Dancing Day
আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱসত এনেদৰে কঁকাল ভাঙি নাচিলে এইসকল তাৰকাই

International Dance Day 2024: আজি ২৯ এপ্ৰিলত সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস ২০২৪ উদযাপন কৰা হৈছে । এই উপলক্ষে বলীউডৰ এই তাৰকাসকলে অনুৰাগীসকলক নিজৰ নিজৰ ষ্টাইলত শুভেচ্ছা জনাইছে ।

চিটাৰা ডেস্ক, 29 এপ্ৰিল: আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস প্ৰতি বছৰে ২৯ এপ্ৰিল তাৰিখে পালন কৰা হয়, অৰ্থাৎ আজি আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস ৷ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস উদযাপনৰ উদ্দেশ্য হৈছে জনসাধাৰণ মাজত নৃত্যৰ কলা প্ৰচাৰ কৰা ৷ নৃত্য যাদুকৰ জৰ্জ নোভেৰৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস পালন কৰা হয় ৷ ১৯৮২ চনত আৰম্ভ কৰা হৈছিল ৷ জৰ্জ আছিল ন’ভেৰৰ এজন বিখ্যাত বেলেট নৃত্যশিল্পী ৷

১৭২৭ চনৰ ২৯ এপ্ৰিলত জৰ্জ নোভেৰেৰ মৃত্যু হয় ৷ সেয়ে তেওঁৰ স্মৃতিত ১৯৮২ চনত আন্তঃৰাষ্ট্ৰীয় নাট্য প্ৰতিষ্ঠানে এই নৃত্যশিল্পীগৰাকীক সোঁৱৰি তেতিয়াৰ পৰা আজিলৈকে জৰ্জ নোভেৰৰ স্মৃতিত আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস হিচাপে পালন কৰা হৈছে ৷ এই উপলক্ষে নৃত্য অভিনেতা শ্বাহিদ কাপুৰকে ধৰি বহু বলীউডৰ তাৰকাই আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱসত অনুৰাগীক অভিনন্দন জ্ঞাপন কৰিছে ৷

এই উপলক্ষে শ্বাহিদ কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টতৰ জৰিয়তে তেওঁৰ নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীসকলক অভিনন্দন জনাইছে ৷ এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত অভিনেতাগৰাকীয়ে লিখিছে, ‘ফিট অন দ্য বিট...হ্যেশটেগ আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱস’ ৷ এই ভিডিঅ'টোত শ্বাহিদ কাপুৰে চুটি চুলিৰে নিজৰ ষ্টাইলৰ শ্বেগত নৃত্য কৰা দেখা গৈছে ৷

একে সময়তে অভিনেতা তথা প্ৰযোজক জেকী ভগনানীয়েও তেওঁৰ নৃত্যৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক তেওঁৰ বিভিন্ন ছবিত নৃত্য কৰা দৃশ্যসমূহ দেখা গৈছে ৷ এই ক্লিপটোত জেকিয়ে পত্নী ৰাকুলৰ সৈতে নাচি আছে, যিটো তেওঁলোকৰ বিবাহৰ এটা মুহূৰ্ত ৷ এই ভিডিঅ'টো শ্বেয়াৰ কৰি জেকিয়ে লিখিছে, জীৱনটো এটা নৃত্য মঞ্চ, গতিকে আপোনাৰ প্ৰিয় গীতটো বজাওক আৰু তাৰ পিছত নৃত্য কৰক.. আন্তৰ্জাতিক নৃত্য দিৱস ৷

ইফালে, অভিনেত্ৰী ৰাকুল প্ৰীতেও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁ নৃত্য কৰা ভিডিঅ’ৰ জৰিয়তে সকলোকে আন্তঃৰাষ্ট্ৰীয় নৃত্য দিৱসৰ শুভকামনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: সুখে-দুখে ৮ টা বছৰ পাৰ কৰিলে বিপাশা-কৰণে - Bipasha Karan Wedding Anniversary

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.